চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান। ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খন জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথত অৱস্থিত।[1] প্ৰথমতে ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত আছিল যদিও পিছলৈ শ্ৰীমন্ত শংকৰদেৱ য়ুনিভাৰ্ছিটি অৱ হেল্থ ছায়েঞ্চেছ,অসম প্ৰতিষ্ঠা হোৱাত ২০১০ চনৰ পৰা এই মহাবিদ্যালয় ইয়াৰ অধীনলৈ আহে।
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় | |
---|---|
![]() চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ | |
স্থাপিত | ২০ ডিচেম্বৰ, ১৯৪৮[1] |
ধৰণ | চৰকাৰী প্ৰতিষ্ঠান |
অধ্যক্ষ | ডা° বিষ্ণু প্ৰসাদ শৰ্মা |
স্থান | জালুকবাৰী,গুৱাহাটী, অসম,, ভাৰত |
চৌহদ | নগৰাঞ্চল |
উপনাম | জি এ চি এইচ (GACH) |
ভুক্তি | শংকৰদেৱ য়ুনিভাৰ্ছিটি অৱ হেল্থ ছায়েঞ্চেছ,অসম |
ৱেবছাইট | http://gacassam.webs.com |
ইতিহাস
সম্পাদনা কৰকচৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ভাৰতৰ পৰম্পৰাগত ঔষধ ব্যৱস্থা আয়ুৰ্বেদৰ এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। স্বৰাজোত্তৰ কালত জাতীয়তাবাদী মনোভাৱ আগত ৰাখি অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ,লোকবন্ধু ভূবনেশ্বৰ বৰুৱা আৰু প্ৰতিষ্ঠাপক অধ্যাপক ডা° জগদীশ চন্দ্ৰ ভট্টাচাৰ্যই এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে। ১৯৪৮ চনৰ ২০ ডিচেম্বৰত এক ভাড়াঘৰত তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় উদ্বোধন কৰে। ইয়াৰ এবছৰ পিছত ই চানমাৰিৰ চৰকাৰী ভৱনলৈ(বৰ্তমানৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ঠাই) স্থানান্তৰ হয় আৰু জুলাই,১৯৫৯ত ই জালুকবাৰীৰ বৰ্তমানৰ স্থানলৈ স্থায়ী ভাৱে স্থানান্তৰিত হয়। ১৯৬০ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় জালুকবাৰীৰ এই মহাবিদ্যালয়ৰ লগতে জন্মলাভ কৰে আৰু সাত বছৰলৈ এই মহাবিদ্যালয়ৰ ভৱন দুয়োখন বিদ্যালয়ে ভগাই লয়। প্ৰথমতে ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত আছিল যদিও পিছলৈ শ্ৰীমন্ত শংকৰদেৱ য়ুনিভাৰ্ছিটি অৱ হেল্থ ছায়েঞ্চেছ,অসম প্ৰতিষ্ঠা হোৱাত ২০১০ চনৰ পৰা এই মহাবিদ্যালয় ইয়াৰ অধীনলৈ আহে।
লক্ষ্য আৰু উদ্দেশ্য
সম্পাদনা কৰকস্বাধীনতাৰ আগত লাহোৰ কংগ্ৰেছ অধিবেশনত ভাৰতত ভাৰতীয় ঐতিহ্য সংস্কৃতিৰ লগত জড়িত বৈজ্ঞানিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আৰু ভাৰতীয় ঔষধি ব্যৱস্থাক জাতিষ্কাৰ কৰি তুলিবলৈ প্ৰতিখন ৰাজ্যতে একোখনকৈ হ’লেও আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হয়।[2] চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপন ইয়াৰেই ফলাফল। এই মহাবিদ্যালয়ৰ লক্ষ্যসমূহ হ’ল: ক) প্ৰণালীগত পদ্ধতিৰে আয়ুৰ্বেদিক শিক্ষাক আগবঢ়াই নিয়া। খ) ঔষধ নিৰ্মাণৰ ব্যৱ্হাৰিক গুণৰ প্ৰসাৰৰ লগতে শিক্ষণ আৰু শিকনৰ দ্বাৰা এই আৰোগ্য ব্যৱস্থাৰ জ্ঞান আয়ত্ত্ব কৰি সমগ্ৰ উত্তৰ-পূব ভাৰত্ত বিলাই দিয়া। গ) অসম আৰু উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ আৰোগ্য সেৱাত ব্ৰতী হোৱা। ঘ) ব্যৱহাৰিক গুণ থকা ঔষধি উদ্ভিদ সমূহৰ চিনাক্তকৰণ আৰু ৰোপণ ঙ) মহাবিদ্যালয়ৰ লগত সংযুক্ত চিকিত্সালয়ত ৰোগীৰ ৰোগ নিৰাময় চ) ইয়াত থকা ৰাজ্যিক ফাৰ্মাচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ঔষধ নিৰ্মাণৰ জ্ঞান দিয়া।
