চিলাপথাৰ

অসমৰ এখন ব্যৱসায়িক নগৰ

চিলাপথাৰ (ইংৰাজী: Silapathar) অসমধেমাজি জিলাত অৱস্থিত এখন ব্যস্ত ব্যৱসায়িক নগৰ। ধেমাজিৰ পাছতে চিলাপথাৰ চহৰৰখন ধেমাজি জিলাৰ প্ৰধান ঠাই।ই অসমৰ প্ৰধান নদ ব্ৰহ্মপুত্ৰৰ পৰা উত্তৰ দিশে প্ৰায় ১৬ কিমি আঁতৰত অৱস্থিত।চিলাপথাৰ পৌৰসভা এখন আছে। চহৰখনৰ কেন্দ্ৰৰ পৰা অসম অৰুণাচলৰ সীমান্তত অৱস্থিত লিকাবালি নগৰলৈ প্ৰায় ৭ কি.মি. দূৰত্ব। গুৱাহাটীৰ পৰা কলিয়া ভোমোৰা হৈ প্ৰায় ৮০০ কি.মি. দূৰত্বৰ বাট। ধেমাজি জিলাৰ সদৰ ঠাই ধেমাজিৰ পৰা প্ৰায় ৩৫ কি.মি আৰু জিলাখনৰ আন এখন প্ৰধান ঠাই জোনাইৰ পৰা চিলাপথাৰৰ দূৰত্ব প্ৰায় ৭০ কি.মি.।

চিলাপথাৰ
—  নগৰ  —
চিলাপথাৰ is located in Assam
চিলাপথাৰ
ভাৰতঅসমত চিলাপথাৰৰ অৱস্থান
ভৌগোলিক স্থানাংক: 27°35′43″N 94°43′12″E / 27.59528°N 94.72°E / 27.59528; 94.72স্থানাংক: 27°35′43″N 94°43′12″E / 27.59528°N 94.72°E / 27.59528; 94.72
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ধেমাজি
জনসংখ্যা (২০০১)
 - মুঠ ২২,৩০৭ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
Telephone code 03753

জনসংখ্যা সম্পাদনা কৰক

২০০১ চনৰ ভাৰতীয় জন গণনা অনুসৰি চিলাপথাৰৰ জনসংখ্যা ২২,৩০৭জন। জনসাধাৰণৰ প্ৰধান ভাষা অসমীয়া, জনজাতীয় মিছিং তথা দেউৰী আৰু বঙালী।

যাতায়ত ব্যৱস্থা সম্পাদনা কৰক

চিলাপথাৰলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা পোনপটীয়া যাতায়তৰ ব্যৱস্থা আছে। অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ পৰা চৰকাৰী আৰু বেচৰকাৰী দিবা-নৈশ যাত্ৰীবাহী বাছৰ সুচল ব্যৱস্থা আছে। গুৱাহাটীৰ পৰা বাছেৰে চিলাপথাৰলৈ প্ৰায় ১৪ৰ পৰা ১৬ ঘণ্টা সময়ৰ বাট। ৫২ নং ৰাষ্ট্ৰীয় পথেৰে চিলাপথাৰবাসী দেশবাসীৰ লগত সংযুক্ত হৈ আছে। ডিব্ৰুগড়লৈ বগীবিল দলঙেৰে সংযুক্ত হৈছে। চিলাপথাৰৰ মাজেৰে অৰুণাচলৰ আলং, ডাপৰিজো, বাচাৰ আদি ঠাইলৈ যাব লগা হয়। জোনাই, পাছিঘাট আদি অঞ্চললৈ চিলাপথাৰৰ পৰা পোনপটীয়া যাতায়তৰ ব্যৱস্থা আছে। দেশৰ অন্য প্ৰান্তৰ লগত ৰেল যোগাযোগৰ ব্যৱস্থা আছে । চিলাপথাৰৰ পৰা আকাশী পথেৰে যাব বিছাৰিলে সমীপবৰ্তী লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰ আৰু ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰ সুবিধা আছে।

 
চিলাপথাৰ বাছ আস্থান
 
বগীবিল - কাৰেংবালি পাৰঘাট নৌকাসেৱা
 
হোটেল ন'ভা, চিলাপথাৰ

শিক্ষা সম্পাদনা কৰক

চিলাপথাৰৰ শৈক্ষিক ক্ষেত্ৰখন শিক্ষাৰ সুস্থিৰ বাতাৱৰণৰ মাজেৰে পৰিচালিত। প্ৰাক-প্ৰাথমিক ৰ পৰা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান চিলাপথাৰত আছে। লেখত ল'বলগীয়া শিক্ষানুষ্ঠান কেইখন মানৰ নাম তলত দিয়া হৈছে।

 
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়
 
চিলাপথাৰ মহাবিদ্যালয়

* নিন্ম আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানঃ

  1. চিলাপথাৰ নগৰ প্ৰাথমিক বিদ্যালয়
  2. খনামুখ প্ৰাথমিক বিদ্যালয়
  3. ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়, মাধ্যমঃ অসমীয়া, ঠিকনাঃ ভৈৰৱপুৰ, স্থাপিতঃ ১৯৭৫

* উচ্চ-মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানঃ

  1. চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়
  2. শংকৰদেৱ শিশু নিকেতন, চিলাপথাৰ
  3. চিলাপথাৰ নগৰ মজলীয়া বিদ্যালয়
  4. ডনবস্কো হাইস্কুল চিলাপথাৰ
  5. চিলাপথাৰ পাব্লিক ইংলিছ স্কুল

* উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানঃ

  1. চিলাপথাৰ মহাবিদ্যালয়
  2. চিলাপথাৰ কনিষ্ঠ মহাবিদ্যালয়
  3. চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়
  4. চিলাপথাৰ পূৰ্বাঞ্চল কলেজ।
  5. চিলাপথাৰ টাউন কলেজ।

চিলাপথাৰৰ উল্লেখযোগ্য ব্যক্তি সম্পাদনা কৰক

  • ড৹ বসন্ত কুমাৰ দ'লে
  • বলোৰাম চাংমাই
  • মোহন লাল হেমানী
  • মৌচম গগৈ
  • তৰাৱতী বড়ী,

চিলাপথাৰ অঞ্চলৰ গাঁওসমূহ সম্পাদনা কৰক

 
চিলাপথাৰ আৰক্ষী থানা

চিলাপথাৰ অঞ্চলৰ গাঁওসমূহ হৈছে খনামূখ,চিচিবৰগাঁও বামগাঁও, অমৃতপুৰ, মিলন নগৰ, জ্যোতি নগৰ, গান্ধীনগৰ, পালপট্টী, কল্যাণ পুৰ, জোনাকী নগৰ, কাৰপুম্‌ পুলি, কুলামোৱা, কেন্দুগুৰি, ন-গাঁও, মেছু কছাৰি, মেছু, নলনিপাম, মাজগাঁও, সমবায়, বৰপথাৰ, নতুন গাঁও, নতুন মিছিং গাঁও, ফুলবাৰী, ছোচাইটি, অকাজান, বৰমূৰীয়া, বালিজান, বেতনিপাম, বাৰুৱতী, জৰী গুৰি, চিলাগাঁও, চিলাবালি, চিলাগুটুং, কললুৱা, শলখনি, সৰুপাম, মাদুৰিপথাৰ, সেউজী নগৰ, লাচিত নগৰ, লেচাই নগৰ, ভৈৰৱপুৰ, জলকীয়া সূঁতি, বালি গাঁও, বিজয়পুৰ আদি।

উল্লেখনীয় ঠাই সম্পাদনা কৰক

মালিনী থান সম্পাদনা কৰক

 
মালিনী থান
 
পুৰাতাত্বিক বিভাগৰ ফলক

ই এখন শক্তিপীঠ।চিলাপথাৰৰ পৰা উত্তৰ দিশে প্ৰায় ৭ কি.মি দূৰত্বত অৱস্থিত লিকাবলি নামৰ সৰু নগৰখনৰ পূৱ দিশৰ পাহাৰৰ ওপৰত মালিনী থান অৱস্থিত।শক্তিপীঠ কামাখ্যাৰ দৰেই এই থান খনিৰ মহত্ব আছে । থান খনিৰ নামনিৰ মুকলি প্ৰাঙ্গণত প্ৰতিবছৰে মালিনী মেলা অনুস্থিত হয় অসমীয়া চ'ত মাহত। থান খনিত শ্ৰীশ্ৰীদূৰ্গা দেৱীৰ বাসন্তী পূজা অনুস্থিত হয়। কোণাৰকৰ বিখ্যাৎ সাতটা ঘোঁৰাই টনা ৰথৰে সৈতে সূৰ্য্যদেৱতাৰ মূৰ্তিৰ অবিকল সাদৃশ্যৰ মূৰ্তি মালিনী থানত আছে। পূৰাতত্ব বিভাগে জৰীপ চলাই মন্দিৰটোৰ আশে পাশে প্ৰাচীন কালৰ বহু আপৰুগীয়া ভাষ্কৰ্য্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ৰক্মিণী মন্দিৰ সম্পাদনা কৰক

এই থান খনি মালিনী থানৰ পৰা পাহাৰৰ ওপৰলৈ অৱস্থিত। থান খনিৰ ঐতিহাসিক মহত্ব আছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত বৰ্তমান এই থানখনিয়ে মহত্ব হেৰুওৱাৰ এক পৰিস্থিতিত উপনীত হৈছেগৈ।ৰক্মিণী মন্দিৰৰ পৰা ভৈয়ামৰ মনোমোহা দৃশ্য পৰিলক্ষিত হয়।

শ্ৰীশ্ৰীতাম্ৰেশ্বৰী আই থান সম্পাদনা কৰক

এইখনি থান চিলাপথাৰৰ পৰা উত্তৰ দিশে অৱস্থিত।

গাইনদীৰ মুখ(লিকাবালি) সম্পাদনা কৰক

এই অঞ্চলৰ পাকৃতিক পৰিৱেশ অতি মনোমোহা। দুশাৰী পৰ্বতৰ মাজে মাজে গাইনৈ খনে লয়লাস ভংগীৰে আকাশী গংগাৰ পৰা বৈ আহি অতিকে মনচুই যোৱা মনোমোহা দৃশ্যৰ অৱতাৰণা কৰিছে। বছৰি ডিচেম্বৰ আৰু জানুৱাৰী মাহত শ শ বনভোজৰ দলৰ লোকৰ আগমনে অঞ্চলটি প্ৰাণৱন্ত কৰি ৰাখে। পাহাৰীয়া নদীখন পাহাৰীয়া মাছৰ ৰূপালী চিকমিকনিৰে জিলিকি থাকে।

তথ্যসূত্ৰ সম্পাদনা কৰক