লক্ষ্মীনাথ বেজবৰুৱা

অসমীয়া লেখক

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

লক্ষ্মীনাথ বেজবৰুৱা
জন্ম ১৮৬৪, ১৪ অক্টোবৰ
আহঁতগুৰি
মৃত্যু ১৯৩৮, ২৬ মাৰ্চ
ডিব্ৰুগড়
পেছা গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা কলা স্নাতক
সময় ১৮৬৪-১৯৩৮
উল্লেখনীয় কৰ্মৰাজি মোৰ জীৱন সোঁৱৰণ
শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
উল্লেখযোগ্য বঁটা অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন),
অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন)
দাম্পত্যসংগী প্ৰজ্ঞাসুন্দৰী দেৱী

জন্মসম্পাদনা কৰক

লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল। ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁওৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল। সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল। সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা। গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল। দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ ধৰি গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে। এই সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী দেখাৰ আগতেই জুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ 'মোৰ জীৱন সোঁৱৰণ' ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল। তেওঁ উল্লেখ কৰা চনটো হ'ল ১৮৬৮ খৃষ্টাব্দ, নৱেম্বৰ মাহ। আনহাতে তেওঁ নিজকে সেইবাবে "ভূমিষ্ঠ নহৈ নৌকাস্থ হলোঁ" বুলিহে উল্লেখ কৰিছে।[1]

বৰ্তমান অসম সাহিত্য সভাই তেওঁৰ জন্ম চন ১৮৬৪ চনৰ ১৪ অক্টোবৰ বুলি নিশ্চিত কৰিছে।[2] আনহাতে বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডত প্ৰকাশিত দিনলিপিত তেওঁ ১৯৩২ চনৰ ১৩ অক্টোবৰ বৃহস্পতিবাৰৰ দিনলিপিত “My birthday, fed Senapatis etc.” বুলি উল্লেখ কৰিছে।[3] এই ফালৰ পৰা বেজবৰুৱাৰ জন্ম তাৰিখ ১৩ অক্টোবৰ বুলিও অনুমান কৰিব পাৰি।

শিক্ষাসম্পাদনা কৰক

বেজবৰুৱাই দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে প্ৰথম অৱস্থাত তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়ীভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ১৮৮৬ খ্ৰীষ্টাব্দ ত এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰে। এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰাৰ পিছতে বেজবৰুৱাই উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল। প্ৰথম অৱস্থাতে কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে। দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে দোধোৰ মোধোৰ অৱস্থাত থকাৰ কাৰণে তেওঁৰ নাম লগোৱাত পলম হয়। ফলত আন ছাত্ৰতকৈ তেওঁ শ্ৰেণীত পিছ পৰি যাব লগা হৈছিল। অধ্যাপকে দিয়া ক্লাছৰ লেক্‌চাৰবোৰ একোকে বুজিব নোৱাৰি তেওঁৰ মন নৈৰাশ্যৰে ভৰি পৰিছিল। এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহিল। কিন্তু শেষত পুনৰ কলিকতালৈ গৈ কলেজ ষ্ট্ৰীটৰ এটা ছাত্ৰাৱাসত থাকি চিটি কলেজত পঢ়া-শুনা কৰে। ১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেমব্লি কলেজৰ পৰা বেজবৰুৱাই বি-এ পাছ কৰে। এজন ওখ খাপৰ উকিল হোৱাৰ ইচ্ছাৰে তেওঁ পুনৰ ৰিপন কলেজত আইন পঢ়িবলৈ আৰম্ভ কৰিছিল। লগতে প্ৰেছিডেন্সি কলেজত এম-এ শ্ৰেণীতো নাম লগাইছিল। কিন্তু শেষত বেজবৰুৱা জীৱনৰ পাকচক্ৰত পৰি আইন পৰীক্ষা (বি.এল) আৰু একে সময়তে চলি থকা এম.এ পৰীক্ষা দুয়োটাতে উত্তীৰ্ণ হ’ব পৰা নাছিল। ইয়াতেই বেজবৰুৱাৰ শিক্ষা জীৱনৰ অন্ত পৰে আৰু জীৱনত উকীল নহও বুলি দৃঢ় সংকল্প গ্ৰহণ কৰে।[4]

বৈবাহিক জীৱনসম্পাদনা কৰক

বি.এ পাছ কৰাৰ ঠিক পাচতেই ১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথৰ বিবাহপাশত আৱদ্ধ হয়।[5] চাৰিগৰাকী কন্যাৰ জন্ম হৈছিল।

কৰ্ম-জীৱনসম্পাদনা কৰক

বেজবৰুৱাই আইন আৰু এম.এ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে ইংৰাজ চৰকাৰে তেওক মুন্সিফ্ পদ যাচিছিল যদিও প্ৰত্যাখ্যান কৰি দিছিল। কিছুবছৰ পিছত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী প্ৰতিষ্ঠান ‘বৰুৱা-ফুকন-ব্ৰাদাৰ্স’ৰ মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত সাক্ষাৎ হয়। সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল। লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ কাৰবাৰ আৰম্ভ কৰে। পিছলৈ ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসায়ৰ বাবে সম্বলপুৰত থাকিবলৈ লয়।[6]

