চিম্‌টা বা চিম্প্‌টা (ইংৰাজী: Chimta) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পাৰম্পৰিক ভাৰতীয় তালাশ্ৰয়ী ঘনবাদ্য। এই লোকবাদ্য বিধৰ নামৰ আক্ষৰিক অৰ্থ হৈছে চেপেনা। সময়ৰ লগে লগে ইয়াত সৰু পিতলৰ তাল জাতীয় স্থায়ী সংযোজনৰ দ্বাৰা দক্ষিণ এছিয়াৰ পৰম্পৰাগত এই বাদ্যবিধ বিকশিত হৈছে। এই বাদ্যবিধ প্ৰায়ে জনপ্ৰিয় পঞ্জাবী লোকগীত, ভাংৰা সংগীত আৰু শিখ ধৰ্মীয় সংগীতত ব্যৱহাৰ কৰা হয়। গুৰবাণী কীৰ্তন আৰু অন্যান্য হিন্দুধৰ্মৰ কীৰ্তন অনুষ্ঠানতো ইয়াক ব্যৱহাৰ কৰা হয়।

চিম্‌টা
তালাশ্ৰয়ী বাদ্য
আন নাম চিম্প্‌টা
শ্ৰেণী ভাৰতীয় তালাশ্ৰয়ী ঘনবাদ্য
আনুষঙ্গিক বাদ্য
তাল
বাদ্যযন্ত্ৰী
আলম লোহাৰ, অৰিফ লোহাৰ, কমল হিৰ

চিম্‌টা বজোৱা বাদক গৰাকীয়ে ইয়াৰ গাঁঠিটো এটা হাতত ধৰি চিম্‌টাৰ দুয়োফালে একেলগে আঘাত কৰি শব্দ প্ৰস্তুত কৰে। সৰু সৰু তালবোৰ ধাতুৰে নিৰ্মিত। ই এক উচ্চ ধাতৱীয় শব্দ প্ৰস্তুত কৰে আৰু গীতৰ তাল বৰ্তাই ৰখাত সহায় কৰে।[1] ভাংৰা সংগীতত বা বিবাহত ইয়াক প্ৰায়ে ঢোল আৰু ভাংৰা নৃত্যশিল্পীসকলৰ সৈতে বজোৱা হয়।

নিৰ্মাণ আৰু ডিজাইন

সম্পাদনা কৰক

চিম্‌টা ধাতুৰে তৈয়াৰ কৰা হয়। এডাল দীঘল, সমতল দুয়োমূৰ জোঙা ষ্টীল বা লোৰ মাৰি মাজত ভাঁজ কৰা হয়। ভাঁজৰ ওচৰত এটা ধাতুৰ আঙুঠি সংলগ্ন কৰা হয় আৰু নিয়মীয়া ব্যৱধানত কাষত তালসমূহ বা ৰিং সংলগ্ন থাকে। ইয়াত কেতিয়াবা সাতযোৰ সৰু সৰু তাল থাকে। তালবোৰ তললৈ গতি কৰি টিং টিং শব্দ প্ৰস্তুত কৰা হয়। গ্ৰাম্য উৎসৱত ডাঙৰ তালযুক্ত চিম্‌টা ব্যৱহাৰ কৰা হয় আনহাতে সৰু তালযুক্ত থকা বোৰ প্ৰায়ে ভাংৰা নৃত্যশিল্পী আৰু পৰম্পৰাগত ভাৰতীয় গীতৰ গায়কসকলৰ সৈতে অনুষঙ্গ হিচাপে ব্যৱহাৰ কৰা হয়।[2]

চিম্‌টাক পাৰম্পৰিক ভাবে যোগী, ফকীৰ আৰু সাধু-সন্ত সকলে ব্যৱহাৰ কৰি আহিছে। ভজন, কীৰ্তন বা আন ভক্তিমূলক গীতৰ তাল ধৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। পাতল হোৱাৰ বাবে ইয়াক সহজে কঢ়িয়াই ফুৰিব পাৰি। আদিবাসী সংগীততো ইয়াৰ ব্যৱহাৰ পৰিলক্ষিত। শিখ ধৰ্মৰ নগৰ কীৰ্তন আৰু গুৰবাণীত ইয়াক বহুল ভাৱে ব্যৱহাৰ কৰা হয়। পঞ্জাবী লোকসংগীত যেনে ভাংৰাৰ ই অন্যতম মুখ্য বাদ্য।

সন্ন্যাসীসকলে বাদ্য হিচাপে ব্যৱহাৰ হোৱাৰ লগতে ইয়াক আঙঠা ধৰিবলৈ চেপেনা হিচাপেও ব্যৱহাৰ কৰে। ইয়াৰ লগতে ইয়াক অস্ত্ৰ হিচাপেও ব্যৱহাৰৰ কৰা উল্লেখ পোৱা যায়।[3]

উল্লেখযোগ্য বাদ্যযন্ত্ৰী

সম্পাদনা কৰক

স্বৰ্গীয় আলম লোহাৰ এই বাদ্যবিধ বজোৱাৰ বাবে আৰু ইয়াক বিশ্বব্যাপী দৰ্শকৰ সৈতে পৰিচয় কৰাৰ বাবে বিখ্যাত।[4] বৰ্তমান কমল হিৰ আৰু আৰিফ লোহাৰৰ দৰে সংগীতজ্ঞসকলে এই বাদ্যবিধ বজায়।[5] ইয়াক "মামৰ লগা টেম্বুৰিন তৰোৱাল" বুলিও কোৱা হয়। বৰ্তমান ইয়াক পৰীক্ষামূলক ৰক বেণ্ড 'হিচ নেইম ইজ এলাইভ'ৰ সদস্যসকলে শেহতীয়া প্ৰদৰ্শনৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

  1. "Maps Of India". http://www.mapsofindia.com/himachal-pradesh/musical-instruments/chimta.html। আহৰণ কৰা হৈছে: 27 September 2011. 
  2. "Maps of India". http://www.mapsofindia.com/himachal-pradesh/musical-instruments/chimta.html। আহৰণ কৰা হৈছে: 27 September 2011. 
  3. "Chimta - Bhakti Musical Instrument" (en ভাষাত). krishnamall.com. Archived from the original on 2022-01-17. https://web.archive.org/web/20220117044820/http://krishnamall.com/index.php/2019/05/05/chimta-bhakti-musical-instrument/। আহৰণ কৰা হৈছে: ৩ মাৰ্চ ২০২১. 
  4. Taneja, Shailaja Tripathi (8 November 2008). "A balladeer's journey". The Hindu (newspaper). http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/A-balladeerrsquos-journey/article15392984.ece. "In 1965 folk musician Alam Lohar came up with the genre of Jugni – songs about woman who travels from one place to another having interesting experiences." 
  5. Liz Hands (25 August 2003). "Anniversary Mela sets a new record". The Journal. "One of yesterday's highlights was singer Arif Lohar, son of the legendary Imran Khan, who flew in from Saudia Arabia."