ছোলি(ইংৰাজী: Choli) মানে ব্লাউজ বা বডিচৰ দৰে শৰীৰৰ ওপৰ ভাগৰ কাপোৰ যি সাধাৰণতে তলপেট বা কঁকালৰ ওপৰছোৱা উদং কৰি চুটিকৈ কাটি লোৱা হয়৷ ভাৰতীয় উপমহাদেশত ইয়াক শাড়ীৰ সৈতে পিন্ধা হয়। ভাৰত উপমহাদেশৰ ঘাগ্ৰা চোলিৰ সাজ-পোছাকৰ অংশও ছোলি। ৰাজস্থানৰ সীমান্তৱৰ্তী উত্তৰ গুজৰাট, বিশেষকৈ পালানপুৰত ইয়াক গুজৰাটী ভাষাত পলকু বুলি কোৱা হয়৷

১৮৭২ চনত ছোলি পিন্ধা অৱস্থাত এক নাৰী

বিৱৰ্তন সম্পাদনা কৰক

প্ৰাচীন কালত মহিলাসকলে পিন্ধা মুঠ তিনি টুকুৰা সাজ-পোছাকৰ অন্যতম ৰূপ আছিল প্ৰাচীন স্তনপট্টৰ বা স্তনাৱৰণ, যাক কুৰ্পসিকা বা কাঞ্চুকি বুলিও কোৱা হয়।[1] এয়া অন্ত্ৰীয়, তলত পিন্ধা কাপোৰ আছিল; কান্ধ বা মূৰত ঢাকি লোৱা উত্তৰীয় বা ওৰণি; আৰু স্তনপট্টা, বুকুত পিন্ধা কাপোৰৰ পটী, যাৰ কথা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ছোৱাৰ সংস্কৃত সাহিত্য আৰু বৌদ্ধ পালি সাহিত্যত উল্লেখ কৰা হৈছে।[2]

 
গুজৰাটৰ কচ্ছৰ কুছি কাঞ্চুলি

খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ পৰা মহাৰাষ্ট্ৰ আৰু গুজৰাটত প্ৰাপ্ত চিত্ৰক ছোলিৰ প্ৰথম লিপিবদ্ধ তথ্য হিচাপে গণ্য কৰা হয়৷[3] চিলাপাদিক্কাৰম ৰ দৰে গ্ৰন্থত থকা কবিতাৰ উল্লেখৰ পৰা বুজা যায় যে, সংগম যুগত (প্ৰাচীন দক্ষিণ ভাৰতত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকালৈকে) একেখন কাপোৰেৰে তলৰ কাপোৰ আৰু ওপৰৰ চাদৰ, দুয়োটাৰে কাম কৰিছিল।[4] চিত্ৰ আৰু ভাস্কৰ্যই এই কথাৰ সংকেত দিয়ে যে স্তনপট্টা খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ভিতৰতে বিভিন্ন আঞ্চলিক শৈলীত ছোলিলৈ বিকশিত হৈছিল।[5] দশম শতিকাত কলহানৰ দ্বাৰা ৰচিত ৰাজতৰঙ্গিনী গ্ৰন্থত উল্লেখ আছে যে, দাক্ষিণাত্য মালভূমিৰ পৰা অহা ছোলিৰ কাশ্মীৰত ৰাজকীয় পৃষ্ঠপোষকতাৰ যোগেৰে প্ৰৱৰ্তন কৰা হৈছিল৷[6]

প্ৰথমাৱস্থাত চোলিবোৰ সম্মুখৰ ফালে আৱৰণ দি আৰু পিছফালে বান্ধি থোৱাৰ ব্যৱস্থা আছিল৷ এই ধৰণৰ চোলি এতিয়াও ৰাজস্থানত অতি সাধাৰণ।[7] নেপালত এই কাপোৰক ছ'লো বুলি জনা যায় আৰু দক্ষিণ ভাৰতত ৰেভিক নামেৰে জনা যায়। হিন্দী বলয়ৰ কিছু অংশত, বেছিভাগেই ৰাজস্থান, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত মহিলাসকলে ছোলিৰ ওপৰত গেঞ্জীৰ দৰে কাপোৰ পিন্ধিছিল, যাক কাঞ্চলি বুলি জনা যায়; এই সম্পূৰ্ণ সাজ-পাৰক পোছাক নামে জনা যায়।[8]

 
পুৰণি শৈলীৰ দীঘল আৰু পিঠিফালে বন্ধা ছোলি

সময়ৰ পৰিৱৰ্তন সম্পাদনা কৰক

 
ভাৰতৰ এগৰাকী মডেলে ফেশ্বন শ্ব’ত ছোলি পিন্ধি ভাগ লৈছে

সময়ৰ লগে লগে ছোলিৰ বহু পৰিৱৰ্তন হৈছে৷ পৰম্পৰাগতভাৱে ছোলি শাড়ীৰ দৰে একে কাপোৰৰ পৰাই তৈয়াৰ কৰা হৈছে৷ বহু শাৰী উৎপাদকে নিজৰ উৎপাদিত শাড়ীত অতিৰিক্ত দীঘল কাপোৰ যোগ দিয়ে, যাতে মহিলাসকলে শাড়ীৰ শেষত থকা অতিৰিক্ত কাপোৰ কাটি তাৰ লগত মিল থকা ছোলি চিলাই কৰি পিন্ধিব পাৰে। দৈনন্দিন পৰিধানৰ বাবে কপাহ ভিত্তিক কাপোৰ আৰু ৰেচমৰ কাপোৰক বহুলভাৱে আটাইতকৈ আৰামদায়ক বুলি গণ্য কৰা হয়। উৎসৱ আদি আনুষ্ঠানিক অনুষ্ঠানৰ বাবে চিফন আৰু ৰেচম সৰ্বোত্তম বুলি ভবা হয়।[9] গ্ৰীষ্মকালৰ ছোলিৰ বাবে উত্তম কাপোৰ হ'ল চিফন আৰু জৰ্জেট।[10]

