চোম বা চোম গছ (বৈজ্ঞানিক নাম: Machilus gamblei) Lauraceae পৰিয়ালৰ এবিধ সপুষ্পক বৃক্ষজাতীয় উদ্ভিদ। এই গছৰ পাত মুগা পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু ইয়াৰ পৰা মুগা সূতা উৎপন্ন হয়। উজনি অসমত মুগা পলুৰ বাবে চোম গছৰ খেতি কৰা হয়। চোম পাতে অহীয়াঁ পলুৰ উৎপাদন কৰে।[2]চীন, ভূটান, কম্বোডিয়া, ভাৰত, লাওছ, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম আদি দেশৰ থলুৱা উদ্ভিদ।[1]

চোম গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophyta
(অশ্ৰেণীকৃত): Magnoliopsida
বৰ্গ: Laurales
পৰিয়াল: Lauraceae
গণ: Machilus
প্ৰজাতি: Machilus gamblei King ex Hook. fil.
সমাৰ্থক

[1]

  • Persea bombycina (King ex Hook. fil.) Kosterm.
  • Machilus bombycina King ex Hook. fil.
  • Machilus suaveolens S.K. LeeQqa
  • Persea gamblei (King ex Hook. fil.) Kosterm.
  • Persea suaveolens (S.K. Lee) Kosterm.

চোম গছৰ বিভিন্ন প্ৰজাতি আছে। বিভিন্ন প্ৰজাতিৰ পাতৰ আকৃতি-প্ৰকৃতি সামান্য ভিন্ন হয়। কোনো বিধৰ পাতবোৰ ঠেক আৰু দীঘল হোৱাৰ বিপৰীতে কোনো বিধ প্ৰজাতিৰ পাত বহল কিন্তু চুটি। ইয়াৰ পাতসমূহৰ সোৱাদৰো তাৰতম্য দেখা যায়। কিছুমান গছৰ পাতবোৰ মিঠা হোৱাৰ বিপৰীতে কিছুমান প্ৰজাতিৰ পাতৰ সোৱাদ তিতা, জ্বলা বা টেঙা। কিছুমান গছ বহু ওখ হয় যদিও কিছুমান গছ জোপোহা হয়।[3] এজোপা চোম গছ ২৫ মিটাৰ পৰ্যন্ত ওখ হ’ব পাৰে।[1][4] আকৃতি আৰু প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি চোম গছক (১) নাহৰপতীয়া, ২) আজাৰপতীয়া (বা কঁঠালপতীয়া) আৰু (৩) জামুপতীয়া, এই তিনি ভাগত ভগাব পাৰি। চ’ত-ব’হাগ মাহত চোম গছত কুঁহিপাত ওলায় আৰু ফুল ফুলি গুটি ধৰে।[3] গুটিৰ পৰা বা অযৌন প্ৰজননৰ[2] যোগেদি ইয়াৰ বংশ বিস্তাৰ হয়।

অসমত মূলতঃ মুগা পলুৰ বাবেই চোমগছৰ খেতি কৰা হয়। ইয়াৰোপৰি ইয়াৰ ঔষধি গুণো থকা বুলি বিশ্বাস কৰা হয়। জেঠ-আহাৰ মাহত চোম পাত খুন্দি পানীত মিহলাই ইয়াৰ ৰস খালে ই শৰীৰ শীতল কৰাৰ লগতে বসন্ত ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি বুলি ভবা হয়।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক