চৰে-বৰাত
চৰে বৰাত, চৰাই ব্ৰত, চ’ৰেই বৰাত বা চৰাই পূজা হৈছে অসমৰ হাজোৰ এক লোক উৎসৱ। এই উৎসৱ এক প্ৰকাৰৰ ব্ৰত পালন অনুষ্ঠান। এই ব্ৰতক কাত্যায়নী ব্ৰত বুলিও কোৱা হয়।[1] আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ নিশা হাজো তথা ইয়াৰ নিকটৱৰ্তী কুলহাটী, শুৱালকুচি আদি অঞ্চলৰ সধবা আৰু কুমাৰী ছোৱালী সকলে ৰূপে-গুণে মনৰ পছন্দৰ পাত্ৰ লাভ কৰাৰ লগতে স্বামীৰ মংগল কামনাৰ বাবে এই ব্ৰত পালন কৰে।
ৰীতি-নীতি
সম্পাদনা কৰকএকো একোটা চুবুৰীৰ কুমাৰী ছোৱালীবোৰ লগ হৈ কোনোবা এঘৰত বিশেষকৈ আহল-বহল ঠাই থকা গৃহস্থৰ চোতালত নতুবা নামঘৰৰ প্ৰাংগণত চৰাই ব্ৰত উৎসৱ পাতে। প্ৰায় এমাহমান আগৰে পৰা কুমাৰী ছোৱালীসকলে চৰাই পূজালৈ বুলি বিভিন্ন প্ৰকাৰে সাজু হয়। অনুষ্ঠানৰ বাবে তেওঁলোকে নৈৰ পাৰৰ আঠালেতীয়া বা আলতীয়া মাটি বিচাৰি নতুবা কুমাৰৰ ঘৰৰ পৰা মাটি সংগ্ৰহ কৰি চৰাই সজা কাম আৰম্ভ কৰে। [2]এইদৰে সজা চৰাইবোৰ তিনিটা শ্ৰেণীত ভাগ কৰা হয়- জোৰা চৰাই, ঝুমুৰী চৰাই আৰু গোট চৰাই বা জলচৰ জীৱ, বিশেষকৈ কাছ তৈয়াৰ কৰে। প্ৰথমতে চৰাই বনাবলৈ মাটিখিনি দুহাতেৰে আটা মৰাদি মাৰি সাজু কৰি লোৱা হয়। প্ৰায় ৩ পৰা ৪ ইঞ্চিমান বিভিন্ন আকৃতিৰ সৰু সৰু চৰাই ৮ ৰ পৰা ১০ ইঞ্চিমান দীঘল বাঁহৰ কাঠিত গুজি চৰাইবোৰ বিন্ধাই ৰখা হয় এনেদৰে কেইবাটাও চৰাই একেলগে এটা ঘিলা পিঠা আকৃতিৰ মাটি এডোখৰত গুজি গুজি সজোৱা হয়। ভিন্ন আকৃতিৰ থুপ লগাই সজোৱা চৰাইবোৰক ঝুমুৰী বোলে। ডাঙৰ চৰাইবোৰ এহাতমান দীঘল বাঁহৰ কাঠিত এটা এটাকৈ নাইবা কাঠিডাল ফালি দুফলীয়া কৰি দুটা চৰাই গুজি দিয়া হয়। যি সকলে চৰাইবোৰ সুন্দৰকৈ ৰং বোলাই ধুনীয়াকৈ গঢ় দিব পাৰে তেনে কুমাৰীয়ে ভবামতে মনৰ জোখাৰে সুন্দৰ সুঠাম আকৰ্ষণীয় বৰ লাভ কৰে বুলি এক জনবিশ্বাস আছে। চৰাইবোৰ যাৰ হাতত যিদৰে গঢ় লয়। তেনে ভাবেই সাজি ৰ'দত শুকাবলৈ দিয়া হয়। চৰাই সজা সময়ত ছোৱালী সকলে নাম গাই-
'সাঁজোৱা সাঁজোৱা ৰূপহী সাঁজোৱা,
মায়ে পুৰি মাৰে হিয়া।
হেম বন তৰা যাক ৰাখিব নোৱাৰি
দিলে চৰাইৰ তাত বিয়া। '
চৰাই সাজি হোৱাৰ পিছত এই চৰাইবোৰ ৰ'দত ভালকৈ শুকাবলৈ দিয়া হয়। পিছত চূণৰ প্ৰলেপ দি প্ৰাকৃতিক ভাৱে পোৱা ৰঙ যেনে হালধি, পূৰৈ শাকৰ পকা গুটি আদিৰে ৰঙ কৰা হয়।
