চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড
চেপিয়েনছ্: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (হিব্ৰু: קיצור תולדות האנושות; Ḳitsur toldot ha-enoshut) হৈছে প্ৰসিদ্ধ লেখক য়ুভাল নোৱাহ হাৰাৰীৰ এখন বহুপঠিত গ্ৰন্থ। ২০১১ চনত হিব্ৰু ভাষাত প্ৰকাশ পোৱা কিতাপখন হাৰাৰীয়ে জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত দিয়া কেইটামান বক্তৃতাৰ আধাৰত লিখিছে[1]। গ্ৰন্থখন ২০১৪ চনত ইংৰাজীলৈ অনূদিত কৰা হয়। বিশেষকৈ হ’মচেপিয়েনছসকলক কেন্দ্ৰ কৰি হাৰাৰীয়ে প্ৰস্তৰ যুগৰ পুৰাতন মানৱৰ পৰা একবিংশ শতিকাৰ জীৱশ্ৰেষ্ঠ মানৱলৈকে হোৱা বিৱৰ্তনক জৰীপ কৰিছে। প্ৰাকৃতিক বিজ্ঞান বিশেষকৈ বিৱৰ্তনীয় জীৱবিজ্ঞানে অংকন কৰা এক ৰূপৰেখাক লৈ মানৱ ইতিহাসৰ বিৱৰণ দাঙি ধৰিছে।
চেপিয়েনছ্ এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড | |
---|---|
লেখক | য়ুভাল নোৱাহ হাৰাৰী |
শিৰোনাম | চেপিয়েনছ্: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড |
দেশ | ইজৰাইল |
ভাষা | হিব্ৰু, ইংৰাজী |
বিষয় | ইতিহাস, সাংস্কৃতিক বিপ্লৱ |
প্ৰকাৰ | অ-কাল্পনিক |
প্ৰকাশক | হাৰ্পাৰ |
প্ৰকাশ | ২০১১ (হিব্ৰু), ২০১৪ (ইংৰাজী) |
পৃষ্ঠা সংখ্যা | ৪৪৩ |
আই.এচ.বি.এন. | 978-0062316097 |
পৰৱৰ্তী | হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুমুৰ' |
সাৰাংশ
সম্পাদনা কৰকছেপিয়ানছসকলৰ ইতিহাসক হাৰাৰীয়ে মূলতঃ চাৰিটা ভাগত বিভক্ত কৰিছে:
- জ্ঞানকেন্দ্ৰিক বিপ্লৱ
- কৃষি-বিপ্লৱ
- মানৱজাতিৰ একত্ৰীকৰণ
- বিজ্ঞানসন্মত বিপ্লৱ
চেপিয়েনছসকলে বিশ্বত আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত হাৰাৰীয়ে যুক্তি দিয়ে যে তেওঁলোকেই একমাত্ৰ জীৱ যি বৃহৎ সংখ্যাত নমনীয়ভাৱে সহযোগিতা কৰিব পাৰে। তেওঁৰ মতে প্ৰাগঐতিহাসিক যুগৰ চেপিয়েনছসকলেই একমাত্ৰ কাৰণ যাৰ বাবে আন কিছুমান প্ৰজাতি যেনে নিএণ্ডেৰথেলছ বা মেগাফ’নাসকলৰ বিলুপ্তি ঘটিছিল। তেওঁ ইয়াকো কয় যে ভগৱান, ৰাষ্ট্ৰ, টকা-পইচা, মানৱ অধিকাৰ আদি কিছুমান কাল্পনিক বস্তুৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবে চেপিয়েনছসকলে বৃহৎ সংখ্যাত সহযোগিতা কৰিব পাৰিছিল। তেওঁ যুক্তি দিয়ে যে এই বিশ্বাসসমূহে জাতিগত, যৌন আৰু ৰাজনৈতিক বৈষম্যৰ জন্ম দিয়ে। ধৰ্ম, ৰাজনৈতিক গঠন, ট্ৰেড নেটৱৰ্ক আৰু আইনী সংস্থা সহিতে সকলো বৃহৎ মানৱীয় সহযোগিতাই চেপিয়েনছসকলৰ স্বতন্ত্ৰ জ্ঞানৰ উত্থানৰ কথাকে সূচায় বুলি হাৰাৰীয়ে দাবী কৰে। তদুপৰি হাৰাৰীয়ে টকা-পইচাক পাৰস্পৰিক বিশ্বাসৰ প্ৰণালী হিচাপে আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰণালীক কম-বেছি পৰিমাণে ধৰ্মৰ সৈতে একেই বুলি ভাবে।
কৃষি-বিপ্লৱ সম্পৰ্কত হাৰাৰীৰ মূল দাবী এয়ে যে যেতিয়া চেপিয়েনছসকলৰ লগতে আন কিছুমান সহবিকশিত প্ৰজাতিৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিলে তেতিয়া তেওঁলোকৰ জীৱন চিকাৰী জীৱনতকৈ বেয়াৰ ফালে ঢাল খাবলৈ ধৰিলে। কিয়নো আহাৰ আৰু দৈনন্দিন জীৱন তেওঁলোকৰ বাবে কম বৈচিত্ৰ্যময় হৈ উঠিছিল।
