চিহ্ন লিপি (ইংৰাজী: Proto Writing) হৈছে লেখন পদ্ধতি বা লিপিৰ আৱিষ্কাৰৰ পূৰ্বে মানুহে ব্যৱহাৰ কৰা সাঙ্কেতিক চিহ্ন। লিপি সদৃশ কিন্তু পূৰ্ণাৱয়ব লিপি হিচাপে শ্ৰেণীবিভাগ কৰিব নোৱাৰা এই সাঙ্কেতিক চিহ্নসমূহৰ বিকাশ ঘটি খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ আগভাগত ইউৰেছিয়াত প্ৰাৰম্ভিক লেখন পদ্ধতিৰ উন্মেষ ঘটে। নৱ্য প্ৰস্তৰ যুগতেই চিহ্ন লিপিৰ ইতিহাস আৰম্ভ হৈছিল। ই প্ৰায় খ্ৰীষ্টপূৰ্ব ৭ম সহস্ৰাব্দ পুৰণি।

কাছৰ চলঙত অংকিত ৬০০০ খ্ৰীষ্টপূৰ্বৰ চিহ্ন[1]

নৱ্য প্ৰস্তৰ যুগ

সম্পাদনা কৰক

২০০৩ চনত উত্তৰ চীনৰ জিয়াহোত থকা নৱ্য প্ৰস্তৰ যুগৰ ২৪ টা গুহাত খ্ৰী:পূ: ৭ম সহস্ৰাব্দ পুৰণি কাছৰ চলঙ আৱিষ্কৃত হয়। কিছুসংখ্যক পুৰাতত্ত্ববিদৰ মতে এই চলঙসমূহত অংকিত সাঙ্কেতিক চিহ্নসমূহৰ সৈতে খ্ৰী:পূ: ২য় সহস্ৰাব্দ পুৰণি অ’ৰেকল হাড়ৰ লিপিৰ মিল আছে।[2] আনহাতে একাংশৰ মতে এই চিহ্নসমূহ সৰল জ্যামিতিক নক্সাহে মাথোন আৰু ইয়াক প্ৰত্নতাত্ত্বিক লিপিৰে ৰিজাব নোৱাৰি।[3]

 
৪৫০০ খ্ৰী:পূ:ৰ মাটিৰ তাবিজ, টাৰ্টাৰিয়া টেবলেটসমূহৰ অন্যতম

ভিনকা চিহ্নসমূহ (Vinča symbol) (খ্ৰী:পূ: ৬ষ্ঠৰ পৰা খ্ৰী:পূ: ৫ম সহস্ৰাব্দ, বৰ্তমানৰ ছাৰ্বিয়া) সৰল চিহ্নসমূহৰ ক্ৰমান্বয়ে উত্তৰণ ঘটি পোৱা এক অৱস্থা।[4]

খ্ৰী:পূ: ৬ষ্ঠ সহস্ৰাব্দৰ ডিচপিলিঅ’ টেবলেটসমূহো প্ৰায় একেধৰণৰ। প্ৰাচীন প্ৰাচ্যৰ (ইজিপ্টীয়, সুমেৰীয় আৰু চেতন) আলংকৰিক লিপিবোৰে এনে চিহ্নসমূহৰ পৰাই ৰূপ লয় যদিও এই প্ৰক্ৰিয়াটোৰ সঠিক কাল ঠাৱৰ কৰিব পৰা হোৱা নাই।

তাম্ৰ যুগ আৰু ব্ৰঞ্জ যুগৰ আৰম্ভণি

সম্পাদনা কৰক

চিহ্ন লিপিৰ পৰা পূৰ্ণাংগ লিপিলৈ যি পৰিক্ৰমা সেয়া খ্ৰী:পূ: ৪ৰ্থ সহস্ৰাব্দৰ শেষভাগৰ পৰা খ্ৰী:পূ: ৩য় সহস্ৰাব্দৰ প্ৰথমভাগৰ ভিতৰত সংঘটিত হৈছিল।

খ্ৰী:পূ: ৪ৰ্থ সহস্ৰাব্দৰ শেষভাগলৈ এই চিহ্ন ব্যৱস্থাই হিচাপ ৰখা এক পদ্ধতিৰ ৰূপ লৈছিল।

