চেণ্টিনেলী জনগোষ্ঠী

(চেণ্টিনেলিজ জনগোষ্ঠীৰ পৰা পুনঃনিৰ্দেশিত)

চেণ্টিনেলী জনগোষ্ঠী, বা চেণ্টিনেলিজ হৈছে উত্তৰ-পূব ভাৰত মহাসাগৰৰ বংগোপসাগৰৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰা এক থলুৱা জনগোষ্ঠী। এই জনগোষ্ঠী বিচ্ছিন্ন খিলঞ্জীয়া জনসংখ্যাৰ অন্তৰ্গত দক্ষিণ এছিয়াৰ এক অন্যতম জনগোষ্ঠী। এইটোৱেই হয়তো, আজিৰ পৃথিৱীত বিদ্যমান একমাত্ৰ বিচ্ছিন্ন চিকাৰী-সংগ্ৰাহক সম্প্ৰদায়।[1] গ্ৰেট আন্দামানী, জাৰাৱা, অংগে, শ্বোম্পেন আৰু নিকোবাৰেছৰ লগতে চেণ্টিনেলিজ আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ ছটা থলুৱা আৰু প্ৰায়ে একাকী জনগোষ্ঠীৰ ভিতৰত অন্যতম। জনগোষ্ঠীটোৰ বাহিৰৰ লোকৰ সৈতে নূন্যতম সংস্পৰ্শ । সাধাৰণতে দ্বীপটোৰ কাষ চাপি অহা বা অৱতৰণ কৰা অচিনাকি লোকসকলৰ প্ৰতি চেণ্টিনেলিজসকল প্ৰথমে শত্ৰুতা প্ৰকাশ কৰে। ১৯৯০ চনৰ আৰম্ভণিতে বন্ধুত্বপূৰ্ণ যোগাযোগৰ বাতৰি পোৱা গৈছিল যদিও এনে দৃষ্টান্ত বিৰল।[2]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Sasikumar, M. U. N. D. A. Y. A. T. (2018). The Sentinelese of the north Sentinel Island: Concerns and perceptions. Journal of the Anthropological Survey of India, 67(1), 37-44.
  2. McGirk, Tim (10 January 1993). "Islanders running out of isolation: Tim McGirk in the Andaman Islands reports on the fate of the Sentinelese". The Independent. London. Archived from the original on 8 December 2017. Retrieved 15 April 2020.