ছগ্ৰা মিছাৱা বা ছগ্ৰা পূজা তিৱা জনগোষ্ঠী কৃষিভিত্তিক লোক-উৎসৱ।[1] তিৱাসকলে চ’তৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰৰপৰা ছগ্ৰা মিছাৱা পালন কৰে। ছগ্ৰা মানে সকলোৱে আৰু মিছাৱা মানে নাচা অৰ্থাৎ ছগ্ৰা মিছাৱা মানে সকলোৱে মিলিজুলি নৃত্য কৰা। ছগ্ৰা মিছাৱাত তিৱা সকলৰ সকলো ফৈদে অংশ গ্ৰহণ নকৰে। তিৱা সকলৰ আমচাই,মাৰ্জং, আৰ্মাৰ, লম্ফুই আৰু আমখা আদি ফৈদে অনুষ্ঠিত কৰে। এই উৎসৱ খেতিৰ বতৰৰ আৰম্ভণি চিহ্নিত কৰে।[2] এই উৎসৱৰ সময়ত গাঁৱৰ পুৰোহিত বা লোৰোৱে মিন্দাই লেখেৱা নামৰ এক অনুষ্ঠান পালন কৰে। এই ৰীতি-নীতিত লোৰোৱে অতীতত সংঘটিত বিভিন্ন দেৱতা আৰু ঘটনাৰ নাম আবৃত্তি কৰে যি কেইবা ঘণ্টাধৰি চলি থাকিব পাৰে। পিছাই (গাঁৱৰ জ্যেষ্ঠ) পান্থাই খেল (যুৱ গোট)ৰ উপস্থিতিত লোৰোৰ বাসগৃহত মাজনিশা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত হয়।[3]

ছগ্ৰা মিছাৱা
অন্তৰ বাৰ্ষিক
ঠাই পশ্চিম কাৰ্বি আংলং জিলা, অসম আৰু ৰি-ভৈ জিলা, মেঘালয়
প্ৰকাৰ কৃষিভিত্তিক লোক-উৎসৱ
পৃষ্ঠপোষক তিৱা জনগোষ্ঠী

ছগ্ৰা মিছাৱা উৎসৱৰ উৎপত্তি সন্দৰ্ভত তিৱাসকলৰ মাজত এটা কিংবদন্তিৰ দুটা পৃথক সংস্কৰণ আছে। আমচাই গাঁৱৰ সৈতে জড়িত এটা সংস্কৰণ অনুসৰি, এই উৎসৱটো মজিবৰ ছাগ্ৰা নামৰ এজন অনাথ ল'ৰায়ে প্ৰৱৰ্তন কৰিছিল। জনশ্ৰুতি অনুসৰি এদিন মাজিবৰে পাহাৰত ঘূৰি ফুৰাৰ সময়ত তেওঁ কিছুমান অস্বাভাৱিক ধৰণৰ বৰফৰ দৰে বগা ফুল পাইছিল। যেতিয়া গাঁৱৰ জ্যেষ্ঠসকলে ফুলবোৰৰ বিষয়ে গম পাই তেওঁলোকে ভাবিছিল এয়া দেৱতৰ পৰা এক উপহাৰ আৰু ইয়াক ধৰ্মীয় উৎসৱ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। যিহেতু ল'ৰাজন ছাগ্ৰা গোত্ৰৰ আছিল সেয়েহে এই উৎসৱটো তেওঁৰ বংশৰ নামেৰে নামকৰণ কৰা হৈছিল।

মাৰজং গোটৰ সৈতে সম্পৰ্কিত কাহিনীটোৰ আন এটা সংস্কৰণ মতে এদিন যেতিয়া শৰিপাহাই, সৰ্বোচ্চ দেৱতা থালিয়া, থোগ্ৰিয়া আৰু পালাখোংগৰৰ দৰে আন দেৱতাৰ সৈতে এখন সভাত বহি আছিল তেতিয়া আকাশৰ পৰা পুষ্পবৃষ্টি হৈছিল। ফুলবোৰ বৰ ধুনীয়া আছিল সেয়েহে থালিয়াই সেইবোৰ লগত লৈ গৈছিল আৰু তেওঁৰ গাঁৱৰ ডেকা ল'ৰাবোৰক দিছিল। ফুলবোৰে নাচিবলৈ আৰম্ভ কৰা শিশুসকলক আকৰ্ষিত কৰিছিল। তেওঁলোকৰ আনন্দ দেখি দেৱতাসকলে উদযাপন কৰি অনুষ্ঠানটো স্মৰণ কৰাৰ সিদ্ধান্ত লৈছিল। লক্ষণীয় যে ছগ্ৰা উৎসৱ প্ৰথমে আমচাইত অনুষ্ঠিত হৈছিল বুলি কোৱা হয়।[4]