ডিজাইনাৰসকলে ছোলি তৈয়াৰ কৰিবলৈ নানা কৌশল প্ৰয়োগ কৰি দুঃসাহসিক টেইলাৰিং আৰু উদ্ভাৱনীমূলক নেকলাইনেৰে ভাৰতীয় উপমহাদেশৰ পপ-সংস্কৃতিৰ ফেশ্বনক প্ৰভাৱিত কৰিছে, যেনে হলটাৰ, টিউব, বেকলেছ বা ষ্ট্ৰিংযুক্ত ছোলি আদি।[11]

ডিজাইনাৰ তথা বুটিকৰ মালিক অনুপমা ৰাজে মন্তব্য কৰে যে "ছোলিক পুনৰ নতুনকৈ উদ্ভাসিত কৰাৰ অতি বাস্তৱিক প্ৰয়োজন, যাতে ইয়াক বিভিন্ন ধৰণৰ সাজ-পোছাকৰ সৈতে পিন্ধিব পৰা যায়। ঠিক যেনেকৈ আমি ছোলিক ব্লাউজৰ এটা নৱৰ্নিৰ্মিত ৰূপ যেন দেখিবলৈ পাওঁ।" আমি ছোলি নৱনিৰ্মাণ কৰিব লাগিব।" ৰপ্তানিকাৰী, পিছলৈ ডিজাইনাৰলৈ পৰিণত হোৱা ববি মালিকে মন্তব্য কৰে যে, "মহিলাৰ বাবে সৃষ্টি কৰা সকলো কাপোৰৰ ভিতৰত চোলি আটাইতকৈ স্পৰ্শকাতৰ। ই কেৱল নাৰীসুলভ ৰূপটোক তুলি ধৰাই নহয়, এগৰাকী মহিলাৰ ৰোমান্টিকতাকো উলিয়াই আনে। কিন্তু ভাৰতীয় ডিজাইনাৰসকলে য'ত ইয়াক আন্তঃৰাষ্ট্ৰীয় ৰূপ দি ইয়াক অধিক সুন্দৰ কৰি তুলিব লাগে, তাতেই ব্যৰ্থ হৈছে।"[12][13][11]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. Prachya Pratibha, 1978 "Prachya Pratibha, Volume 6", p. 121
  2. Agam Kala Prakashan, 1991 "Costume, coiffure, and ornaments in the temple sculpture of northern Andhra", p. 118
  3. Prachya Pratibha, 1978 "Prachya Pratibha, Volume 6", p. 121
  4. Linda Lynton, Sanjay K. Singh (2002) "The Sari: Styles, Patterns, History, Techniques.", p. 40
  5. Prachya Pratibha, 1978 "Prachya Pratibha, Volume 6", p. 121
  6. Katiyar, Vijai Singh (2009). Indian saris : traditions, perspectives, design. প্ৰকাশক New Delhi: Wisdom Tree in association with National Institute of Design, Ahmedabad. পৃষ্ঠা. 211. ISBN 9788183281225. https://books.google.com/books?id=8RjgPQAACAAJ। আহৰণ কৰা হৈছে: 31 October 2015. 
  7. Chander, Prakash (2003). India: past & present – Prakash Chander. ISBN 9788176484558. https://books.google.com/books?id=4_Rl5c_v1-kC&q=India:+past+%26+present+By+Prakash+Chander। আহৰণ কৰা হৈছে: 13 November 2011. 
  8. Bhandari, Vandana (2005). Costume, textiles and jewellery of India: traditions in Rajasthan. Mercury Books. পৃষ্ঠা. 84. ISBN 9780811810845. https://books.google.com/books?id=nckSAQAAIAAJ. 
  9. Sarkar, Neeti (June 26, 2010). "Choli ke peeche". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/article485880.ece. 
  10. Singh, A. D. (March 10, 2012). "Summer breezers". Deccan Chronicle. Archived from the original on 17 March 2012. https://web.archive.org/web/20120317155257/http://www.deccanchronicle.com/channels/lifestyle/fashion/summer-breezers-695. 
  11. 11.0 11.1 "Vidya Balan puts plunge cholis on fashion map". The Times of India. December 20, 2011. Archived from the original on 2012-07-01. https://archive.today/20120701175127/http://articles.timesofindia.indiatimes.com/2011-12-20/trends/30474361_1_cholis-corsets-neeta-lulla. 
  12. Roy, Sumona (August 31, 2002). "Deconstructing the choli into daring designs". The Tribune. http://www.tribuneindia.com/2002/20020831/windows/fashion.htm. 
  13. Nimisha Tiwari (19 June 2011). "The choli lowdown!". The Times of India. Archived from the original on 3 January 2013. https://archive.today/20130103172821/http://articles.timesofindia.indiatimes.com/2011-06-19/trends/29493005_1_choli-saree-blouse.