পাঠ্যক্ৰম
সম্পাদনা কৰকপ্ৰথমতে ১৯৭৩ চনলৈ এই মহাবিদ্যালয়ত চাৰে চাৰি বছৰীয়া ডিপ্লোমাৰ সুবিধা আছিল। প্ৰতিবছৰে ২৫ জন শিক্ষাৰ্থী ইয়াত ভৰ্তি হব পাৰিছিল আৰু অসম চৰকাৰে ব'ৰ্ড অৱ আয়ুৰ্বেদ নামৰ এক সমিতি গঠন কৰি দিয়ে যিয়ে মহাবিদ্যালয়ৰ শিক্ষণসূচী,নীতি নিয়ম নিৰ্ণয় আৰু পৰীক্ষা সমূহ আয়োজিত কৰে। তাৰ পিছত ছাত্ৰ,শিক্ষক আৰু কৰ্মচাৰীসকলৰ সহযোগ আৰু জনসাধাৰণৰ দাবীত ইয়াত স্নাতক পৰ্যায়লৈ শিক্ষাদানৰ ব্যৱস্থা কৰা হয়। চাৰে পাঁচ বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষাদান আৰম্ভ হোৱাৰ আগেয়ে ১৯৭৪ চনৰ নৱেম্বৰ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ইয়াত দুবছৰীয়া প্ৰাক আয়ুৰ্বেদিক পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ইয়াৰ পিছত ইয়াত দুবছৰীয়া শিক্ষালাভ কৰা সকলে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে ১৯৭৭ চনত আৰম্ভ হোৱা বি এ এম এছ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰে। ১৯৮৩ চনত প্ৰাক আয়ুবেৰ্দিক গুচাই দিয়া হয় আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত পদাৰ্থ,ৰসায়ন,জীৱবিজ্ঞান আৰু ইংৰাজীত ৫০% নম্বৰ লাভ কৰা সকলে পোনে পোনে এই পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিব পৰা হয়। বৰ্তমান NTA আয়োজিত কৰা NEET প্ৰৱেশ পৰীক্ষাত প্ৰাপ্ত নম্বৰ অনুযায়ী এই পাঠ্যক্ৰমৰ প্ৰথম প্ৰফেশ্যনেল বৰ্ষত নাম ভৰ্ত্তি কৰিব পাৰি। প্ৰথমতে ইয়াত মাত্ৰ ২৫খন আসন আছিল। পিছলৈ আসনৰ সংখ্যা ৩০ খন,১৯৯৫ চনত আসনৰ সংখ্যা ৫০লৈ আৰু ২০১২ চনত ৬০ লৈ বৃদ্ধি পায়। ইয়াৰে ৬খন আসন উত্তৰপূৰ্বাঞ্চলৰ আন ছখন ৰাজ্যৰ বাবে সংৰক্ষিত আৰু এখন আসন বিদেশী ৰাষ্ট্ৰৰ বাবে সংৰক্ষিত। সমুদায় চাৰে পাঁচ বছৰীয়া এই পাঠ্যক্ৰমে চাৰে চাৰি বছৰ শিক্ষা গ্ৰহণ আৰু এবছৰীয়া বাধ্যতামূলক ইণ্টাৰ্নশ্বিপ সামৰি লয়। ইয়াৰ উপৰিও ইয়াত ক)কায়া চিকিত্সা খ)সংস্কৃত,সংহিতা আৰু সিদ্ধান্ত গ) শল্য ঘ) প্ৰসূতি আৰু স্ত্ৰীৰোগ ঙ) ৰোগ নিদান আৰু চ) শৰীৰ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী উপাধি লাভৰো সুবিধা আছে। সৰ্বমুঠ ২৪ খন আসন থকা স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ NTA আয়োজিত কৰা AIAPGET প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হব লাগে।
অন্যান্য সুবিধাসমূহ
সম্পাদনা কৰকহোষ্টেল
সম্পাদনা কৰক১নং ছাত্ৰাবাস
সম্পাদনা কৰক১৯৪৮ চনত প্ৰতিষ্ঠিত এই ছাত্ৰাবাসটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডা° জগদীশ চন্দ্ৰ ভট্টাচাৰ্যৰ নামত ৰখা হয়। ডা° জগদীশ চন্দ্ৰ ভট্টাচাৰ্য ১নং ছাত্ৰাবাসৰ আসন সংখ্যা ১২০।[3]
২নং ছাত্ৰীনিবাস
সম্পাদনা কৰক১৯৮৯ চনত প্ৰতিষ্ঠিত প্ৰিয়দৰ্শিনী ২নং ছাত্ৰীনিবাসৰ আসন সংখ্যা ৮০।
৩নং ছাত্ৰাবাস
সম্পাদনা কৰক১৯৮৯ চনত প্ৰতিষ্ঠিত এই ছাত্ৰাবাসটি আয়ুৰ্বেদৰ পুৰোধা ব্যক্তি চৰকৰ নামত ৰখা হৈছে। চৰক ৩নং ছাত্ৰাবাসৰ আসনৰ সংখ্যা ৬৩।[3]
স্নাতকোত্তৰ ছাত্ৰাবাস
সম্পাদনা কৰক১২ খন আসন যুক্ত এই আবাসটি স্নাতকোত্তৰ ছত্ৰসকলৰ বাবে।[3]
- কেন্দ্ৰীয় পুথিভঁৰাল.