মূল ব্ৰত পালনৰ আগদিনা তেওঁলোকে মদনাচল আৰু কামেশ্বৰ পাহাৰৰ নামনি অঞ্চলৰ পৰা শৰ ফুল সংগ্ৰহ কৰি আনে। এই ফুল একমাত্ৰ চৰাই ব্ৰত উৎসৱত হে ব্যৱহাৰ কৰা হয়। ফুল সংগ্ৰহ কৰাৰ সময়তো বৰতী গাভৰু সকলে জোৰা নাম গাই-
'আজিহে চৰেই ফুল চিকিনে মিকিনে
'আজিহে চৰেই ফুল চিকিনে মিকিনে
অত ৰাতি আছিলি ক'ত
অত ৰাতি আছিলো কেদাৰোৰ পাহাৰোত
গোপীসবে নমাইলা মোক
নাওৰে নাও নাই পুখুৰীত পানী নাই
কেনেকৈ হম মই সৰজু পাৰ।
যেনে তেনে কৰি পাৰ কৰা লাহৰি
গলোৰে হেমোহাৰ দিও॥'
পূৰ্ণিমাৰ দিনা পুৱাৰ ভাগৰ পৰা ব্ৰত পালন কৰা হয়। তেওঁলোকে এই অনুষ্ঠানৰ বাবে পূজাৰ বেদী সজাৰ লগতে চুবুৰীয়া ডেকা সকলৰ হতুৱাই ৰভা দিয়া কলপুলি পোতা আদি কাম বোৰ কৰাই, পূজা পালন কৰা ঘৰৰ পদূলিটো বিবাহ অনুষ্ঠানৰ দৰে কলপুলি পোতা হয়। বেদী তৈয়াৰ কৰি গোবৰ-মাটিৰে সুন্দৰকৈ লেচি লোৱা হয়। এই বেদিতে কুমাৰী সকলে শুভেৰী সাজে। পূৰ্বতে শুভেৰী মন্দিৰৰ আৰ্হিত কুঁহিলাৰ সহায়ত শুভেৰী সজা হৈছিল যদিও বৰ্তমান ৰঙীন কাগজ আদিৰেই বেদিত শুভেৰী সজা হয়। নিয়ম অনুসৰি শুভেৰী তৈয়াৰ কৰাৰ পিছত এই অনুষ্ঠানত ডেকা সকলক অংশগ্ৰহণৰ অনুমতি দিয়া নহয়। সন্ধিয়া কুমাৰী সকলে নিজ হাতে বনোৱা চৰাইবোৰ এই বেদীত প্ৰতিষ্ঠা কৰা হয়। সকলোতকৈ সুন্দৰ হোৱা চৰাই কেইটা শুভেৰীৰ ভিতৰত ৰখা হয়। শুভেৰিটোৰ সমুখত হাতেৰে সৰুকৈ বনুৱা এখন ধনু আৰু এমুঠি কাঁড় ওলোমাই ৰখা হয়। পূজা আৰম্ভ কৰাৰ আগতে বৰতী সকলে ওচৰৰ নৈ, বা কুঁৱাৰ পৰা পানী তুলিবলৈ যায়। বামুণৰ হতুৱাই এইদৰে পানীতোলা ঘট এটি বেদীত প্ৰতিষ্ঠা কৰি পঞ্চদেৱতাৰ নামত পূজা আৰম্ভ কৰা হয়। পূৰ্বতে এইদৰে পূজাৰীৰ হতুৱাই পূজা কৰাৰ নিয়ম প্ৰচলন নাছিল।
চৰাই পূজা নাৰীসকলৰ একচেতীয়া উৎসৱ। ইয়াত পুৰুষৰ নাম মাত্ৰহে স্থান। পুৰোহিতজনে শাস্ত্ৰীয় বিধিখিনি সম্পন্ন কৰাৰ পিছত মধ্যনিশা মূল অনুষ্ঠান আৰম্ভ হয়। বৰতী সকলে গীত মাত গাই নাচি বাগি বিভিন্ন ভংগীমাৰে গোটেই নিশা উজাগৰে কটায়। এই নৃত্য-গীতবোৰ প্ৰায়েই যৌন আবেদন পূৰ্ণ। পুৱাৰ ভাগত বৰতীসকলে শুভেৰী বিসৰ্জন দিয়ে। বিসৰ্জন দিয়াৰ লগেলগে চৰাই পূজা অনুষ্ঠান সম্পূৰ্ণ হয়। শেষত শুভেৰী বিসৰ্জন দি বৰতী সকলে মাহপ্ৰসাদ বিতৰণে কৰে আৰু অসমীয়া বিবাহ অনুষ্ঠানৰ দৰেই অতিথি আপ্যায়নৰ ব্যৱস্থা কৰা হয়।[3]