ইজিপ্টীয় আলংকৰিক লিপিসমূহৰ পৰিক্ৰমাতো এনে বিকাশ ঘটিছিল। কিছুসংখ্যক পণ্ডিতৰ মতে ইজিপ্টীয় আলংকৰিক লিপিসমূহ সুমেৰীয় লিপিসমূহৰ কিছুকালৰ পিছতে সৃষ্টি হৈছিল।[5][6]

ব্ৰঞ্জ যুগ

সম্পাদনা কৰক

ব্ৰঞ্জ যুগৰ সভ্যতাসমূহৰ মাজত পূৰ্ণাংগ লেখন পদ্ধতি প্ৰচলিত আছিল। চীনত চিহ্ন লিপিসমূহৰ পৰা ১৪০০-১১০০ খ্ৰী:পূ:ত চীনা লিপিৰ জন্ম হয়।

 
Typical "সিন্ধু লিপি" সম্বলিত ছীল মোহৰ

খ্ৰী:পূ: ৩য় সহস্ৰাব্দত বিৰাজমান সিন্ধু সভ্যতাৰ সিন্ধু লিপিসমূহ দৰাচলতে এক সাঙ্কেতিক চিহ্ন ব্যৱস্থা আছিল।

এ’গন সভ্যতা, লিনিয়াৰ এ আৰু চেতন আলংকৰিক লিপিৰ বাহিৰে ব্ৰঞ্জ যুগৰ ইউৰোপত পূৰ্ণাংগ লেখন পদ্ধতি নাছিল। লৌহ যুগতহে ইউৰোপত লেখন ব্যৱস্থাৰ উন্মেষ হয়।

পৰৱৰ্ত্তী কালৰ চিহ্ন লিপি

সম্পাদনা কৰক

ব্ৰঞ্জ যুগৰ পিছৰ কালছোৱাতো বিভিন্ন সংস্কৃতিত চিহ্ন লিপিৰ ব্যৱহাৰ হৈছিল। উদাহৰণস্বৰূপে কুইপু, ইনকা (১৫০০ শতিকা) আদিৰ কথা ক’ব পাৰি।

লৌহ যুগৰ আফ্ৰিকা

সম্পাদনা কৰক
 
ছিবিদি আখৰত ’আদৰণি’

দক্ষিণ-পূব নাইজেৰিয়াত ছিবিদি (ইংৰাজী: Nsibidi) নামৰ এক চিহ্ন ব্যৱস্থা প্ৰচলিত। এয়া খ্ৰীষ্টিয় ৫০০ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে।[7][8]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Helen R. Pilcher 'Earliest handwriting found? Chinese relics hint at Neolithic rituals', Nature (30 April 2003), doi:10.1038/news030428-7 "Symbols carved into tortoise shells more than 8,000 years ago ... unearthed at a mass-burial site at Jiahu in the Henan Province of western China". Li, X., Harbottle, G., Zhang, J. & Wang, C. 'The earliest writing? Sign use in the seventh millennium BC at Jiahu, Henan Province, China'. Antiquity, 77, 31–44, (2003).
  2. "Archaeologists Rewrite History". China Daily. 12 June 2003. http://www.china.org.cn/english/2003/Jun/66806.htmসাঁচ:Inconsistent citations .
  3. Houston, Stephen D. (2004). The First Writing: Script Invention as History and Process. Cambridge University Press. পৃষ্ঠা. 245–6. ISBN 978-0-521-83861-0. 
  4. Haarmann, Harald: "Geschichte der Schrift", C.H. Beck, 2002, ISBN 3-406-47998-7, p. 20
  5. Geoffrey Sampson, Writing Systems: a Linguistic Introduction, Stanford University Press, 1990, p. 78.
  6. Simson Najovits, Egypt, Trunk of the Tree: A Modern Survey of an Ancient Land, Algora Publishing, 2004, pp. 55–56.
  7. "Early ceramics from Calabar, Nigeria: Towards a history of Nsibidi". African Arts (University of California) খণ্ড 40 (1). Spring 2007. Archived from the original on 2022-03-18. https://web.archive.org/web/20220318091916/https://www.thefreelibrary.com/Early+ceramics+from+Calabar,+Nigeria:+towards+a+history+of+nsibidi.-a0160331983। আহৰণ কৰা হৈছে: 2015-09-03. 
  8. Gregersen, Edgar A. (1977). Language in Africa: an introductory survey. CRC Press. পৃষ্ঠা. 176. ISBN 0-677-04380-5. http://books.google.com/books?id=w4lytWv1JKAC&pg=PA176.