- আইটি চেণ্টাৰ
- ৰাজ্যিক আয়ুৰ্বেদিক ফাৰ্মাচী
- ঔষধ পৰীক্ষণ বিজ্ঞানাগাৰ
- কেন্দ্ৰীয় বিজ্ঞানাগাৰ
- প্ৰতিটো বিভাগত ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে বিজ্ঞানাগাৰ
- মহাবিদ্যালয় বাছ
- ডাইছেকছন হল.
- ঔষধি গছৰ বাগিচা
- প্ৰেক্ষাগৃহ
- আলোচনা গৃহ
- কলেজ কেণ্টীন
- এ টি এম
- এন.এছ.এছ. আৰু আৰ.আৰ.চি.
- ৰস শালা
- সংৰক্ষণগৃহ
চিকিৎসালয়
সম্পাদনা কৰকআয়ুৰ্বেদিক চিকিৎসালয়খন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ লগত একেটা চৌহদতে অৱস্থিত। ইয়াত বহিঃ চিকিৎসা বিভাগ(ও পি ডি) আৰু অন্তঃ চিকিৎসা বিভাগ(আই পি ডি)ৰ সুবিধা আছে। ইয়াৰে অন্তঃ চিকিৎসা বিভাগত ১৫০খন বিছনা আছে। উত্তৰ পূব পৰিষদৰ সহযোগত অসম চৰকাৰে ৩০০ বিছনাযুক্ত এক নতুন চিকিৎসালয় আবণ্টন কৰিছে আৰু ২০০৫চনৰ ২০ ডিচেম্বৰত ইয়াৰ নিম্ন মহলা অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আনুস্থানিক ভাৱে উদ্বোধন কৰে।[4]
বহিঃ চিকিৎসা বিভাগ
সম্পাদনা কৰক- কায়া চিকিৎসা
- প্ৰসূতি আৰু স্ত্ৰী-ৰোগ
- বালৰোগ
- শল্য চিকিৎসা
- শালক্য চিকিৎসা
- পঞ্চ কৰ্ম
- স্বাস্থ্য ৰক্ষাবিভাগ
- স্বাস্থ্যবৃত্ত
- সংহিতা আৰু সিদ্ধান্ত
- ৰসা শাস্ত্ৰ আৰু বৈষজ্য কল্পনা
- দ্ৰব্যগুন
- অগধ তন্ত্ৰ আৰু বিধি আয়ুৰ্বেদ
- ৰোগ নিদান
অন্তঃ চিকিৎসা বিভাগ
সম্পাদনা কৰক- কায়া চিকিৎসা
- প্ৰসূতি আৰু স্ত্ৰী-ৰোগ
- বালৰোগ
- শল্য চিকিৎসা
অন্যান্য সুবিধা
সম্পাদনা কৰক- দুৰ্ঘটনা আদি জৰুৰীকালীন সেৱাৰ বাবে ২৪ ঘণ্টা জৰুৰীকালীন ব্যৱস্থা
- প্ৰসূতি অস্ত্ৰোপচাৰ গৃহ
- চকু অস্ত্ৰোপচাৰ গৃহ
- পঞ্চকৰ্ম গৃহ
- ডট্ছ কেন্দ্ৰ
- এনআৰএইচএম কেন্দ্ৰ
- কেন্দ্ৰীয় বিজ্ঞানাগাৰ
- ৰেডিঅ’ল’জী কেন্দ্ৰ (এক্স-ৰে, আলট্ৰা চ’ন’গ্ৰাফী, ইলেক্ট্ৰ’ কাৰ্ডিঅ’গ্ৰাফী)
- নিওনেটেল বডী ষ্টেবিলাইজেশ্যন কেন্দ্ৰ
- ৰোগ প্ৰতিৰোধী কেন্দ্ৰ
- পেইড কেবিন সুবিধা আদি
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "home". Archived from the original on 2013-12-03. https://web.archive.org/web/20131203002936/http://gacassam.webs.com/। আহৰণ কৰা হৈছে: 2013-05-19.
- ↑ "about us". Archived from the original on 2013-12-03. https://web.archive.org/web/20131203002936/http://gacassam.webs.com/। আহৰণ কৰা হৈছে: 2013-05-19.
- ↑ 3.0 3.1 3.2 "hostels-and-other-facilities".
- ↑ "hospital". Archived from the original on 2013-12-03. https://web.archive.org/web/20131203002936/http://gacassam.webs.com/। আহৰণ কৰা হৈছে: 2013-05-19.