মানৱসমাজৰ একত্ৰীকৰণৰ বিষয়ে ক’বলৈ গৈ হাৰাৰীয়ে যুক্তি দিয়ে যে ইতিহাসত চেপিয়েনছসকলৰ প্ৰৱণতা ক্ৰমান্বয়ে ৰাজনৈতিক আৰু অৰ্থনৈতিক আন্তঃনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছিল। শতিকাজুৰি অধিকাংশ মানুহেই সাম্ৰাজ্যত বাস কৰি আহিছে আৰু পুঁজিবাদীৰ গোলকীকৰণে এক প্ৰভাৱিত ৰূপত তেনে এক গোলকীয় সাম্ৰাজ্যই গঠন কৰি আছে। হাৰাৰীয়ে কয় যে টকা-পইচা, সাম্ৰাজ্য আৰু বিশ্বধৰ্মৰ নিচিনা বস্তুবোৰে এই প্ৰক্ৰিয়াত ইন্ধনৰ দৰে কাম কৰি আছে।
হাৰাৰীয়ে বৈজ্ঞানিক বিপ্লৱক ইউৰোপীয় চিন্তাধাৰাৰ উদ্ভাৱনৰ ৰূপত চায়-যাৰ দ্বাৰা অভিজাতসকলে তেওঁলোকৰ অজ্ঞানতাক স্বীকাৰ কৰে আৰু সেই অজ্ঞানতাক দূৰ কৰিবলৈ প্ৰয়াস কৰে। হাৰাৰীয়ে ইয়াক আধুনিক ইউৰোপীয় সাম্ৰাজ্যবাদৰ এক ইন্ধন হিচাপে আৰু মানৱীয় সংস্কৃতিৰ বৰ্তমানৰ একত্ৰীকৰণ হিচাপে বিবেচনা কৰে। আজিৰ যুগৰ মানুহতকৈ তুলনামূলকভাৱে অতীতৰ লোকসকল বেছি সুখী আছিল বুলি হাৰাৰীয়ে বিবেচনা কৰে। সুখৰ ইতিহাসৰ বিষয়ে গৱেষণাৰ অভাৱৰ কথাও হাৰাৰীয়ে জোৰ দি কয়। জেনেটিক ইঞ্জিনিয়াৰিং, অমৰত্ব আৰু অজৈৱিক জীৱনৰ সূচনা কৰি আধুনিক প্ৰযুক্তিয়ে কিদৰে অতি সোনকালেই এটা প্ৰজাতিৰ বিলুপ্তি ঘটাব পাৰে তাকে লৈ হাৰাৰী চিন্তিত হৈছে। হাৰাৰীৰ ৰূপৰেখাৰ ভিতৰত এটা প্ৰজাতিৰ সৃষ্টি কৰিব পৰা ক্ষমতাৰে মানুহ ভগৱান হৈ উঠিছে।
হাৰাৰীয়ে কয় যে জাৰেদ ডায়মণ্ডৰ “Guns, Germs, and Steel” (১৯৯৭) কিতাপখনৰ পৰা তেওঁ যথেষ্ট অনুপ্ৰেৰণা পায়। এটা ডাঙৰ প্ৰশ্ন সোধা আৰু বিজ্ঞানসন্মতভাৱে তাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত কিতাপখনে তেওঁক সহায় কৰে।[2]
স্বীকৃতি
সম্পাদনা কৰকজনসাধাৰণৰ স্বীকৃতি
সম্পাদনা কৰক২০১১ চনত হিব্ৰু ভাষাত প্ৰথম প্ৰকাশ পোৱা কিতাপখন ২০১৪ চনত ইংৰাজীলৈ অনুবাদ কৰা হয়। ইয়াৰ পাছত গ্ৰন্থখন ৪৫টা ভাষালৈ অনূদিত হৈছে। কিতাপখনে দ্যা নিউয়ৰ্ক টাইমছৰ বেষ্ট ছেলাৰৰ তালিকাতো ঠাই পাইছিল আৰু দ্য নেশ্বনেল লাইব্ৰেৰী অৱ্ চাইনাৰ ৱেনজিং গ্ৰন্থ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ২০২২ বৰ্ষত অসম পাব্লিছিং হাউছে কিতাপখনৰ অসমীয়া অনুবাদ প্ৰকাশ কৰে। কিতাপখন অনুবাদ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক কল্যাণ ভূঞাই।
বিল গেটছে কিতাপখনক তেওঁৰ দহখন প্ৰিয় গ্ৰন্থৰ ভিতৰত ৰাখে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Harari, Yuval Noah; Vintage (2014). “Sapiens: A Brief History of Humankind”. আই.এচ.বি.এন. 9780099590088.
- ↑ "Sapiens". IDEAS with Paul Kennedy. CBC.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- আধিকাৰিক ৱেবছাইট
- Yuval Harari interviewed by Alan Philps about his book, “The World Today”, September 2015, Volume 71, Number 5.
- Bill Gates. How Did Humans Get Smart?, “Gates Notes”, May 17, 2016.
- Dirk Lindebaum. Sapiens: A brief history of humankind (Book Review), “Management Learning”, 46 (5) 2015, pp. 636–638. DOI: 10.1177/1350507615602981