মৃত্যুসম্পাদনা কৰক

বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে। ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড়[7] চহৰত থকা জী-জোৱাইৰ ঘৰত বেজবৰুৱাৰ মৃত্যু হয়।[8]

সাহিত্যিক জীৱনসম্পাদনা কৰক

বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে। এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে।[9] ইয়াৰ পিছত তেওঁ নিৰবচ্ছিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়। 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে। বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল। বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা, ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল।

বেজবৰুৱাৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।

আত্ম-জীৱনী আৰু জীৱনীসম্পাদনা কৰক

চিন্তাশীল ৰচনাসম্পাদনা কৰক

সম্পাদকীয় কাৰ্য্যসম্পাদনা কৰক

  • বাঁহী

উপন্যাসসম্পাদনা কৰক

গল্প পুথিসম্পাদনা কৰক

সাধুকথা আৰু শিশু সাহিত্যসম্পাদনা কৰক

  1. মেকুৰীৰ জীয়েকৰ সাধু
  2. বান্দৰ আৰু শিয়াল
  3. ঔ-কুঁৱৰী
  4. ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
  5. এজনী মালিনী আৰু এজোপাৰ ফুল
  6. বুধিয়ক শিয়াল
  7. বাঘ আৰু কেঁকোৰা
  8. তেজীমলা
  9. বুঢ়া-বুঢ়ী আৰু শিয়াল
  10. দীঘল ঠেঙীয়া

  1. গঙ্গাটোপ
  2. নুমলীয়া পো
  3. সৰবজান
  4. এটা শিঙৰা মাছৰ কথা
  5. এটা বলী মানুহ
  6. চিলনী জীয়েকৰ সাধু
  7. তুলা আৰু তেজা
  8. কটা যোৱা নাক,খাৰণী দি ঢাক
  9. তীখৰ আৰু চুটিবাই
  10. চম্পাৱতী

  1. জৰদগৱ ৰজাৰ উপাখ্যান
  2. পানেশৈ
  3. জোঁৱাইৰ সাধু
  4. কুকুৰীকণা
  5. ভেকুলীৰ সাধু
  6. তাৱৈয়েকৰ সাধু
  7. লটকন
  8. লখিমী তিৰোতা
  9. দুই বুধিয়ক
  10. কাঞ্চনী

বৈষয়িক গদ্যসম্পাদনা কৰক

  • বাখৰ
  • কামত কৃতিত্ব লভিবৰ সংকেত

নাটকসম্পাদনা কৰক

ধেমেলীয়া নাটক (প্ৰহসন)

  • লিতিকাই
  • নোমল
  • পাচনি
  • চিকৰপতি নিকৰপতি

নাটৰ কুকি

বুৰঞ্জীমূলক নাটক

ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনাসম্পাদনা কৰক

  • কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
  • কৃপাবৰ বৰুৱাৰ ওভতনি
  • বৰবৰুৱাৰ বুলনি
  • বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
  • বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
  • বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
  • বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
  • কৃপাবৰ বৰুৱাৰ সামৰণি

অনুবাদসম্পাদনা কৰক

  • ভাৰতবৰ্ষৰ বুৰঞ্জী

অন্যান্যসম্পাদনা কৰক

  • অসমীয়া ভাষা আৰু সাহিত্য
  • পত্ৰলেখা
  • কাঁহুদী আৰু খাৰলি
  • সম্পাদকৰ চ'ৰা

সন্মানসম্পাদনা কৰক

 
বেজবৰুৱাৰ নামত থকা ডাক টিকট

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা-৯-১১
  2. অসমীয়া প্ৰতিদিন, ২৭ অক্টোবৰ, ২০০৭
  3. বেজবৰুৱা গ্ৰন্থাৱলী, তৃতীয় খণ্ড, সাহিত্য প্ৰকাশন, পৃষ্ঠা-২৯৩০
  4. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ আত্মজীৱনীঁ
  5. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ আত্মজীৱনী, পৃষ্ঠা-১১৬, ১২৪
  6. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা
  7. অসমীয়া প্ৰতিদিন, প্ৰবন্ধ- সাহিত্যৰথী : ভাষা সাহিত্যই যাৰ ব্ৰহ্মাস্ত্ৰ, লেখক- লক্ষ্মীনাথ তামোলী, তাৰিখ- ২৬-০৩-১৩ (ইং), পৃষ্ঠা-৪
  8. লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, প্ৰবন্ধ- বেজবৰুৱাৰ জীৱন-আলেখ্য, লেখক- নৱকান্ত বৰুৱা, পৃষ্ঠা-১
  9. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা- ৯০, ৯২, ৯৩
  10. 10.0 10.1 Amaresh Datta (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃষ্ঠা. 273–. ISBN 978-81-260-1803-1. http://books.google.com/books?id=ObFCT5_taSgC&pg=PA273। আহৰণ কৰা হৈছে: 28 November 2012. 
  11. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

আৰু চাওকসম্পাদনা কৰক

প্ৰসঙ্গ পুথিসম্পাদনা কৰক

  • সাহিত্যৰথী, ড॰ প্ৰফুল্ল কটকী, জ্যোতি প্ৰকাশ, ২০০৬
  • মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, বাণী মন্দিৰ, ২০০৬
  • লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, ১৯৬৪