ছমপট (ইংৰাজী: sampot; খমেৰ: សំពត់ /sɑmpʊət/ খমেৰ উচ্চাৰণ: [sɑmpɔt])[1], হৈছে দেহৰ তলৰ অংশত চাৰিওফালে মেৰিয়াই পিন্ধা এবিধ দীঘল, আয়তাকাৰ বস্ত্ৰ। ই কম্বোডিয়াৰ এবিধ পৰম্পৰাগত পোছাক।[2] ইয়াক বিভিন্ন ধৰণে ভাঁজ কৰি পিন্ধিব পাৰি। দক্ষিণ এছিয়াৰ পৰম্পৰাগত সাজ-পোছাক ধুতিৰ সৈতে ছমপটৰ মিল আছে। কম্বোডিয়াৰ চুবুৰীয়া দেশ লাওছ আৰু থাইলেণ্ডতো ছমপট পৰিধান কৰা হয় আৰু ইয়াত ইয়াক ফা নুং (থাই: ผ้านุ่ง [pʰâː nûŋ]) বুলি জনা যায়।[3]

ছমপট পৰিধান কৰা এগৰাকী পৰম্পৰাগত নৃত্যশিল্পী

উৎপত্তি সম্পাদনা কৰক

এবাৰ ফুনান যুগৰ এজন কম্বোডিয়াৰ ৰজাই চীনা দূতৰ অনুৰোধত নিজৰ ৰাজ্যৰ লোকসকলক ছমপট পিন্ধিবলৈ নিৰ্দেশ দিছিল[4] আৰু তেতিয়াৰ পৰাই ছমপটৰ উৎপত্তি হৈছিল বুলি কোৱা হয়। ভাৰত উপমহাদেশত পৰিধান কৰা লুঙী আৰু ধুতি, বাৰ্মাত পৰিধান কৰা লংয়ী, আৰু দক্ষিণ-পূব এছিয়াৰ দ্বীপসমূহত পৰিধান কৰা ছাৰঙৰ সৈতে ছমপটৰ মিল আছে। ৰেচমৰ কাপোৰ বোৱা কম্বোডিয়াৰ সাংস্কৃতিক অতীতৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। টাকেও প্ৰদেশৰ লোকসকলে ফুনান যুগৰ পৰাই ৰেচমৰ কাপোৰ বৈছিল আৰু বিভিন্ন শিল্প-কলা আৰু ঝৌ ডাগুয়ানৰ প্ৰতিবেদনত প্ৰাচীন কালৰে পৰা তাঁতশালত ছমপট বোৱাৰ তথ্য প্ৰকাশ কৰা হৈছিল।[4]

ছমপট তৈয়াৰ কৰিবলৈ কিছুমান জটিল পদ্ধতি আৰু জটিল আৰ্হি উদ্ভাৱন কৰা হৈছে, ইয়াৰে ভিতৰত এটা হ’ল “হোল পদ্ধতি”। এই পদ্ধতিত ছমপট বোৱাৰ আগতে ৰেচমৰ ওপৰত আৰ্হি ৰং কৰা হয়। অন্য এটা কৌশল হৈছে “অসমান টুইল কৌশল”। এই কৌশলটো কম্বোডিয়াৰ শিপিনীসকলৰ বাবে এক অনন্য পদ্ধতি আৰু তেওঁলোকে এনে অস্বাভাৱিক পদ্ধতি গ্ৰহণ কৰাৰ কাৰণ এতিয়াও স্পষ্ট নহয়।[5]

ছমপটক পুৰণি খমেৰ ভাষাত কি নাম ব্যৱহাৰ কৰা হৈছিল সেই বিষয়ে বহুত কমেইহে জনা যায় আৰু ছমপটৰ বৰ্তমান ৰূপটো সময়ৰ লগে লগে মূল আংকোৰিয়ান বস্ত্ৰশিল্পৰ পৰা পৃথক হৈছে যদিও জনা নাযায়। প্ৰাচীন ভেটি-শিল্পকলাবোৰৰ পৰা অৱশ্যে বস্ত্ৰবোৰৰ অতীতৰ ৰূপ, আৰ্হি আদি সম্পৰ্কে অনুমান কৰিব পাৰি। বিয়া আৰু অন্ত্যেষ্টিক্ৰিয়াত আৰু মন্দিৰ সজোৱাৰ বাবে ৰেচমৰ পৰা বোৱা কাপোৰ ব্যৱহাৰ কৰা হৈছিল।[6]

বস্ত্ৰ-শিল্প সম্পাদনা কৰক

কম্বোডিয়াত তিনি ধৰণৰ গুৰুত্বপূৰ্ণ ৰেচমৰ বস্ত্ৰ পোৱা যায়। ইয়াৰ ভিতৰত ইকাট ৰেচম (খমেৰ ভাষাত চং কিয়েট) বা হোল, টুইল পেটাৰ্ণযুক্ত ৰেচম আৰু ৱেফ্ট ইকাট বস্ত্ৰ। ৱেফ্টৰ সূতাত প্ৰাকৃতিক আৰু কৃত্ৰিম আঁহ বান্ধি আৰ্হি তৈয়াৰ কৰা হয় আৰু তাৰ পিছত ইয়াক ৰং কৰা হয়। আৰ্হিবোৰ দৃঢ় নোহোৱালৈকে আৰু কাপোৰ বোৱালৈকে বিভিন্ন ৰঙৰ ব্যৱহাৰ কৰি পদ্ধতিটো পুনৰাবৃত্তি কৰা হয়।

পৰম্পৰাগতভাৱে পাঁচটা ৰং ব্যৱহাৰ কৰা হয়, প্ৰধানকৈ ৰঙা, হালধীয়া, সেউজীয়া, নীলা আৰু ক’লা। ছমপট হোলক শৰীৰৰ তলৰফালে পিন্ধা কাপোৰ হিচাপে আৰু ছমপট চং ক্বেন হিচাপে ব্যৱহাৰ কৰা হয়। ধৰ্মীয় উদ্দেশ্যেৰে কৰা আনুষ্ঠানিক ফাঁচী কাৰ্যত পিডান হোল ব্যৱহাৰ কৰা হয়।

প্ৰকাৰভেদ সম্পাদনা কৰক

পিন্ধাৰ ধৰণ অনুসৰি বিভিন্ন প্ৰকাৰৰ ছমপট পোৱা যায়। সাধাৰণ নিয়মীয়া ছমপট, যাক ছাৰং বুলিও কোৱা হয়, সাধাৰণতে নিম্ন শ্ৰেণীৰ পুৰুষ-মহিলাই পিন্ধে। ইয়াৰ জোখ প্ৰায় ডেৰ মিটাৰ আৰু দুয়োটা মূৰ একেলগে চিলাই কৰা হয়। ইয়াক কঁকালৰ পৰা পিছলি নপৰিবলৈ বান্ধি লোৱা হয়।

