চেলেং (বৈজ্ঞানিক নাম: Balakata baccata) ইউফৰবিয়েচিয়া (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ[2] পূৰ্ৱতে ইয়াক Sapium baccatum নামেৰে নামকৰণ কৰা হৈছিল। অসমহোলোঙাপাৰ গিবন অভয়াৰণ্যত প্ৰচুৰ পৰিমানে চেলেং গছ পোৱা যায়। পেকেজিং বাকচ তৈয়াৰ কৰিবলৈ ইয়াৰ কাঠ ব্যৱহাৰ কৰা হয়।[2] ইয়াৰ ফলৰ পৰা সুগন্ধি প্ৰস্তুত কৰা হয়।[2] মিজোৰামত এই উদ্ভিদৰ পাত পোহনীয়া জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।[2]

চেলেং গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malpighiales
পৰিয়াল: Euphorbiaceae
গণ: Balakata
প্ৰজাতি: B. baccata
বৈজ্ঞানিক নাম
Balakata baccata
(Roxb.) Esser
সমাৰ্থক[1]
তালিকা
  • Carumbium baccatum (Roxb.) Kurz
  • Excoecaria affinis Griff., nom. illeg.
  • Excoecaria baccata (Roxb.) Müll.Arg.
  • Sapium baccatum Roxb.
  • Sapium dacdece Buch.-Ham. ex Benth., nom. nud.
  • Sapium hexandrum Benth., nom. nud.
  • Sapium populifolium Wall. ex Wight
  • Stillingia baccata (Roxb.) Baill.
  • Stillingia paniculata Miq.

চেলেং গছজোপা প্ৰায় ২৫ ফুট পৰ্যন্ত ওখ হয়।[2] ইয়াৰ ফলবোৰ ৯ - ১২ মিলিমিটাৰ ব্যাসৰ জামুকৰ দৰে মাংসযুক্ত, ৰঙা বেঙুনীয়া বৰণৰ পকিলে বেঙুনীয়া ক'লালৈ পৰিণত হয়।[2]

চেলেং গছ ভাৰত, ভূটান, বাংলাদেশ, নেপাল, ম্যানমাৰ, ইণ্ডো-চীন, চীন, থাইলেণ্ড, মালয়েছিয়া, সুমাত্ৰা আৰু ব্ৰুনেউ, লাওছ, ভিয়েটনাম, কম্বোডিয়া আৰু পূৱ হিমালয় অঞ্চলত পোৱা যায়।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Balakata baccata (Roxb.) Esser". Plants of the World Online. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:1007111-1। আহৰণ কৰা হৈছে: 11 August 2024. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Balakata baccata (Roxb.) Esser". India biodiversity Portal. https://indiabiodiversity.org/species/show/245904। আহৰণ কৰা হৈছে: 11 August 2024.