নীতি-নিয়ম

সম্পাদনা কৰক

প্ৰতিবছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সপ্তাহটোৰ বুধবাৰৰ পৰা দেওবাৰ-সোমাবাৰলৈকে ছগ্ৰা মিছাৱা অনুষ্ঠিত কৰা হয়। ছগ্ৰা উৎসৱ উদযাপনৰ আগত অৰ্থাৎ বুধবাৰৰ দিনা ফাদৰ নামৰ বিষয়া জনৰ সৈতে ৰাইজৰ ফালৰ পৰা হালধি, আদা, আলু, কচু আদি জমা দিয়া সময়তে ৰজাঘৰৰ চোতালত বাঁহী বজাই নাচে। সেইদিনা তেওঁলোকে ৰজাঘৰতে নিশাটি কটোৱা দেখা যায়। পিছদিনা ৰজাৰ পৰা আৰ্শীবাদ লৈ ৰজাৰ পাগুৰিটো আৰু তামোলৰ ঠোকটো দলৈৰ নামৰ বিষয়া জনৰ জনৰ ঘৰত জমা দিয়ে। দলৈৰে বা দলৈ ঘৰে ৰজাৰ নামত এটা বগা মতা চৰাই কাটি ছ'গ্ৰা উৎসৱৰ সময়ত অমংগল নহ'বৰ বাবে আশীৰ্বাদ দিয়ে। শনিবাৰৰ দিনাৰ ৰজাৰ নামত উৰ্চগা কৰী মুৰ্গীৰ মাংসখিনি বাঁহৰ খৰিচা আৰু ছামচুৰি নামৰ এবিধ বনশাকেৰে সিজোৱা হয়। ইয়াকে সকলো বিষযববীয়াৰ লগতে চাংদলৈ, ছাংমাজি সুৰুমাই সাঁজ (চ্যু/জ্যু) পানী লগত খাজি হিচাবে খায়।

বৃহস্পতিবাৰে ফাইকমূল নামৰ বিষয়াজনৰ ঘৰত সকলো ৰাইজ একগোট হৈ পানীত থকা দল টানিবলৈ যায়। ৰাইজে দলখিনি আনি গাওঁ পোৱা পিছত পাণ্ঠাই (যুৱক) সকলে খ্ৰাম[5] (ঢোল) পাংছি (বাঁহী) আৰু থুৰাং (সাধাৰণ বাঁহীত কৈ কিছু দীঘল) বজাই উকি মাৰি ছামাদিৰ সন্মুখৰ চোতালত নতুন ঢাৰি পাৰি দিয়ে। ঢাৰিত বহি পোন প্ৰথমে পানী পৰা তুলি অনা দলখিনি নিদিষ্ট এটা জোখত কাটি পিছত দলখিনি চেপি তাৰ পৰা মজাখিনি উলিয়াই চেপি উলিওৱা মজাখিনিক এক-ডেৰ মিটাৰ মানৰ দীঘল বাহৰ কাঠীৰে ফুলৰ থোপা দৰে সূতাৰে বান্ধি দিয়া হয়। বান্ধি দিয়া শেষত বগা মদাৰ ফুলৰ থোপা সদৃশ দেখা যায়। সেইকাৰণে ইয়াক খুমখাটি অথ্যাৎ ফুলখাটি বোলা হয়। এনে ফুলখাটি তিনিজন ব্যক্তিৰ মূৰত ক্ৰমে তিনিডালকৈ পাগুৰিৰে মেৰিয়াই বান্ধি দিয়ে। ফুলখাটি পিন্ধা এই তিনিজন ব্যক্তিক ক্ৰমে টেঙৰে, মুঠি মুছলুং আৰু মুঠি মছৱা বুলি কোৱা হয়। তদুপৰি যিজন ব্যক্তিৰ মূৰত ইকৰাৰ ফুল পাগুৰিৰে বান্ধি দিয়ে, তেওঁক 'ফুৰা' বোলা হয়। আন এজনৰ মূৰত গছৰ ডালেৰে শিং সজাই তাক পাগুৰিৰে বান্ধি দিয়ে। এইজনক 'মছ' অথ্যাৎ পহু বোলা হয়। ছগ্ৰা নৃত্য সময়ত খ্ৰাম পাংছি থুৰাঙৰ তালে তালে পুৰা বা বুঢ়াৰ পিছত মছ আৰু তাৰ পিছে পিছে মুঠি মছৱা আৰু মুঠি মুছলুঙে নাচে। ফুলকাঠি পিন্ধা এই তিনিজন ব্যক্তিকে এটা শব্দত 'খামেলা' বুলিও কোৱা হয়।

