চিলনীৰ জীয়েকৰ সাধু

অসমীয়া সাধুকথা

চিলনীৰ জীয়েকৰ সাধু অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা অসমীয়া লোককথাৰ সংকলন বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট কৰা হৈছে। এই সাধুটোত প্ৰকৃত মাতৃয়ে গিৰিয়েকৰ ভয়ত ছোৱালী হোৱাৰ বাবেই পৰিত্যাগ কৰা কন্যা সন্তানক তুলি-তালি ডাঙৰ-দীঘল কৰা এজনী ছোৱালীৰ কাহিনী কোৱা হৈছে।[1]

চিলনীৰ জীয়েকৰ সাধু
চিলনীৰ জীয়েকৰ কাল্পনিক চিত্ৰ
সাধু কথা
নাম: চিলনীৰ জীয়েকৰ সাধু
তথ্য
অঞ্চল: অসম, ভাৰত
প্ৰকাশ: বুঢ়ী আইৰ সাধু (লক্ষ্মীনাথ বেজবৰুৱা)

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

এজন কুমাৰৰ ল'ৰা সন্তান নাছিল। কুমাৰণী পুনৰ সন্তান-সম্ভৱা হোৱাত তেওঁ‌ ভাবুকি দিলে যে এইবাৰো কন্যা সন্তান হ'লে তেওঁ‌ কুমাৰণীক নগাক বেচি দিব। সেইবাৰো কন্যা সন্তানেই ওপজাত ভয়তে কুমাৰণীয়ে কন্যাটিক চৰু এটাত ভৰাই নৈত উটুৱাই দিলে। এটা ধোবাই চৰুটো পাই ঢাকোন দাঙি চাওঁ‌তেই চিলনী এজনীয়ে সন্তানটি থাপ মাৰি নিজৰ বাহলৈ লৈ গ'ল। মৰম ওপজি চিলনীয়ে বাহতেই ছোৱালীজনী ডাঙৰ-দীঘল কৰিলে। যৌৱন প্ৰাপ্তিৰ পিছত এবাৰ সদাগৰ এজনৰ সৈতে দেখাদেখি হোৱাত চিলনীয়ে তেওঁ‌ৰ সৈতে তোলনীয়া জীয়েকক বিয়া দিলে। সদাগৰৰ আগৰেপৰা সাতগৰাকী পত্নী আছিল। ৰূপৱতী চিলনীৰ জীয়েকক দেখি ঈৰ্ষান্বিত হৈ সাতগৰাকী সতিনীয়ে তেওঁ‌ক বিভিন্ন প্ৰকাৰে লঘু-লাঞ্ছনা কৰিবলৈ চেষ্টা কৰিলে। ঘৰুৱা কাম-কাজত অপঁ‌ইতা হোৱাৰ বাবে সতিনীয়েকহঁ‌তে শলঠেকত পেলাবলৈ চেষ্টা কৰিলেও প্ৰতিবাৰেই বিপদৰ সময়ত চিলনীক জীয়েকে মাতে আৰু চিলনী আহি দিহা-বুদ্ধি দি জীয়েকক উদ্ধাৰ কৰে। এবাৰ সতিনীহঁ‌তে বুদ্ধি কৰি চিলনীজনী মাৰি পুতি থ'লে। তেনেতে এবাৰ সদাগৰ বণিজলৈ যোৱাত চিলনীৰ জীয়েকক সতিনীয়েকহঁ‌তে মুদৈ এজনক বেচিলে। মুদৈয়ে তেওঁ‌ক নি শুকান মাছ ৰখাৰ কামত লগালে। চিলনীৰ জীয়েকে মাছ ৰখি থাকোঁতে নিজৰ জীৱনৰ দুখ-দুৰ্দশাৰ কথাৰে গীত জুৰি থাকে। এনেতে এদিন সদাগৰে বণিজৰ পৰা আহি থাকোঁতে চিলনীৰ জীয়েকক দেখা পাই গোটেই ঘটনাটো গম পালে আৰু তেওঁ‌ক পেৰা এটাৰ ভিতৰত লুকুৱাই ঘৰলৈ লৈ আহিল। ঘৰলৈ আহি নিজৰ ঘৈণীকেইগৰাকীক চিলনীৰ জীয়েকৰ কথা সুধোঁতে তেওঁ‌লোকে মাকৰ ঘৰলৈ যোৱা বুলি আসৈ মাতিলে। সদাগৰে তেতিয়া জেং-জাবৰেৰে পূৰ্ণ গাঁ‌ত এটাৰ ওপৰত এৱাঁসূতা বান্ধি তাৰ ওপৰেৰে পাৰ হৈ নিজৰ সততাৰ প্ৰমাণ দিবলৈ ক'লে। তেনেকৈ ছজনী ঘৈণী গাঁতত পৰি মৰিল। সপ্তম ঘৈণীজনীয়ে চিলনীৰ জীয়েকক মুদৈক বেচাৰ কথা একো নাজানিছিল। সেয়ে তেওঁ‌ বাচিল। ইয়াৰ পিছত দুয়ো ঘৈণীক লৈ সদাগৰে সুখে-সন্তোষে খাই-বৈ থাকিল।[1]

সামাজিক ব্যৱস্থাৰ চিত্ৰণ

সম্পাদনা কৰক

চিলনীৰ জীয়েকৰ সাধুত মধ্যযুগীয় অসমীয়া সমাজত নাৰীৰ স্থান আৰু ভূমিকা চিত্ৰিত হৈছে। সদাগৰ সম্পদশালী আৰু প্ৰতিপত্তিশালী হোৱাৰ বাবে তেওঁ‌ৰ সাতগৰাকী পত্নী হোৱাতো সেইসময়ৰ সাধাৰণ কথা আছিল। বহুবিবাহৰ প্ৰথাই সতিনীসকলৰ মাজত বিদ্বেষৰ ভাব আনি দিছিল আৰু সেয়ে যিগৰাকী পত্নী গিৰিহঁ‌তৰ আদৰৰ তেওঁ‌ক গিৰিহঁ‌তৰ অনুপস্থিতিত ছল-বল-কৌশলেৰে নানাধৰণৰ অপকাৰ কৰা হৈছিল। চিলনীৰ জীয়েক সদাগৰৰ আদৰৰ হোৱাৰ বাবে সতিনীয়েকহঁ‌তে তেওঁ‌ক সদাগৰৰ অনুপস্থিতিত প্ৰসাধন সামগ্ৰীৰ বিনিময়ত এজন ডোমক বেচিছিল। সেই সময়ত বিবাহ আদি সংক্ৰান্তত নাৰীগৰাকীৰ মতামত লোৱাৰ নিয়ম নাছিল। সেয়েহে আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে সাতগৰাকী পত্নীৰ স্বামী সদাগৰলৈ তোলনীয়া জীয়েকক চিলনীয়ে বিয়া দিছিল।[2]

দৃশ্য-শ্ৰাৱ্য অভিযোজন

সম্পাদনা কৰক

চিলনীৰ জীয়েকৰ সাধুৰ আধাৰত ২০০৪ চনত গৌতম বৰুৱাৰ পৰিচালনাত একেই নামৰ এখন ভিচিডি নিৰ্মাণ কৰা হৈছিল। ইয়াত বৰষাৰাণী বিষয়া, ভগৱৎ প্ৰীতম, আশা বৰদলৈ আদি শিল্পীয়ে অভিনয় কৰিছিল।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক