ছবিলাল উপাধ্যায় (সাহিত্যিক)

ছবিলাল উপাধ্যায় (জন্ম: ৩ নৱেম্বৰ, ১৯৩৬) এগৰাকী শিক্ষক, সাহিত্যিক। তেখেতে ১৯৯৮ চনত সাহিত্য অকাডেমি অনুবাদ বঁটা [1] আৰু ২০২১ চনত উষা-অনিৰুদ্ধ মহাকাব্যৰ বাবে পুনৰবাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2]

ছবিলাল উপাধ্যায়

অৱসৰৰ পিছত ছবিলাল উপাধ্যায়
জন্ম ৩ নৱেম্বৰ, ১৯৩৬
বিশ্বনাথ ঘাট, দৰং জিলা (পূৰ্বৰ), বিশ্বনাথ জিলা (বৰ্তমান)
পেচা শিক্ষক, সাহিত্যিক
দাম্পত্যসঙ্গী বিষ্ণু মায়া দেৱী
সন্তান দেৱৰাজ উপাধ্যায় (পুত্ৰ), গোপাল খাতিওডা (পুত্ৰ), হেমলতা দেৱী (কন্যা), ৰেখা দেৱী (কন্যা)
বঁটা, সন্মান, পুৰস্কাৰ আদি নেপালী ভাষাৰ সাহিত্য অকাডেমি অনুবাদ বঁটা (১৯৯৮), সাহিত্য অকাডেমি বঁটা (২০২১),

১৯৭৫ চনৰ পৰা সাহিত্য চৰ্চা আৰম্ভ কৰা উপাধ্যায়ে ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰে। তেওঁ বৰ্তমান শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী অঞ্চলৰ ৬নং ৱাৰ্ডৰ বাসিন্দা।

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

বৰ্তমানৰ বিশ্বনাথ জিলা[3] বিশ্বনাথ ঘাট অঞ্চলত ১৯৩৬ চনৰ ৩ নৱেম্বৰ তাৰিখে ছবিলাল উপাধ্যায় দেৱৰ জন্ম হয়। তেওঁৰ পিতৃ স্বৰ্গীয় ৰামনাথ উপাধ্যায় আৰু মাতৃ স্বৰ্গীয় ধনমায়া উপাধ্যায়।

তেখেতৰ অধ্যয়নৰ শৈক্ষিক ক্ষেত্ৰ খনত অন্তৰ্ভুক্ত হৈছে সাহিত্য ৰত্ন, ৰাষ্ট্ৰভাষা ৰত্ন, পাৰংগত আৰু জাৰ্নেলিজম।

তেখেত বিষ্ণু মায়া দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি পুত্ৰ সন্তান ক্ৰমে দেৱৰাজ উপাধ্যায়, গোপাল খতিওডা আৰু দুগৰাকী কন্যা সন্তান ক্ৰমে হেমলতা দেৱী আৰু ৰেখা দেৱী। কৰ্মসূত্ৰে উপাধ্যায় দেৱ বৰ্তমান শোণিতপুৰ জিলাঢেকীয়াজুলি অঞ্চলৰ ৬নং ৱাৰ্ডৰ বাসিন্দা।

সেৱা আৰু সাহিত্য

সম্পাদনা কৰক

পেছাগত ভাৱে উপাধ্যায় দেৱ এগৰাকী শিক্ষক আৰু সাহিত্যিক। তেওঁ শোণিতপুৰ জিলাৰ ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক হিচাপে কৰ্মৰত আছিল।[4] ১৯৯৫ চনত তেওঁ শিক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ ১৯৭৫ চনৰ পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰে যদিও ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। তেওঁ চন্দ্ৰনাথ শৰ্মা, ঘনশ্যাম বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। তৎকালীন ব্ৰিটিছ চৰকাৰে কাজিৰঙাৰ আশে-পাশে থকা গোৰ্খা আৰু মিচিং লোকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্ৰস্তুতি চলায়। ছবিলাল উপাধ্যায়ে ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত ‘অসম এছোচিয়েচন’ৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰে আৰু প্ৰস্তাৱটো গৃহীত হয়। ‘অসম এছোচিয়েচন’ৰ লগত যুক্ত ছবিলাল উপাধ্যায়ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্ৰিলৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা সভাত ‘অসম এছোচিয়েচন’ক অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয়। ছবিলাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়। বৃটিছে ছবিলাল উপাধ্যায়ক কংগ্ৰেছৰ পৰা আঁতৰত ৰাখিবলৈ মৌজাদাৰ,কাউন্সিলাৰ, বৰলাট আদি লোভনীয় পদ যাচিছিল। তেওঁ এই সকলোবোৰ প্ৰত্যাখ্যান কৰি গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে যোগদান কৰিছিল আৰু ছমাহ কাৰাবাস খাটিছিল। জেলৰ পৰা ওলাই আহি তেওঁ বিদেশী বস্তু বৰ্জন কাৰ্যসূচীত সহযোগ কৰে আৰু প্ৰথমে নিজৰ ঘৰত থকা বিদেশী বস্তু জ্বলায়। তেওঁ স্থানীয়ভাবে স্বদেশী বিদ্যালয় স্থাপনত আগভাগ লয়। ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।[3]

প্ৰকাশিত গ্ৰন্থ আদি

সম্পাদনা কৰক

১৯৭৫ চনৰ পৰা লিখিবলৈ আৰম্ভ কৰা উপাধ্যায় দেবে ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই, তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থসমূহৰ ভিতৰত কবিতা, সমালোচনা, পৌৰাণিক আখ্যান, অনুবাদ সাহিত্য আদি বিদ্যমান। এই গ্ৰন্থসমূহ হৈছে-