তিৱাসকলে ব’হাগ বিহুৰ পিচৰ বুধবাৰে বিহু পালন কৰে। তিৱাসকলৰ মতে বুধবাৰ এক পবিত্ৰ দিন। ফাগুন-চ’ত আৰু বহাগৰ আৰম্ভণিতে কোনো এটা নিৰ্দিষ্ট বুধবাৰে দিন ধাৰ্য কৰি এই উৎসৱৰ পাতনি মেলা হয়।[6] এই উৎসৱটো সাধাৰণতে ফেব্ৰুৱাৰী-মাৰ্চ মাহত উদযাপন কৰা হয়। ইয়াক আমখা, আমচাই, আমৰি, মাৰ্জং আৰু লুম্ফুই গাঁৱৰ দ্বাৰা পালন কৰা বসন্ত উৎসৱ বুলি ক'ব পাৰি।[7] এই চাৰিখন মূল গাওঁ যিয়ে ছগ্ৰা উৎসৱ উদযাপনৰ পৰম্পৰা বজাই ৰাখে। সাধাৰণতে এই উৎসৱ বুধবাৰে আৰম্ভ হয় আৰু সোমবাৰৰ দিনা শেষ হয়। তিৱা যুৱক-যুৱতীসকল উৎসৱৰ সৈতে জড়িত বিভিন্ন কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

  1. Expert, NE Travel (2020-04-19). "THE TIWA TRIBE" (en-US ভাষাত). NE Tribe. https://www.ne.cab/tribe/the-tiwa-tribe/। আহৰণ কৰা হৈছে: 2021-11-17. 
  2. দাস, ছবিনী (১৪ এপ্ৰিল ২০১৪). "অসমৰ বসন্ত উৎসৱ". https://xahitya.org/অসমৰ-বসন্ত-উৎসৱ-ছবিনী-দাস/। আহৰণ কৰা হৈছে: ৫ জানুৱাৰী ২০২২. 
  3. "SOGRA MISAWA BEING CELEBRATED BY THE TIWA COMMUNITY - INSIDE NE" (en-US ভাষাত). https://www.insidene.com/sogra-misawa-celebrated-tiwa-community/। আহৰণ কৰা হৈছে: 2021-11-17. 
  4. Patar, Raktim (2021-02-14) (en ভাষাত). The Tiwa Ethnohistory. Notion Press. ISBN 978-1-63745-518-0. https://books.google.com/books?id=tRAeEAAAQBAJ&dq=wanchuwa+festival&pg=PT51. 
  5. আম্ফি মান্তা, মুংছাজ বৰ্ণালী (১৪ এপ্ৰিল ২০১৭). "তিৱা জাতি আৰু ঢোলবাদ্য". https://xahitya.org/tiwa-dhol/। আহৰণ কৰা হৈছে: ৫ জানুৱাৰী ২০২২. 
  6. শৰ্মা, তপন কুমাৰ. "অসমৰ তিৱাসকল". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9f0-9a49bf9f19be9b89959b2। আহৰণ কৰা হৈছে: ৫ জানুৱাৰী ২০২২. 
  7. "Tiwa Community Festivals Issues and analysis @ abhipedia Powered by ABHIMANU IAS" (en-us ভাষাত). abhipedia.abhimanu.com. https://abhipedia.abhimanu.com/Article/State/NDY3MAEEQQVVEEQQVV/Tiwa-Community-Festivals-Assam-State। আহৰণ কৰা হৈছে: 2021-11-17.