বাদ্য (সংস্কৃত: वाद्य) সংগীতৰ তিনিটা উপাদানৰ ভিতৰত এটা অন্যতম উপাদান। ভাৰতীয় সংগীত পৰম্পৰাত বাদ্য বুলিলে "যন্ত্ৰ সংগীত"ক বুজায়।[1][5][6] সংগীতৰ আন দুটা উপাদান হৈছে গীত (কণ্ঠ সংগীত) আৰু নৃত্য (নাচ)।[1][7][4] সাধাৰণ অৰ্থত বাদ্যৰ অৰ্থ হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক সৰঞ্জাম আৰু ইয়াৰ দ্বাৰা উৎপন্ন হোৱা বা বজোৱা শব্দ বা বৈশিষ্ট্যপূৰ্ণ সাংগীতিক ধ্বনি।[8][9]

Veena
Flute
Cymbals
Pushkala Nagara drums
বাদ্য বুলিলে এক প্ৰকাৰৰ যন্ত্ৰ আৰু ইয়াৰ পৰা সৃষ্টি হোৱা ধ্বনিক বুজায়।[1][2] নাট্য শাস্ত্ৰত বৰ্ণনা কৰা চাৰি প্ৰকাৰৰ বাদ্যৰ উদাহৰণ।[3][4]

ভাৰতীয় সংগীতবিদ্যা

সম্পাদনা কৰক

"সংগীত, শব্দ কৰা, বজোৱা, উচ্চাৰণ কৰা" অৰ্থত বাদ্য শব্দটো বৈদিক সাহিত্য যেনে ঐতৰেয় ব্ৰাহ্মণ, আৰু বৈদিক যুগৰ আৰম্ভণিৰ সংস্কৃত গ্ৰন্থ যেনে নাট্য শাস্ত্ৰ, পঞ্চতন্ত্ৰ, মালৱিকাগ্নিমিত্ৰ, আৰু কথাসৰিৎসাগৰ আদিত পোৱা যায়।[5] এই গ্ৰন্থসমূহত সংগীতজ্ঞ বা বাদ্যযন্ত্ৰীক বাদ্যধৰ বুলি উল্লেখ কৰা হৈছে।[5] জৈমিনিয় ব্ৰাহ্মণ আৰু ঐতৰেয় আৰণ্যকত এবিধ তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ সমানুপাতিক দৈৰ্ঘ্যৰ বৰ্ণনা কৰা হৈছে আৰু কাব্যিক মাপনীৰে তুলনা কৰা হৈছে।[10] ১৭ শতিকাৰ গ্ৰন্থ সংগীত দৰ্পণত সংগীত (সংগীত কলা)ৰ সংজ্ঞা দিয়া হৈছে যে "গীতম বাদ্যম তথা নৃতম ত্ৰয়ন সঙ্গীতা মুচ্যতে", অৰ্থাৎ সংগীত হৈছে গীত (কণ্ঠ সংগীত), বাদ্য (যন্ত্ৰ সংগীত), আৰু নৃত্যৰ (নাচ) সন্মিলন।[11]

বাদ্যযন্ত্ৰৰ শ্ৰেণীবিভাজন

সম্পাদনা কৰক

সংস্কৃত সাহিত্যত চাৰি প্ৰকাৰৰ বাদ্যৰ বৰ্ণনা কৰা হৈছে:[4][6][12]

  • তন্তু বা তত: তাঁৰযুক্ত বাদ্যযন্ত্ৰ (দোতাৰা)
  • সুষিৰ: ফুটা থকা বাদ্যযন্ত্ৰ (বাঁহী)
  • ঘন: ধাতু আদিৰ দ্বাৰা নিৰ্মিত কঠিন বাদ্যযন্ত্ৰ (তাল)
  • অৱনদ্ধ: আবৃত বাদ্যযন্ত্ৰ (নাগাৰা)

সমবেত সংগীত আৰু সুৰ বাহিনী

সম্পাদনা কৰক

সংগীতশিৰোমণি গ্ৰন্থৰ ১৪ নং অধ্যায়ত সংগীতজ্ঞসকলে বাদ্যযন্ত্ৰীসকলৰ সহযোগত সামূহিকভাৱে পৰিবেশন কৰা সংগীতৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু এনে সমবেত সুৰ বাহিনীক কুতাপা বুলি কোৱা হৈছে।[13]

সাংস্কৃতিক বিনিময়

সম্পাদনা কৰক

চীন আৰু জাপানী পৰম্পৰাৰ সুখাৱতীব্যূহ নামৰ প্ৰভাৱশালী বৌদ্ধ সংস্কৃত গ্ৰন্থতো বাদ্য শব্দটো পোৱা যায়, যাক লুইছ গোমেজে "বাদ্যযন্ত্ৰৰ সংগীত" বুলি অনুবাদ কৰে।[14]