প্ৰচলিত বিশ্বাস
সম্পাদনা কৰকচৰে-বৰাতৰ উৎপত্তিৰ লগত ৰামায়ণৰ সীতা হৰণ কাহিনীৰ সম্পৰ্ক জড়িত আছে বুলি ভৱা হয়। কাৰণ জটায়ু পক্ষীয়ে সীতাৰ নিমিত্তে আত্মবলিদান দিছিল আৰু ৰামক ৰাৱণৰ কথা অৱগত কৰি শ্ৰীৰাম আৰু সীতাৰ পুনৰ মিলন সম্ভৱ কৰি তুলিছিল। সেই অৰ্থতে বেদীত ধনু-কাঁড় ৰখা হয় বুলি বিশ্বাস কৰা হয়। নাৰীৰ ধৈৰ্য, পতীব্ৰতা, একাগ্ৰতা, সৃষ্টিশীলতা আদি গুণ সমূহ চৰে-বৰাত অনুষ্ঠানৰ সৈতে জড়িত। এই উৎসৱে চৰাই প্ৰীতিৰো বাৰ্তা বহন কৰে বুলি ভৱা হয়। লোকবিশ্বাস অনুসৰি চৰাই পূজাই স্বামী-স্ত্ৰীৰ মিলন ঘটাই বিচ্ছেদ আঁতৰায়। কুমাৰী সকলে মনেৰে আশা কৰা ধৰণৰ ডেকা এজন স্বামী হিচাপে লাভ কৰিব বুলিও বিশ্বাস ৰাখে। পূজা শেষ হোৱাৰ পিছত চৰাইবোৰ নিজৰ নিজৰ ঘৰৰ গোঁসাই থাপনাত ৰখা হয়। চৰাই পূজা পালন বিভিন্ন গোপন ৰোগৰ প্ৰতিকাৰ কৰিব পাৰে বুলিও বিশ্বাস কৰা হয়।[4] আদিতে অকুমাৰী ছোৱালীবিলাকে বোৱতী নৈৰ পাৰত এই পূজা ভাগ অনুষ্ঠিত কৰিছিল। ৰাধা আৰু গোপী সকলে হেনো শ্ৰীকৃষ্ণক পতি ৰূপে পাৱলৈ যমুনা নৈৰ পাৰত গৌৰীব্ৰত পালন কৰিছিল। এই পূজাভাগো তাৰে এটি ৰূপ বুলি পুৰণি কালৰ পৰাই এক প্ৰৱচন চলি আহিছে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "পৰম্পৰাগত লোক উৎসৱ তীৰ্থ নগৰী হাজোৰ “চৰাই পূজা”". দৈনন্দিন বাৰ্তা. https://www.dainandinbartagroup.in/traditional-folk-festival-sith-nagari-hajos-bird-worship/। আহৰণ কৰা হৈছে: 27 March 2022.
- ↑ "উপযুক্ত পাত্ৰৰ সন্ধানত হাজোৰ কুমাৰীসকলে আয়োজন কৰিলে চৰাই পূজা". Da News Plus খবৰ নহয়, সততাৰ দলিল. https://danewsplus.com/2021/11/20/girls-in-hajo-are-offering-prayers-to-birds-so-as-to-get-good-grooms/। আহৰণ কৰা হৈছে: 27 March 2022.
- ↑ বিশ্বজিৎ বিশ্বাসী. "হাজোৰ লোক উৎসৱ চৰে-বৰাতঃ এক অৱলোকন". মণিকূট দৰ্পণ: 66-68.
- ↑ "চৰাই পূজা আৰু হাজো". হাজোৰ খবৰ. http://hajorkhabar.com/?p=1585। আহৰণ কৰা হৈছে: 27 March 2022.[সংযোগবিহীন উৎস]