চেঁচোৰ
চেঁচোৰ (ইংৰাজী: Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্গ Poales অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়[1]
চেঁচোৰ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Poales |
পৰিয়াল: | Cyperaceae |
গণ: | Eleocharis |
প্ৰজাতি: | E. dulcis |
বৈজ্ঞানিক নাম | |
Eleocharis dulcis (Burm.f.) Trin. ex Hensch. |
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
---|---|
শক্তি | 406 কিলোজুল (97 কিলোকেলৰি) |
শৰ্কৰাসমূহ | 23.94 g |
- চেনি | 4.8 g |
- খাদ্য আঁহ | 3 g |
চৰ্বী | 0.1 g |
প্ৰ’টিন | 1.4 g |
থায়েমিন (ভিটামিন বি১) | 0.14 mg (12%) |
Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.2 mg (17%) |
নিয়াচিন (ভিটামিন বি৩) | 1 mg (7%) |
পেণ্টথেনিক এচিড (বি৫) | 0.479 mg (10%) |
ভিটামিন বি৬ | 0.328 mg (25%) |
ফলেট (ভিটামিন বি৯) | 16 μg (4%) |
ভিটামিন চি | 4 mg (5%) |
ভিটামিন ই | 1.2 mg (8%) |
মেগনেছিয়াম | 22 mg (6%) |
মেংগানিজ | 0.331 mg (16%) |
ফছফ’ৰাছ | 63 mg (9%) |
পটাছিয়াম | 584 mg (12%) |
জিংক | 0.5 mg (5%) |
Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ |
বিৱৰণ
সম্পাদনা কৰকচেঁচোৰৰ পাতবোৰ পিঁয়াজৰ পাতৰ দৰে চুঙাৰ লেখীয়াকৈ দীঘলীয়া হয়৷ চুঙা সদৃশ পাতবোৰৰ ভিতৰখন ফোপোলা হয় আৰু ইয়াৰ উপৰিভাগে সেউজীয়া বৰণ লয়৷
চেঁচোৰ বনৰ গুৰিত চুলি সদৃশ শিপাই বিকাশ লাভ কৰে৷ শিপাৰ আগভাগত বুটমাহৰ দৰে গোটা আকাৰৰ আলু ধৰে৷ এই আলুকে চেঁচোৰ বুলি কোৱা হয়৷ এই চেঁচোৰৰ সোৱাদ বাদামৰ দৰে৷[1]
বিস্তৃতি
সম্পাদনা কৰকচেঁচোৰ বন ভাৰতৰ প্ৰায় সকলো ঠাইতে বহুলভাৱে বিস্তৃত হৈ আছে৷ এই বন সাগৰ পৃষ্ঠৰ পৰা ৭০০ মিটাৰ উচ্চতা পৰ্য্যন্ত দেখা পোৱা যায়৷[2]
ব্যৱহাৰ
সম্পাদনা কৰকচেঁচোৰৰ বহুতো ঔষধি গুণ থকাৰ তথ্য পোৱা গৈছে৷ এই বনৰ আলু বহুমূত্ৰ, বদহজমী, বৃক্কৰ ৰোগকে ধৰি অন্যান্য ৰোগৰ উপসমৰ বাবে ব্যৱহাৰ কৰা হয়৷ [2]
চিত্ৰভঁৰাল
সম্পাদনা কৰক
|
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ 2.0 2.1 https://link.springer.com/referenceworkentry/10.1007%2F978-0-387-70638-2_1463