ছন্নো দেৱী (জন্ম: ১ জুন ১৯০১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ পঞ্জাব ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ছন্নো দেৱীয়ে পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যৰ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ১৯৬২ চনৰ ১৯ মাৰ্চৰ পৰা ১৯৬৬ চনৰ ৩১ অক্টোবৰলৈ পঞ্জাব বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম গৰাকী মহিলা বিধানসভাৰ অধ্যক্ষ।[1] তেওঁ ৬ ডিচেম্বৰ ১৯৬৬ চনৰ পৰা ১৭ মাৰ্চ ১৯৬৭ চনলৈ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল।[2][3]

ছন্নো দেৱী
হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ
কাৰ্যকাল
৬ ডিচেম্বৰ ১৯৬৬ – ১৭ মাৰ্চ ১৯৬৭
পঞ্জাব বিধানসভাৰ উপাধ্যক্ষ
কাৰ্যকাল
১৯ মাৰ্চ ১৯৬২ – ৩১ অক্টোবৰ ১৯৬৬
ব্যক্তিগত তথ্য
জন্ম ১ জুন ১৯০১
মুলতান, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
পেচা ৰাজনৈতিক নেতা

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯০১ চনৰ ১ জুন তাৰিখে ব্ৰিটিছ ভাৰতৰ মুলতানত ছন্নো দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লাল সইত ৰাম খান্না এগৰাকী ব্ৰিটিছ চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছিল। তেওঁ পঞ্জাবৰ জলন্ধৰত অৱস্থিত কন্যা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হৈছিল। তেওঁ ছাত্ৰী অৱস্থাৰে পৰা ৰাজনীতিৰ ফালে আকৃষ্ট হৈছিল আৰু এগৰাকী ছাত্ৰনেতা হিচাপে তেওঁ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। তেওঁ কংগ্ৰেছ পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে জিলা কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁ ভাৰতলৈ আহে আৰু পঞ্জাবত নিগাজীকৈ থাকিবলৈ লয়। তেওঁ পঞ্জাব বিধানসভালৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু পিছলৈ হাৰিয়ানা বিধানসভালৈও তেওঁ নিৰ্বাচিত হয়।[4]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

ছন্নো দেৱীয়ে জিলা কংগ্ৰেছৰ সভাপতিৰ পদ লাভ কৰাৰ পিছত তেওঁ পঞ্জাব বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট লাভ কৰে। তেওঁ ১৯৫১ চনৰ পৰা ১৯৫৭ চনলৈ অমৃতচৰ বিধানসভা সমষ্টিৰ পৰা আৰু ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈ জগধ্ৰী সমষ্টিৰ পৰা পঞ্জাব বিধানসভালৈ দুবাৰকৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৪০ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাব প্ৰদেশৰ মুলতান বিধানসভা সমষ্টিৰ জয়লাভ কৰিছিল। অবিভক্ত ভাৰতৰ এই নিৰ্বাচনত তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিখ্যাত নেতা ছাৰ গংগা ৰামৰ পুত্ৰক প্ৰায় ৬০০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। তেওঁ একে সমষ্টিৰ পৰা ১৯৪৬ চনত নিকটতম প্ৰতিদ্বন্দ্বীক প্ৰায় ১৯০০০ ভোটৰ ব্যৱধানত নিৰ্বাচিত হয়।[5] সেইদৰে তেওঁ ১৯৫১ চনৰ নিৰ্বাচনত বি.জে.এছ.ৰ প্ৰাৰ্থী প্ৰকাশ চান্দক প্ৰায় ৮০০০ ভোটৰ ব্যৱধানত হৰুৱাইছিল।[6] আকৌ ১৯৬২ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনত তেওঁ জে.এছ.ৰ ইন্দৰ চেইনক প্ৰায় ৫০০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।[7] তেওঁ ১৯৬২ চনৰ ১৯ মাৰ্চৰ পৰা ১৯৬৬ চনৰ ৩১ অক্টোবৰলৈ পঞ্জাব বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে তেওঁ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হিচাপে পদ গ্ৰহণ কৰে। ইয়াৰ লগতে তেওঁ হাৰিয়ানা বিধানসভাৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[8] তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম গৰাকী মহিলা বিধানসভাৰ অধ্যক্ষ।[9]

তথ্য উৎস সম্পাদনা কৰক

  1. "first woman deputy speakers in India". books.google.co.in. https://books.google.co.in/books?id=4_Rl5c_v1-kC&pg=PA59&dq=Shanno+Devi+Speaker&hl=en&sa=X&ved=0ahUKEwjWprbHuvLUAhWHM48KHf-NBesQ6AEIKzAB#v=onepage&q=Shanno%20Devi%20Speaker&f=false। আহৰণ কৰা হৈছে: 2017-07-05. 
  2. "Haryana Legislative Assembly speaker". legislativebodiesinindia.nic.in. Archived from the original on 2017-05-13. https://web.archive.org/web/20170513091707/http://legislativebodiesinindia.nic.in/STATISTICAL/Haryana.htm। আহৰণ কৰা হৈছে: 2017-07-05. 
  3. "only woman to occupy a prominent position was Shanno Devi, the first Speaker of the Haryana Vidhan Sabha.". tribuneindia.com. http://www.tribuneindia.com/2009/20091014/haryana.htm#6। আহৰণ কৰা হৈছে: 2017-07-05. 
  4. "List of Successful Candidates in Punjab Assembly Election in 1962". elections.in. http://www.elections.in/punjab/assembly-constituencies/1962-election-results.html। আহৰণ কৰা হৈছে: 2017-07-09. 
  5. "1940 & 1946 election of Multan". books.google.co.in. https://books.google.co.in/books?id=Y40MAAAAYAAJ&pg=RA4-PA31&dq=Shanno+Devi&hl=en&sa=X&ved=0ahUKEwi5_MypqfLUAhUKRY8KHQV-C-AQ6AEIKTAB#v=onepage&q=Shanno%20Devi&f=false। আহৰণ কৰা হৈছে: 2017-07-05. 
  6. "Election Results in Amritsar City West, Punjab". elections.traceall.in. http://elections.traceall.in/vidhan-sabha-assembly-election-results/Amritsar-City-West-in-Punjab। আহৰণ কৰা হৈছে: 2017-07-05. 
  7. "Election Results in Jagadhri, Punjab". elections.traceall.in. http://elections.traceall.in/vidhan-sabha-assembly-election-results/Jagadhri-in-Punjab। আহৰণ কৰা হৈছে: 2017-07-05. 
  8. "Haryana Review, September 2009, Vol 23 Issue 8" (PDF). Haryana Review. পৃষ্ঠা: 12. Archived from the original on 17 May 2018. https://web.archive.org/web/20180517030557/http://haryanasamvad.gov.in/store/document/haryana_review_SEPTEMBER-2009.pdf। আহৰণ কৰা হৈছে: 14 February 2019. 
  9. "first woman deputy speakers in India". books.google.co.in. https://books.google.co.in/books?id=4_Rl5c_v1-kC&pg=PA59&dq=Shanno+Devi+Speaker&hl=en&sa=X&ved=0ahUKEwjWprbHuvLUAhWHM48KHf-NBesQ6AEIKzAB#v=onepage&q=Shanno%20Devi%20Speaker&f=false। আহৰণ কৰা হৈছে: 2017-07-05. 

বাহ্যিক সংযোগ সম্পাদনা কৰক