হেতা (ইংৰাজী: Ladle) হৈছে ভাত,আঞ্জা কঢ়া নাল লগোৱা পিয়লাৰ নিচিনা এবিধ সঁজুলি। হেতা শব্দৰ মূল সংস্কৃত হস্ত অৰ্থাৎ হাত। হাতৰ নিচিনা দেখি বাবেই ইয়াক বঙালীত (গোৱালপৰীয়া উপভাষাত) হাতা বোলা হয় আৰু মান্য অসমীয়াত পৰৱৰ্তী আ স্বৰৰ প্ৰভাৱত পূৰ্বৱৰ্তী আ'ৰ অ বা এলৈ ৰূপান্তৰিত হোৱা নিয়ম অনুযায়ী ‘হেতা' শব্দৰ সৃষ্টি হৈছে। হেতাক 'কিচ' ‘কচলি’ বুলিও জনা যায়; যাৰ উৎস সংস্কৃতঃ কৰ (হাত) + অসমীয়া চলি—কাঠৰ সৰু চেপেটা খণ্ড অথবা প্ৰাকৃত কড়চ্চুক। আনহাতে হোমত ঘিঁউ ঢালোঁতে ব্যৱহাৰ কৰা দুতৰপীয়া হেতাৰ এবিধ ওপৰত লোৱা ঘূৰণীয়া হেতা ‘চ’ আৰু আনবিধ তলত দিয়া দীঘলীয়া হেতা সুৱৰ লগতহে জনজাতীয়সকলৰ হেতাৰ অধিক মিল।

অন্যতম নিত্য ব্যৱহাৰ্য সঁজুলি হেতাৰ কাম অনুযায়ী বিভিন্ন নাম আৰু গঢ়-গাঁথনিও তেনেকৈ ভিন-ভিন। কাঠৰ পৰা খুলি তৈয়াৰ কৰা (কেতিয়াবা বাঁহৰ মূঢ়াৰ পৰাও) বিভিন্ন আকৃতিৰ হেতা জনজাতীয় লোকসকলে ব্যৱহাৰ কৰে। হেতাৰ লগত বিভিন্ন লোকাচাৰ, লোক বিশ্বাস আৰু লোক সাধু জড়িত হৈ আছে। হেতা ৰন্ধা-বঢ়া আৰু বিতৰণৰ কামতে ঘাইকৈ ব্যৱহৃত হয় যদিও সঞ্চয় আৰু অন্যান্য যাবতীয় কামতো ইয়াৰ প্ৰয়োগ আছে। [1]

জনজাতীয় লোকসকলৰ মাজত হেতাৰ প্ৰয়োগ সম্পাদনা কৰক

কাৰ্বিসকলৰ মাজত সম্পাদনা কৰক

কাৰ্বিসকলৰ মাজত হেতাৰ প্ৰয়োগ সৰ্বাধিক। কাৰ্বিসকলৰ মাজত কাঠেৰে সজা পাঁচ-প্ৰকাৰৰ হেতা আছে:

  • লুমফ্লাক: ৰন্ধা-বঢ়া কাৰ্যত ব্যৱহৃত আগজোঙা দীঘলীয়া হেতা
  • লুম্হৰ: আঞ্জা আদিৰ জোল কাঢ়িবলৈ সুচল থকা এফাল গোটোঙাকৈ সজা ঘূৰণীয়া হেতা
  • চ’বাক: চ(খা) + বাক(ভগাই দি) অৰ্থাৎ ভাত বিতৰণ কৰোঁতে ব্যৱহাৰ কৰা অলপ বহল আৰু গোটোঙা (চামুচগটীয়া) পাত্ৰ
  • আনথং: আন(ভাত) + থং(ঢাল) অৰ্থাৎ ৰন্ধা ভাত(আ) ঢালি থওঁতে ব্যৱহাৰ কৰা ঘূৰণীয়া দাঁতি থকা কিন্তু নাল নথকা কাঠৰ কাাঁহী
  • লংহং: ফাক অৰ্থাৎ গাহৰিক দানা দিয়া দীঘলীয়া লং অৰ্থাৎ ডিঙাৰ আকৃতিৰ উৰাল জাতীয় পাত্ৰ

কাৰ্বিৰ লুমফ্লাক, লুমহৰ বা চ'বাকৰ নিচিনাকৈ দেউৰীৰ তাৰা/তলিয়া, ৰাভাৰ দেংগা, বড়োৰ খিৰীশ্লী আদি হ'ল কৰচলি জাতীয় ভিন ভিন সঁজুলি। সেইদৰে কাৰ্বিৰ আনথঙৰ লগত সাদৃশ্য থকা পাত্ৰটি হ’ল কুকিৰ ৱোং-কুওং (Vong-kuong)— যি বৰ্তুলাকৃতিৰ আৰু ইয়াক সঞ্চয়ৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। আনহাতে কাৰ্বিৰ ফাক লংহঙৰ লগত অবিকলভাৱে সাদৃশ্য থকা ডিঙাকৃতিৰ কাঠৰ খুলি কৰা পাত্ৰ কেইবিধৰ ভিতৰত কুকিৰ ৱোহ-কুওং (Voh- kuong), দেউৰীৰ কাকু, ৰাভাৰ বাকচিকং ইত্যাদি যাক গাহৰি আদি পোহনীয়া জন্তুৰ আহাৰ দিওঁতে ব্যৱহাৰ কৰা হয়। [2]

পৰম্পৰা সম্পাদনা কৰক

কাৰ্বিসকলৰ ‘আন্ কেক কেচ’ পদ্ধতিৰ পূজা বা উছৱত ভোজ-ভাত বিতৰণৰ সময়ত চ’বাকৰ ব্যৱহাৰ অপৰিহাৰ্য। প্ৰতি গৰাকী গাভৰুৱে জাতীয় সাজ-পাৰেৰে সুসজ্জিতা হৈ ভাতেৰে পূৰ হৈ থকা চ’বাক লৈ আনিব লাগে আৰু প্ৰতি তিনিজন ব্যক্তিৰ খোৱা পাত্ৰত তিনিবাৰকৈ দি তৃতীয়জন ব্যক্তিৰ পাত্ৰতে শেষ কৰি (কিয়দংশ হ'লেও চ'বাকত ৰাহিকৈ ভাত ৰাখিব লাগে) বিতৰণ কৰিব লাগে— আগে আগে গৈ থকা এজন ডেকা গা-ৰখীয়াৰ পৰিচালনাত। উল্লেখনীয় যে ভাত বিতৰণ কৰোঁতে গাভৰুহঁতে কাপোৰেৰে মুখ বান্ধি লয় আৰু মাত বোল নকৰে। প্ৰয়োজন সাপেক্ষে গাৰখীয়াজনকে দুনাই ভাত লগালগাৰ বুজবাজ ল’বলৈ দিয়া হয়। কাৰ্বিসকলে চ’বাকত ভাত বিতৰণহে কৰে তাত লৈ ভাত কেতিয়াও নাখায়। ৰন্ধা অৱস্থাত যদি কাঠৰ হেতা (লুমফ্লাক বা লুহৰ) ভাগি যায়, তেন্তে সেই পাত্ৰৰ ভাত-আঞ্জা সকলো পেলনি যায়।

কুকি-থাদসকলৰ মাজত সম্পাদনা কৰক

তিব্বত-বৰ্মীয় মূলৰ কুকি-চীনৰ অন্তৰ্গত কুকি-থাদ’ সকলৰ মাজততা কাঠৰ হেতাৰ প্ৰচলন আছে। সেইবোৰ প্ৰায় কাৰ্বিসকলৰ উল্লিখিত বিভিন্ন হেতাবোৰৰ দৰেই; মাত্ৰ তেওঁলোকৰ মাজত চ’বাকৰ প্ৰচলন নাই। সেই কেইবিধ পাত্ৰ হ’ল—(১) Khalheiঃসচৰাচৰ হাতীৰ ঠেঙৰ হাড়ৰ পৰা তৈয়াৰ কৰা হয়; (২) Khakeh : সচৰাচৰ বাঁহৰ মূঢ়াৰপৰা কাটি তৈয়াৰ কৰা হয়; (৩) Vong-kuong:গমাৰী (vong) কাঠেৰে তৈয়াৰী কাহী (kuong) আৰু (৪) Voh-kuong —গাহৰিক (voh) দানা খুউৱা পাত্ৰ।

কুকি-থাদসকলৰ মাজত কিন্তু বৃহদাকাৰ কাঠৰ একেটা পাত্ৰতে ঘৰে-ঘৰোৱাহিয়ে একেলগে চাৰিওফালে বহি মিলি-জুলি অন্ন ভোজন কৰাৰ নিয়ম আছে। এনেকৈ একেলগেভাত খালে বৃহৎ পৰিয়ালৰ সদস্যবোৰৰ মাজত এক মন এক প্ৰাণ’ হৈ থাকে আৰুএকানভোজী পৰিয়ালটি কস্মিনকালেও ফাট নেমেলাকৈ থাকিব পাৰে বুলি বিশ্বাস কৰা হয় আৰু এনে পৰিয়ালেই সুখী বুলি ভবা হয়। তেওঁলোকৰ মাজততা কাঠৰ হেতা (Khalhei/ Khakeh) ভাগিলে কিছু লোকাচাৰ পালন কৰিব লাগে। অৱশ্যে সেইসাজ ভাত পেলনি যাবলৈ নিদি (কাৰ্বিসকলে কিন্তু দিয়ে) অকল পৰিয়ালৰ তিৰোতাসকলকহে মাথোঁন খাবলৈ দিয়া হয়। কিন্তু পৰিয়ালৰ মতা মানুহবোৰে সেইসাজ ভাতৰ লঘোণ দিয়ে। ইয়াৰ তাৎপৰ্য হ'ল— কাঠৰ হেতা আদি ঘৰুৱা সামগ্ৰী পুৰুষৰ দ্বাৰা সৃষ্ট। সেয়ে এনে সামগ্ৰী নষ্ট কৰাটোৱে তিৰোতাৰ কৰ্মত অমনযোগিতাকে সূচায় আৰু পুৰুষে ইয়াৰ প্ৰতিবাদ জনোৱা(দুনাই যাতে তেনে নহয়) যেন লাগে। অসমৰ ভৈয়ামৰ খেতিয়কসকলৰ মাজতো কোনো কোনো অঞ্চলত অনুৰূপভাৱে হালৰ যুঁৱলি ভাগিলে এসাজ ভাত লঘঘাণ দিয়াৰ প্ৰথা আছে। [3]

বড়ো গোষ্ঠীৰ মাাজত সম্পাদনা কৰক

তিব্বত-বৰ্মীয় বড়ো গোষ্ঠীৰ অন্তৰ্ভুক্ত দেউৰী, বড়ো, ডিমাছা, তিৱা, ৰাভা, গাৰো আদি জনজাতীয়সকলৰ মাজততা হেতাৰ প্ৰচলন আছে; কিন্তু কাৰ্বি আৰু কুকিসকলৰ মাজত ইয়াৰ যেনে সমাদৰ, তেওঁলোকৰ মাজত তেনে সমাদৰ নাই আৰু ইবোৰ সংখ্যাতো তাকৰ। ৰাভা, তিৱা, বড়ো আৰু গাৰোসকলৰ মাজত কাঠৰ ভাত বঢ়া সঁজুলিৰ (ৰাভা-কচোপাত, তিৱা-মায়হাদা, বড়ো-খুনশ্লি, দেউৰী-তাকা ইত্যাদি) সাম্প্ৰতিক কালত কাঁহ-পিতল আৰু এলুমিনিয়াম-ষ্টিলৰ কৰচলিয়ে আঁতৰালে বুলিবই পাৰি। হ'লেও তেওঁলোকৰ মাজত ভাত বিতৰণ কৰিবলৈ— উবুৰিয়াই থ’লে জীয়া কাছৰ দৰে দেখা, কাঠৰ খুলি কৰা এবিধ গোটোঙা আৰু ঘূৰণীয়া হেতা আছে। কাছৰ ডিঙি আৰু মূৰটো যেনিবা হেতাৰ নাল আৰু চলংখন যেনিবা হেতাৰ তলপিঠি। ৰাভাসকলৰ ‘দেংগা’, বড়োসকলৰ খিৰশ্লি/হাথা',তিৱাসকলৰ ৰামাথা’, গাৰোসকলৰ ‘মিগ্ৰন’, দেউৰীসকলৰ তলিয়া আদি তেনে ধৰণৰ হেতাই।

আনহাতে ডিমাছাসকলৰ মাজত কাঠৰ ভাত বিতৰণ কৰা সঁজুলি নাই; কিন্তু ভাত বঢ়া। কাঠৰ বনি খাখু’ আছে। তেওঁলোকে ভগা হেতাৰে ৰন্ধা-বঢ়া কৰা আহাৰ বৰলা-বিধবা,বৃদ্ধ-বৃদ্ধাৰ বাহিৰে পৰিয়ালৰ আনক, বিশেষকৈ যৌৱন কালত ভৰি দিয়া ঘৰৰ ল'ৰা-ছোৱালীক খাবলৈ দিয়া নহয়। এইটো আমাৰ আজিৰ বহুতো ডেকা-গাভৰুৱে ভগা কাপপ্লেট বা গিলাছত পানী বা আন বস্তু নোখোৱা লোক-বিশ্বাসৰ সৈতে ৰিজাব পাৰি।

বড়ো কছাৰী সমাজ-সংস্কৃতিত ‘হাথাছুনি’ বুলি বিবাহৰ এক পৰ্ব আছে; য'ত নকইনাই নিমন্ত্ৰিত অতিথিসকল আৰু সমজুৱা গাঁওবাসীৰ বাবে আয়োজন কৰা ভোজত এক বিশেষ পৰীক্ষাৰ মাজেদি আগুৱাব লগীয়া হয়। ন-কইনাই এখন ডাঙৰ কাঠৰ হেতা (হাথা/খিৰশ্লি)ৰন্ধা ভাতেৰে খুন্দ খুৱাই লৈ বয়সস্থ আৰু মান্যলোকৰ পৰা আৰম্ভ কৰি এফালৰ পৰা প্ৰতিজনৰ পাত্ৰত এবাৰৰ ভাতে আঁটাকৈ বিলোৱাৰ নিয়ম। এনে পৰ্বৰ মাজেদি ন-কইনাৰ ধৈৰ্য, কৰ্তব্যনিষ্ঠা আৰু চাল-চলন নিৰূপণ কৰা হয় আৰু ইয়াৰ মাজেদিয়েই ন-কইনাৰ ভৱিষ্যত সম্পৰ্কেও (লখিমী নে অলখিমী) অভিজ্ঞ লোকে জানিবলৈ চেষ্টা কৰে। ৰাভাসকলৰ মাজতো হাতা-ছুৱানি’ নামৰ অনুৰূপ প্ৰথাৰ চলতি আছে।

জনজাতীয় কোচ (কোচা-ৰাভা) লোকসাধুত উল্লেখ আছে যে—পানীৰ শিহু একালত হেনো মানুহেই আছিল। সদ্য-বিবাহিতা এজনী লাজুকী ভাই-বোৱাৰীয়েকে এদিনাখন ধলপুৱাতে ঢাৰি-পাটি এৰি হেতা আদিকে ধৰি চুৱা বাচন-বৰ্তন মাজি আঁটাই 'লু'ফুন কাম্বাং’ (গা ঢকা বস্তু) সোলোকাই গা ধুই থাকেঁতে বৰজনাকক দেখি লজ্জা নিবাৰণ কৰিবলৈ হাতে ঢুকি পোৱাতে থকা দেংগা’ (হেতা) খনেৰে গা ঢাকি পানীত বুৰ মাৰে আৰু তেৱেই চিৰ কাললৈ শিহু হিচাপে ৰৈ যায়। উৰণীয়া জিঞাই (গংগালেতু) সিহঁতৰ জীৱন-চক্ৰৰ এছোৱাত (পানীত থকা অৱস্থাত) নকৈ গজা পাখি আৰু শুঙেৰে মুখ ঢাকি থাকোঁতে হেতা এখনেৰে মুখ ঢাকি থকা যেন দেখি, সেইকাৰণে পাতিৰাভাসকলে ইয়াক হাতা ঘূৰি পোকা' বুলি কয়। তেওঁলোকৰ জনশ্ৰুতি মতে ন-ভাই বোৱাৰীজনীয়ে হেতাত তত লৈ আনি ভগাই যাওঁতে চিনিব নোৱাৰি বৰজনাককে ‘ভিনিহি ভাত লোৱাহি' বুলি ক'বলৈ পোৱাত লাজতে হেতাখনেৰে মুখ ঢাকি কোচ-মোচ খাই যায় আৰু তেওঁ এই পোকলৈ ৰূপান্তৰিত হয়।

এইখিনিতে মন কৰিবলগীয়া যে কম-বেছি পৰিমাণে সকলোবিলাক জনজাতীয় সমাজতে কাঠৰ হেতা জাতীয় বিভিন্ন সঁজুলিৰ বিভিন্ন কামত ব্যৱহাৰ আছে। কিন্তু কুকিসকলৰ বাহিৰে ব্যতিক্ৰমবিহীনভাৱে কোনোটো জনজাতীয় সমাজতে এনে পাত্ৰ ভাত খোৱা কাৰ্যত কেতিয়াও ব্যৱহাৰ নহয়। বৰঞ্চ প্ৰয়োজনবোধে কলপাত, কৌীপাত, অকছি গছৰ(বাঁজী ঔ) পাত আদি তুলনামূলকভাৱে আহল-বহল গছৰ পাত নতুবা কলগছৰ খোল (দোনা) আদিহে ভোজনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। অৱশ্যে মদ আদি পান কৰাৰ ক্ষেত্ৰত ইয়াৰ কোনো বাধা নাই। কাৰ্বিৰ ছেৰ', তিৱাৰ ডাৰণ- এই দুবিধ মদ খাবলৈ সুবিধা থকা নলীযুক্ত তেনে কাঠৰ পাত্ৰই।

মদ আদি বিতৰণ কৰাৰ সুবিধাৰ্থে কাঠেৰে নিৰ্মিত এইধৰণৰ নলীযুক্ত পাত্ৰৰ আৰ্হিতে পৰৱৰ্তী কালত কঁহ-পিতলৰ চিত্ৰ-বিচিত্ৰ ভোগজৰা বা নানাধৰণৰ খুৰাযুক্ত পানপাত্ৰৰ (বানবাটি, মাইহাং বাটি) উদ্ভাৱন আৰু ব্যৱহাৰ হোৱা বুলি ধাৰণা কৰিব পাৰি। আনহে নালাগে মান পাত্ৰ হিচাপে ব্যৱহৃত ঠগী, বটা, শৰাই আদিৰ আৰ্হিও জনজাতীয় সকলৰ বিভিন্ন এই জাতীয় কাঠৰ পাত্ৰৰ পৰাই আহৰিত হোৱা। বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী টাই ফাকে সকলৰ মাজত প্ৰচলিত কাঠৰ বা বাঁহৰ ওপ (মন্দিৰৰ চূড়াসদৃশ ঢাকনিবে ওখ খুৰাযুক্ত কঁহী সদৃশ পাত্ৰ যিহৰ ওপৰত আহাৰ বা উপাচাৰ ৰাখি ধৰ্মীয় কাৰ্য সম্পাদন নতুবা অতিথি আপ্যায়ন কৰা হয়) আৰু পান (কাঠৰ পানত বটাৰ দৰেই তামোল-পাণ দিয়া কাৰ্যত আৰু বাঁহৰ পাত্ৰত বৌদ্ধ বিহাৰত সেৱা কৰিবৰ সময়ত অভ্যাগতৰ উদ্দেশ্যে বিভিন্ন সামগ্ৰী উছৰ্গা কৰা কাৰ্যত ব্যৱহাৰ হয়) এই দুবিধ সাইলাখ এই শ্ৰেণীৰ পাত্ৰ।

সেইদৰে ভাত ৰন্ধা আদি কাৰ্যততা স্বাভাৱিকতে কাঠৰ পাত্ৰৰ ব্যৱহাৰ নহয়। কিন্তু মাটিৰ চৰু, টেকেলি আদি পাত্ৰ কোনো বাচ-বিচাৰ নকৰাকৈ সকলো মাঙ্গলিক কাৰ্য আৰু দৈনন্দিন জীৱনত ব্যৱহৃত হয়। ব্যৱহাৰিক দিশত কাঠৰ পাত্ৰৰ প্ৰতি ৰোপণ কৰা এনে অৱজ্ঞাসূচক মনোভাৱ বিশেষকৈ ৰাভা, বড়ো আদি ভৈয়ামৰ হিন্দু ধৰ্মৰ প্ৰভাৱ পৰা সমাজতে তুলনামূলকভাৱে বেছি। ৰাভাৰ কাঠৰ পাত্ৰত ভাত খুৱাই প্ৰায়শ্চিত্ত বিধান কৰা দস্তুৰৰ দৰে ইংৰাজী নীতিশিক্ষাৰ পিঠত পোৱা (কাঠৰ কাঁহীত ভাত খুৱাই ককাকক অপদস্থ কৰা বুলি ভাবি পুতেকেও দেউতাকক বুঢ়া হলে ভাত খুৱাবলৈ বুলি আন এখন কাঠৰ কাঁহী তৈয়াৰ কৰা) কাঠৰ বাঁহীৰ কথাটোৱে আমাক বহু কথা ভাবিবলৈ অৱকাশ দিয়ে।

বহু উদ্দেশ্যমুখী যিকোনো সঁজুলিয়েই ক্ৰমোন্নতিৰ ফল। কাঠ বা বাঁহৰ সামান্য কাঠীয়েই (উদাহৰণ স্বৰূপে দাইল ঘোঁটনি) সময়ত কৰচলি জাতীয় সঁজুলিলৈ ৰূপান্তৰিত হোৱাৰ প্ৰমাণ কাৰ্বিসকলৰ বিভিন্ন আকৃতিৰ কাঠৰ হেতাতে পোৱা যায়। আনকি কাঁহ-পিতলৰ ভোগজৰা, মাইহাং, বৰাহী, বৰহেতা, জালী হেতা, চৰিয়া, টেী, ডাবৰ, ডেকচি,বটা, শৰাই নতুবা চীনামাটি, প্লাষ্টিকৰ বা কাচৰ tray, dish, bowl, teapot, beaker আদি উন্নত সঁজুলিৰ উদ্ভাৱনৰ বীজ জনজাতীয়সকলৰ তেনেই প্ৰাথমিক পৰ্যায়ৰ এইধৰণৰসৰল সঁজুলিতে নিহিত থকা কথাটিকো উলাই কৰিব নোৱাৰি।


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ৰাভা হাকাচাম উপেন (২০০৮). বৰ অসমৰ বৰ্ণিল সংস্কৃতি. বীণা লাইব্ৰেৰী. 
  2. হাকাচাম ৰাভা উপেন (২০০৫). অসমৰ জনজাতীয় সংস্কৃতি. বাণী মন্দিৰ. ISBN 978-93-84829-23-0. 
  3. হাকাচাম ৰাভা উপেন (২০০৫). অসমৰ জনজাতীয় সংস্কৃতি. বাণী মন্দিৰ. ISBN 978-93-84829-23-0.