চুড়াচান্দপুৰ জিলা

মণিপুৰৰ জিলা

চুড়াচান্দপুৰ জিলা (Churachandpur, Pron:/'tʃʊraːˌtʃaːnɗpʊr/) উত্তৰ-পূব ভাৰতমণিপুৰ ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ মাটিকালি ৪৭৫০ বৰ্গ কিলোমিটাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰ অন্যতম৷

চুড়াচান্দপুৰ জিলা
Lamka, Paite[1]
—  মণিপুৰৰ জিলা  —
মণিপুৰত চুড়াচান্দপুৰৰ অৱস্থান
মণিপুৰত চুড়াচান্দপুৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
সদৰ চুড়াচান্দপুৰ
চৰকাৰ
 - লোকসভা সমষ্টি আউটাৰ মণিপুৰ
মাটিকালি
 - মুঠ ৪,৫৭০ কি.মি. 
(১,৭৬৪.৫ বৰ্গ মাইল)
উচ্চতা ৯১৪.৪ মিটাৰ (৩,০০০.০০ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ২,৭১,২৭৪ জন
 - জনঘনত্ব ৫৯.৪ প্ৰতি বৰ্গ কি.মি. 
(১৫৩.৭ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৮৪.২৯%
  • পুৰুষ ৮৮.৩৪%[2]
  • মহিলা ৮০.১৩%[2]
 - লিংগ অনুপাত ৯৬৯ মহিলা প্ৰতি ১০০০ পুৰুষ
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
যানবাহনৰ নম্বৰ MN
স্থানাঙ্ক 24°20′N 93°41′E / 24.333°N 93.683°E / 24.333; 93.683স্থানাংক: 24°20′N 93°41′E / 24.333°N 93.683°E / 24.333; 93.683
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

অৰ্থনীতি সম্পাদনা কৰক

২০০৬ চনত ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতত আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰক স্থান দিয়ে৷[3] ভাৰত চৰকাৰৰ Backward Regions Grant Fund (BRGF)-ৰ পৰা পুঁজি লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত এই জিলা অন্যতম৷[3]

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি চুড়াচান্দপুৰৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ইয়াৰে সৰহ সংখ্যক কুকী-চীন-মিজো (Kuki-Chin-Mizo) লোক৷ [4] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৭৫৷[4] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৫৯ জন৷[4] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৯.০৩%৷[4] চুড়াচান্দপুৰৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৯ গৰাকী৷[4] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৪.২৯%[4]

এই জিলাৰ ৩০০০ ৰ কম সংখ্যক লোকে চীন-তীব্বেতীয় (Sino-Tibetan Aimol) ভাষা ব্যৱহাৰ কৰে৷[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Neihsial, Dr. Tualchin (1996) This is Lamka: A Historical Account of the Fastest Growing Town of Manipur Hills, Churachandpur, India: Zogam Book Centre & Library
  2. 2.0 2.1 2.2 "Census of India: Provisional Population Totals and Data Products – Census 2011: Manipur". Office of the Registrar General and Census Commissioner, Ministry of Home Affairs, Government of India. 2011. http://censusindia.gov.in/2011-prov-results/prov_data_products__manipur.html। আহৰণ কৰা হৈছে: 1 June 2011. 
  3. 3.0 3.1 Ministry of Panchayati Raj (8 September 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Plural Development. Archived from the original on 5 April 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: 27 September 2011. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011. 
  5. M. Paul Lewis, ed. (2009). "Aimol: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 28 September 2011. 


বাহ্যিক সংযোগ সম্পাদনা কৰক