  • ছমপট ফামুং (ইংৰাজী: Sampot Phamuong, សំពត់ផាមួង)[7] : ছমপট ফামুং বোৰ হৈছে বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খমেৰ বস্ত্ৰশিল্প। এই বস্ত্ৰবোৰ একৰঙী আৰু টুইল পদ্ধতিত বোৱা হয়। বৰ্তমান ছমপট ফামুং ৫২টা ৰং ব্যৱহাৰ কৰি বোৱা হয়। ফামুং চোৰাবাপ (Phamuong Chorabap) হৈছে ২২টালৈকে বেজী ব্যৱহাৰ কৰি বোৱা কৰা এক প্ৰকাৰৰ বিলাসী বস্ত্ৰ। ফামুং বিভিন্ন প্ৰকাৰবোৰ হ'ল ৰাবাক (rabak), চ'ৰকুং (chorcung), আনলৌন (anlounh), কানেইভ (kaneiv) আৰু বাণ্টক (bantok)। ইয়াত সাধাৰণতে ফুল আৰু জ্যামিতিক আৰ্হি ব্যৱহাৰ কৰা হয়। ফামুং তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা আটাইতকৈ মূল্যৱান ৰেচম হৈছে কম্বোডিয়াৰ হালধীয়া ৰেচম, যিটো এই অঞ্চলত ইয়াৰ উন্নত মানৰ বাবে জনাজাত। ৰেচমৰ ওপৰত থকা প্ৰাচীন আৰ্হিৰ পৰা প্ৰেৰণা লাভ কৰি নতুন নতুন ডিজাইনে সৃষ্টি কৰা হৈছে।
  • ছমপট হোল (ইংৰাজী: Sampot Hol; សំពត់ហូល)[8] : হৈছে এবিধ সাধাৰণ পৰম্পৰাগত বস্ত্ৰ। ছমপট হোল দুবিধ, এটা ৰেপিং স্কাৰ্ট য’ত চাং কিয়েট আৰু টুইল ৱেভ নামৰ কৌশল ব্যৱহাৰ কৰা হয়। ভাৰতীয় পাটোলাৰ দ্বাৰা প্ৰভাৱিত হৈ ই শতিকাজুৰি আৰ্হি আৰু কৌশল বিকশিত কৰি প্ৰকৃত খমেৰ শিল্প শৈলীলৈ পৰিণত হৈছিল। হালধীয়া, ৰঙা, বাদামী, নীলা আৰু সেউজীয়া আদি ৰঙৰ তিনিটাৰ পৰা পাঁচটা ৰঙৰ মিহলাই সৃষ্টি কৰা ছমপট হোলৰ ২০০ৰো অধিক আৰ্হি পোৱা যায়। ইয়াৰ চাৰিটা ভিন্নতা আছে, চাম্পোট হোল, ছমপট হোল প’ৰ, ছমপট হোল ক্বেন আৰু ছমপট হোল ক্টং। আৰ্হিবোৰ সাধাৰণতে জ্যামিতিক চিত্ৰ, প্ৰাণী আৰু ফুলৰ চিত্ৰ ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "SEAlang Dictionary". www.sealang.net. http://www.sealang.net/khmer/search.pl?dict=khmer&hasFocus=orth&approx=&orth=%E1%9E%9F%E1%9F%86%E1%9E%96%E1%9E%8F%E1%9F%8B&phone=&def=&anon=on&matchEntry=any&matchLength=word&matchPosition=any&source=&ety=&pos=&usage=&subject=&useTags=1। আহৰণ কৰা হৈছে: 2023-10-11. 
  2. Emma C. Bunker, Douglas Latchford. Adoration and glory: the golden age of Khmer art. Art Media Resources, 2004, p. 35
  3. James C. Ingram. Economic change in Thailand 1850-1970. Stanford University Press, 1971, p. 10 By
  4. 4.0 4.1 Green, Gillian. "Textiles at the Khmer Court". Arts of Asia 30 (4): 82–92.
  5. Textiles of the Highland Peoples of Burma, Vol. 2: The Northern Mon-Khmer, Rawang, Upland Burmish, Lolo, Karen, Tai, and Hmong-Mien-Speaking Groups, 2005. Michael C. Howard. White Lotus Co Ltd., আই.এচ.বি.এন. 978-9744800749
  6. Joachim Schliesinger. Ethnic Groups of Cambodia Vol 2: Profile of Austro-Asiatic-Speaking Peoples. 312 pag. আই.এচ.বি.এন. 163-3232379, আই.এচ.বি.এন. 978-1633232372
  7. "SEAlang Dictionary". www.sealang.net. http://www.sealang.net/khmer/search.pl?dict=khmer&hasFocus=orth&approx=&orth=%E1%9E%9F%E1%9F%86%E1%9E%96%E1%9E%8F%E1%9F%8B%E1%9E%95%E1%9E%B6%E1%9E%98%E1%9E%BD%E1%9E%84&phone=&def=&anon=on&matchEntry=any&matchLength=word&matchPosition=any&source=&ety=&pos=&usage=&subject=&useTags=1। আহৰণ কৰা হৈছে: 2023-10-11. 
  8. "SEAlang Dictionary". www.sealang.net. http://www.sealang.net/khmer/search.pl?dict=khmer&hasFocus=orth&approx=&orth=%E1%9E%9F%E1%9F%86%E1%9E%96%E1%9E%8F%E1%9F%8B%E1%9E%A0%E1%9E%BC%E1%9E%9B+&phone=&def=&anon=on&matchEntry=any&matchLength=word&matchPosition=any&source=&ety=&pos=&usage=&subject=&useTags=1। আহৰণ কৰা হৈছে: 2023-10-11.