হাজো

অসমৰ ঐতিহাসিক স্থান


হাজো (ইংৰাজী: Hajo) অসমকামৰূপ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন ঠাই। ই গুৱাহাটীৰ পৰা প্ৰায় ২৪ কি:মি: দুৰত্বত অৱস্থিত। হাজোক হিন্দু, বৌদ্ধ আৰু মুছলিম ধৰ্মৰ এক প্ৰাচীন তীৰ্থস্থান হিচাপে জনা যায়। এই অঞ্চলটোত বহুতো প্ৰাচীন মছজিদ-মন্দিৰ আদি দেখা পোৱা যায়।

হাজো

হাজো পোৱা মক্কাৰ হায়াগ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰৱেশদ্বাৰ
অৱস্থান হাজো, অসম, ভাৰত
নিকটৱৰ্তী নগৰ গুৱাহাটী
স্থানাংক 26°14′55″N 91°31′32″E / 26.24861°N 91.52556°E / 26.24861; 91.52556স্থানাংক: 26°14′55″N 91°31′32″E / 26.24861°N 91.52556°E / 26.24861; 91.52556
নিৰ্মাণ খ্ৰীষ্টীয় ১০–১৮ শতিকা
স্থাপত্যৰ শৈলী হিন্দু, বৌদ্ধ আৰু ভাৰত-ইছলামিক-মোগল স্থাপত্য[1][2]
পৰিচালক বৰ্গ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ
হাজো is located in অসম
হাজো
অসমৰ মেপত হাজোৰ স্থিতি
হাজো is located in ভাৰত
হাজো
হাজো (ভাৰত)

ব্যুৎপত্তি

সম্পাদনা কৰক

হাজো শব্দটো বড়ো শব্দ 'হাজো' (বড়ো : हाजो) ৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল পাহাৰ।[3]

এই ঠাইডোখৰৰ নাম হাজো কেনেকৈ হ’ল তাক সঠিককৈ ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও এই বিষয়ে বিভিন্ন প্ৰকাৰ কিম্বদন্তি আছে। কিছুমানে কয় যে- যেতিয়া যথাশক্তি চেষ্টা কৰিও দেৱতাসকলে তাৰকাসুৰক পৰাস্ত কৰিব নোৱাৰিলে, তেতিয়া চক্ৰপাণি বিষ্ণুৰ পৰামৰ্শক্ৰমে পুষ্পধনুক মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ পঠিওৱা হৈছিল। ইয়াৰেই কেদাৰ পাহাৰত যোগমগ্ন। শিৱৰ যোগভংগ হ’লত তেওঁৰ মুখৰপৰা হা যোগ’ ‘হা যোগ’ বুলি হেনো শব্দ উচ্চাৰিত হৈছিল। সেইদিনাৰপৰাই ইয়াৰ নাম ‘হা যোগ হয় আৰু তাৰপৰাই কালৰ সোঁতত পৰিৱৰ্তিত হৈ আজিৰ হাজো হৈছে।

আন কিছুমানৰ মতে চুলতান গিয়াচুদ্দিনৰ ইয়াতে পৰলোকপ্ৰাপ্তি হয়। তেওঁৰ কবৰত মক্কাৰপৰা অনা এপোৱা পৰিমাণৰ মাটি প্ৰথমতে হেনো দিয়া হৈছিল। সেই অনুসৰি ইয়াৰ নাম ‘পোৱামক্কা’ হয় আৰু ই মুছলমানসকলৰ পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়। হজ কৰিবলৈ যাব নোৱাৰাসকল ইয়ালৈ আহি হজ কৰাৰ চাৰিভাগৰ এভাগ ফল পায়। হজৰপৰাই হাজো নাম হোৱা বুলিও কিছুমানে দাবী কৰে।

তৃতীয় এটি মত অনুসৰি মহাযান মাৰ্গীয় বৌদ্ধসকলৰ তীৰ্থস্থান বুজাবলৈ ইয়াক মহাযান তীৰ্থক্ষেত্ৰ বোলা হৈছিল। এই মহাযান’শব্দৰ আদি আৰু শেষ আখৰ লোপ পাই হাজোলৈ সলনি হৈছে।

হাজো গুৱাহাটী লোক সভা সমষ্টিৰ অন্তৰ্ভুক্ত।[4]

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

পৰ্যটনৰ আকৰ্ষণস্থলী

সম্পাদনা কৰক
  • হয়গ্ৰীৱ মাধৱ দেৱালয় : এই দেৱালয় মণিকূট পাহাৰত অৱস্থিত। বৰ্তমানৰ দেৱালয়টো ১৫৮৩ খ্ৰীষ্টাব্দত ৰঘূদেব নাৰায়ণে নিৰ্মাণ কৰিছিল বুলি জনা যায়। কিছু বুৰঞ্জীবিদৰ মত অনুসৰি ইয়াৰ মূল দেৱালয়টো পালবংশৰ শাসনকালত ষষ্ঠ শতিকাত নিৰ্মাণ কৰা হৈছিল। এই দেৱালয়টো শিলেৰে নিৰ্মিত।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Bhuvan Vikrama (2017), Hajo, Office of Superintending Archaeologist, Archaeological Survey of India – Guwahati Circle, Guwahati, India
  2. Lavoni, Sama (2014). "Shayagriva Madhava Temple and Sacred Geography of Hajo". Proceedings of the Indian History Congress খণ্ড 75: 364–370. 
  3. Nath, D (January 1989). History of the Koch Kingdom, C. 1515-1615. ISBN 9788170991090. https://books.google.com/books?id=ECxUOSudNGYC&pg=PA87. 
  4. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক

পােৱামক্কাৰ (হাজো) ইতিহাস[সংযোগবিহীন উৎস]