মণিপুৰ

ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্য।

মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।

মণিপুৰ
ꯃꯅꯤꯄꯨꯔ
মনিপুৰ্
ভাৰতৰ মানচিত্ৰত মণিপুৰৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত মণিপুৰৰ অৱস্থান
মণিপুৰৰ মানচিত্ৰ
মণিপুৰৰ মানচিত্ৰ
দেশ  ভাৰত
প্ৰতিষ্ঠা ২১ জানুৱাৰী, ১৯৭২
ৰাজধানী ইম্ফাল
বৃহত্তম চহৰ ইম্ফাল
জিলা ১৬ খন
চৰকাৰ
 • ৰাজ্যপাল নাজমা হেপতুল্লা
 • মুখ্যমন্ত্ৰী নোংথোমবম বিৰেন সিং (ভাৰতীয় জাতীয় কংগ্ৰেছ)
 • বিধানসভা এক-কক্ষবিশিষ্ট (৬০ আসন)
 • লোকসভা কেন্দ্ৰ
 • উচ্চ ন্যায়ালয় মণিপুৰ উচ্চ ন্যায়ালয়
কালি
 • মুঠ
২২,৩৪৭ বৰ্গকিমি (৮,৬২৮ বৰ্গমাইল)
 • স্থান 23rd
জনসংখ্যা
 (2011)
 • মুঠ
২৭,২১,৭৫৬
 • স্থান 22nd
 • ঘনত্ব ১২০/km (৩২০/sq mi)

এখন ক্ষুদ্ৰ অতি উৰ্ব্বৰ সমতল ভূমিৰে ৰাজ্যখন গঠিত হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ পৰা এশাৰী পৰ্ব্বতমালাই এই ৰাজ্যখন কেউদিশে আবৰি আছে। এই পৰ্ব্বতীয়া অঞ্চলত বন্য আৰু যুঁজাৰুজাতি কেতবোৰে বসবাস কৰিছিল। মণিপুৰ বহুদিন ধৰি এখন স্বাধীন ৰাজ্য আছিল। টাই-ছানসকলে এই ৰাজ্যখনক কা-ছে আৰু মানসকলে কা-থে বুলিছিল। দুয়োটা শব্দই মূলতে একে আছিল যেন লাগে। টাই-আহোম সকলে এই ৰাজ্যখনক মেখেলি বুলি অভিহিত কৰিছিল। কছাৰীৰ মতে এই ৰাজ্যখনৰ নাম আছিল মেগলি আৰু পুৰণি অসমীয়াৰ মতে মগলৌ। পেমবটৰ্ণৰ মতে মণীপুৰীসকল দৰাচলতে এটা তাৰ্তাৰ উপনিবেশৰহে লোক। খৃষ্টীয় ১৩শ আৰু ১৪শ শতিকাত চীন আৰু তাৰ্তাৰ ৰাজবংশসমূহৰ মাজত সঘনে হৈ থকা স্ংঘৰ্ষৰ ফলত চীনৰ উত্তৰ পশ্চিম সীমাঞ্চলৰ পৰা কিছুমান তাৰ্তাৰলোক পলাই আহি এই ৰাজ্য সোমাইছিলহি। এই লোকসকলৰ চেহেৰা পাতি মঙ্গোলিয়ান আৰু তেওঁলোকৰ ৰাজ্যৰ দক্ষিণ সীমাত থকা কুকি জনজাতিৰ সৈতে তেওঁলোকৰ ভাষাৰ মিল আছে। খৃষ্টীয় তেৰশ শতিকাৰ পৰা আৰম্ভ হোৱা কেতবোৰ নথিপত্ৰও তেওঁলোকৰ ওচৰত পোৱা গৈছিল। ১৩ শ শতিকাৰ পৰা ১৭১৪ খৃ:লৈ মাত্ৰ ৪৭জন ৰজাৰ নামো জানিব পৰা গৈছে। সেইমতে গড় হিচাপে হিচাপ কৰিলে প্ৰতিজন ৰজাই প্ৰায় ৩৬ বছৰকৈ ৰাজত্ব কৰিছিল। তদুপৰি এই গোটেই সময়ছোৱাত মাত্ৰ এটাই গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ আছে আৰু সেইটো হ’ল খুমবাত বিজয়। ১৪৭৫ খৃ: ত প্ং আৰু মণিপুৰে একেলগে খুমবাত আক্ৰমণ কৰিছিল। ইয়াৰ ফলত কুবো সমতল ভূখণ্ড মণিপুৰ ৰাজ্যৰ অন্তৰ্গত হৈছিল। এই সময়ৰ সৰহভাগ তথ্যই আখ্যানৰ ওপৰত প্ৰতিস্থিত।

সংস্কৃতি

সম্পাদনা কৰক

মণিপুৰ মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ বাবে বিখ্যাত। ই ভাৰতৰ প্ৰধান আঠটা শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত। প্ৰাচীনকালত এই ৰাজ্যখন গান্ধৰ্বৰ দেশ বুলি খ্যাত আছিল। মণিপুৰ গীত মাতৰ বাবে অতি বিখ্যাত।

বাহ্যিক সংযোগ

সম্পাদনা কৰক