হিন্দু-জাভানী সংগীত পৰম্পৰাত বাদ্যক বদিত্ৰ বুলিও কোৱা হয়।[7] ৰজাৰ ব্লেঞ্চৰ মতে, বেছিভাগ পণ্ডিতে ৱালিহা (মাদাগাস্কাৰৰ টিউব জিথাৰ নামৰ এবিধ বাদ্যযন্ত্ৰৰ প্ৰকাৰ) শব্দটো সংস্কৃত শব্দ বাদ্যৰ পৰা উদ্ভৱ হোৱা বুলি গণ্য কৰে, যিয়ে ভাৰত মহাসাগৰৰ বুকুৱেদি হোৱা সাংস্কৃতিক বিনিময়ৰ সময়ছোৱাক প্ৰতিফলিত কৰে।[15]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 Lewis Rowell (2015). Music and Musical Thought in Early India. University of Chicago Press. পৃষ্ঠা. 13. ISBN 978-0-226-73034-9. https://books.google.com/books?id=h5_UCgAAQBAJ. 
  2. Bigamudre Chaitanya Deva (1995). Indian Music. Taylor & Francis. পৃষ্ঠা. 95–96. ISBN 978-81-224-0730-3. https://books.google.com/books?id=z-XKAfoa8WMC. 
  3. Rachel Van M. Baumer; James R. Brandon (1993). Sanskrit Drama in Performance. Motilal Banarsidass. পৃষ্ঠা. 117–118. ISBN 978-81-208-0772-3. https://books.google.com/books?id=Ix-RShGgZUAC. 
  4. 4.0 4.1 4.2 Alison Arnold; Bruno Nettl (2000). The Garland Encyclopedia of World Music: South Asia : the Indian subcontinent. Taylor & Francis. পৃষ্ঠা. 19–20. ISBN 978-0-8240-4946-1. https://books.google.com/books?id=ZOlNv8MAXIEC&pg=PA321. 
  5. 5.0 5.1 5.2 Monier Monier-Williams, Sanskrit-English Dictionary with Etymology, Oxford University Press, page 940
  6. 6.0 6.1 Dilip Ranjan Barthakur (2003). The Music and Musical Instruments of North Eastern India. Mittal Publications. পৃষ্ঠা. 3–4. ISBN 978-81-7099-881-5. https://books.google.com/books?id=oP4vH-4oSEcC. 
  7. 7.0 7.1 Jaap Kunst (2013). Hindu-Javanese Musical Instruments. Springer Science. পৃষ্ঠা. 88 with footnote 26. ISBN 978-94-011-9185-2. https://books.google.com/books?id=ytLoCAAAQBAJ&pg=PA88. 
  8. Lewis Rowell (2015). Music and Musical Thought in Early India. University of Chicago Press. পৃষ্ঠা. 113–114. ISBN 978-0-226-73034-9. https://books.google.com/books?id=h5_UCgAAQBAJ. 
  9. Mandakranta Bose (2012). Movement and Mimesis: The Idea of Dance in the Sanskritic Tradition. Springer Science. পৃষ্ঠা. 57. ISBN 978-94-011-3594-8. https://books.google.com/books?id=JS_pCAAAQBAJ. 
  10. Emmie te Nijenhuis (1992). Saṅgītaśiromaṇi: A Medieval Handbook of Indian Music. BRILL Academic. পৃষ্ঠা. 12–14. ISBN 90-04-09498-9. https://books.google.com/books?id=kGzESuCeK-sC. 
  11. Dona, Lasanthi Manaranjanie Kalinga (2012). "On the Therapeutic Aspects of Indian Classical Music". Musik-, Tanz- und Kunsttherapie (Hogrefe Publishing) খণ্ড 23 (1): 8–14. doi:10.1026/0933-6885/a000069. 
  12. Bonnie C. Wade (1987). Music in India: The Classical Traditions. Riverdale Company. পৃষ্ঠা. 88. ISBN 978-0-913215-25-8. https://books.google.com/books?id=3zRLAAAAYAAJ. 
  13. Emmie Te Nijenhuis (1992). Saṅgītaśiromaṇi: A Medieval Handbook of Indian Music. BRILL Academic. পৃষ্ঠা. 524–525. ISBN 90-04-09498-9. https://books.google.com/books?id=kGzESuCeK-sC. 
  14. Luis Gómez (1996), The Land of Bliss: Sanskrit and Chinese Versions of the Sukhāvatīvyūha Sutras, University of Hawaii Press, আই.এচ.বি.এন. 978-0-8248-1760-2, page 72 (verse 28.23)
  15. Roger Blench (2014), Using Diverse Sources of Evidence for Reconstructing the Past History of Musical Exchanges in the Indian Ocean, African Archaeological Review, Volume 31, Issue 4 (December), pp 675–703