  1. লীল বাহাদুৰ ছেত্ৰী তথা উনকো ব্ৰহ্মপুত্ৰকো ছেউ ছাউ, সমালোচনা (১৯৯০ চন)
  2. পবন দূত,অস্তিত্ব বোধ (খণ্ডকাব্য, ১৯৯০-৯১)
  3. চন্দ্ৰগুপ্তা নাটক (অনুবাদ,-১৯৯২ চন) (সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত, ১৯৯৮ চন)
  4. কামৰূপা কাব্য (১৯৯৫ চন)
  5. ছবি কবিতা সংগ্ৰহ (২০০০ চন)
  6. শাকুন্তল মহাকাব্য : এক দৃষ্টি (সমালোচনা, ২০০১ চন)
  7. দেবকোটা মহাকাব্য (২০০২ চন)
  8. মিৰি কন্যা (অসমীয়া মিৰি জিয়ৰী নেপালী অনুবাদ, ২০০৫ চন)
  9. দেৱকোটাকো ব্যক্তিত্ব তথা উনকো মুনামদন, গীতি কাব্যৰ সমালোচনা (২০০৫ চন)
  10. স্কন্দগুপ্ত (অনুবাদঃ নাটক, ২০০৩ চন)
  11. কবিৰ কবিতা (কবিতা সঙ্কলন, ২০০৮ চন)
  12. কীৰ্ত্তন ঘোষা (শ্ৰীশ্ৰী শংকৰদেৱ বিৰচিত) নেপালী অনুবাদ যুগ্ম (২০০৮ চন)
  13. মৃত্যুঞ্জয় (ডা০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বিৰচিত নেপালী অনুবাদ, ২০০৯ চন)
  14. গুৰুপুত্ৰ (ডা০ ভৃণ্ডমোহন গোস্বামী বিৰচিত “গোসাঁইৰ ল’ৰা”ৰ নেপালী অনুবাদ, ২০১১)
  15. কল্পনা মাধুৰী (কবিতা সংকলন, ২০১১ চন)
  16. ছন্দৰ অলংকাৰ (লক্ষণ গ্ৰন্থ, ২০১১ চন)
  17. উত্তৰ পূৰ্বাঞ্চল ভাৰতীয় নেপালী সাহিত্য কো গতিবিধি মাথি : এক দৃষ্টি (২০১২ চন)
  18. সমীক্ষাত্মক নিবন্ধহৰু (নিবন্ধ সংকলন, ২০১২ ২০) নিবন্ধাবলী (নিবন্ধ সংকলন, ২০১৩ চন)
  19. লৌহিত্য (প্ৰবন্ধ কাব্য, ২০১৪ চন)
  20. চানাকা লহৰ হক (আত্মকথাত্মক প্ৰবন্ধ, ২০১৪ চন)
  21. ভূমিকেই ভূমিকা (ভূমিকা নিবন্ধ, ২০১৫ চন)
  22. ঔড়াহামা বাঁচেকো জীবন (কথা সংকলন, ২০১৬ চন)
  23. কাব্যসেতু (কবিতা সংকলন, ২০১৭ চন)
  24. ঊষা অনিৰুদ্ধ (মহাকাব্য, ২০১৮ চন) (২০২১ চনৰ সাহিত্য একাডেমি বঁটা প্ৰাপ্ত)
  25. বিবিধাবলী (সমীক্ষাত্মক নিবন্ধ, ২০২০ চন)
  26. মেৰো জন্মভূমি (কবিতা সংকলন, ২০২১ চন)
  27. স্ৰষ্টা, সৃষ্টি তথা দৃষ্টি (সমীক্ষাত্মক নিবন্ধ,২০২১ চন)

এইসমূহৰ বাদেও ১৯৮৭ চনৰ পৰা ধাৰাবাহিকভাৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা তেখেতৰ বিভিন্ন চুটি গল্প, কবিতা তথা বিভিন্ন লেখা আদি প্ৰচাৰিত হৈ আহিছে।

বঁটা আৰু সন্মান

সম্পাদনা কৰক

নেপালী সাহিত্যত উপাধ্যায় দেৱে হিন্দী সাহিত্যৰ পৰা অনুবাদ কৰা গ্ৰন্থ চন্দ্ৰগুপ্তা নাটকৰ বাবে ১৯৯৮ চনৰ সাহিত্য একাডেমিৰ অনুবাদ বঁটা লাভ কৰে। একে বছৰতে নেপালী সাহিত্য সভাই তেখেতক কবি পুষ্পলাল উপাধ্যায় স্মৃতি পুৰস্কাৰৰে সন্মানিত কৰে। ২০২০ বৰ্ষত নেপালী সাহিত্য অধ্যয়ন সমিতি কালেবুংপ বংগৰ তৰফৰ পৰা তেখেতলৈ ডা৹ পাৰশমণি পুৰস্কাৰ আগবঢ়োৱা হয়। ২০২১ বৰ্ষত উপাধ্যায় দেৱে মদন স্মাৰক সন্মান আৰু পুৰস্কাৰ, শিৱলাল শাস্ত্ৰী পুৰস্কাৰৰ উপৰি ঊষা-অনিৰুদ্ধ মহাকাব্যৰ বাবে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। ইয়াৰোপৰি ৰাজ্যচৰকাৰৰ ২০২১ বৰ্ষৰ চৈয়দ আব্দুল মালিক বঁটাৰ বাবেও তেখেতক নিৰ্বাচিত কৰা হয়।[5]

অসম চৰকাৰৰ দ্বাৰা ২০০৩ চনৰ পৰা তেখেতক আজীৱন সাহিত্যিক পেঞ্চন প্ৰদান কৰি থকা হৈছে।

তথ্যসূত্ৰ

সম্পাদনা কৰক