জন ডান (ইংৰাজী: John Donne) (১৫৭২-১৬৩১) এজন ইংৰাজ কবি, পণ্ডিত, সৈনিক। পিছলৈ তেখেত ইংলেণ্ডৰ গীৰ্জাৰ এজন ধৰ্মীয় যাজক হিচাপে নিয়োজিত হৈছিল।[1] ৰাজকীয় পৃষ্ঠপোষকতাৰ দ্বাৰা তেওঁক লণ্ডনৰ ছেইণ্ট পলছ কেথেড্ৰেলৰ ডিন হিচাপে নিযুক্তি দিয়া হৈছিল (১৬২১-১৬৩১)।[2] 'মেটাফিজিকেল' নামে চিহ্নিত ইংৰাজ কবিগোষ্ঠীৰ শ্ৰেষ্ঠ কবি ডান তেওঁৰ প্ৰেমৰ কবিতা, ধৰ্মীয় কবিতা আৰু প্ৰবচনৰ বাবে বিখ্যাত॥ তেওঁ ধৰ্মোপদেশৰ বাবেও জনাজাত।

জন ডান

আইজাক অলিভাৰে অঁকা প্ৰতিকৃতি
জন্ম ১৫৭১ / ১৫৭২
লণ্ডন
মৃত্যু ৩১ মাৰ্চ, ১৬৩১
লণ্ডন
পেচা কবি, ধৰ্মগুৰু
ৰাষ্ট্ৰীয়তা ইংৰাজ
মাতৃশিক্ষায়তন কেম্ব্ৰিজ বিশ্ববিদ্যালয়
ধৰণ ব্যংগ, প্ৰেমৰ কবিতা, ইলিজি

সংক্ষিপ্ত জীৱনী

সম্পাদনা কৰক

বংশ পৰিচয়, শিক্ষা আৰু কৰ্মজীৱন

সম্পাদনা কৰক

এটা ৰোমান কেথলিক পৰিয়ালত ডানৰ জন্ম হয়। অক্সফোৰ্ডৰ হাৰ্ট হলত অধ্যয়ন কৰা ডানে পাছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাৰ পাছত লণ্ডনত আইন বিষয়ত অধ্যয়ন কৰে। ১৫৯৬ চনত ডানে স্পেইনৰ বিৰুদ্ধে সামৰিক অভিযানত ভাগ লয়। উভতি আহি তেওঁ উচ্চপদস্থ চৰকাৰী বিষয়া ছাৰ টমাছ ইগাৰটনৰ প্ৰধান সচিব নিযুক্ত হয়। ১৬০১ চনত ডানে ইগাৰটনৰ পত্নীৰ ভ্ৰাতৃৰ সোতৰ বছৰীয়া কন্যা এন মুৰক গোপনে বিয়া কৰায়। ১৬০২ চনত নাবালিকা বিয়া কৰোৱা দোষত ডানে কিছুদিন কাৰাবাস খাটিব লগা হয়। তেওঁ চাকৰিটোও হেৰুৱায়।[3] ১৬১৫ চনত ডান খ্ৰীষ্টীয় যাজক হয়।

সাহিত্যিক অৱদান

সম্পাদনা কৰক

১৬০১ চনৰ পূৰ্বেই ডানে তেওঁৰ বিখ্যাত প্ৰেমৰ কবিতাসমূহৰ সৰহখিনি ৰচনা কৰিছিল। এলিজাবেথীয়ান যুগৰ পৰম্পৰাৰ পৰা কিছু পৰিমাণে আঁতৰি আহি আৰু লেটিন কবি পেট্ৰাৰ্কৰ প্ৰেমৰ কবিতাৰ আৰ্হি গ্ৰহণ নকৰি ডানে তেওঁৰ প্ৰেমৰ কবিতাসমূহত বুদ্ধিমত্তা আৰু আৱেগৰ সংমিশ্ৰণ ঘটায় নতুনত্ব আনে। কথোপকথনত ব্যৱহৃত ভাষাৰ বৱহাৰ, চমক সৃষ্টি কৰা আৰম্ভণি, আচহুৱা আৰু বুদ্ধিদীপ্ত চিত্ৰকল্প আৰু ৰূপকৰ ব্যৱহাৰ আৰু আৱেগিক সঁহাৰিৰ লগত যুক্তিৰ সানমিহলিৰে ডানে বিভিন্ন মেজাজৰ, প্ৰেমৰ বিচিত্ৰ অভিব্যক্তি প্ৰকাশ হোৱা কবিতা ৰচনা কৰে। প্ৰেমিকাৰ দৈহিক সুষমাতকৈ প্ৰেমত পৰাৰ অভিজ্ঞতাৰ অভিনৱ প্ৰকাশৰ বাবে ডান বিখ্যাত। গীতিধৰ্মী কবিতা ৰচনাতো তেওঁ সিদ্ধহস্ত আছিল।[3] জীৱিতকালত তেখেতৰ কবিতাৰাজিৰ সৰহভাগেই প্ৰকাশৰ মুখ দেখা নাছিল। ১৬৩৩ চনত তেখেতৰ Collected Poems প্ৰকাশিত হয়।

বিয়াৰ কিছু বছৰৰ পাছৰ পৰাই ডান হতাশাত ভোগে আৰু আধ্যাত্মিক সঙ্কটৰ সম্মুখীন হয়। ১৬০৭ চনত তেওঁৰ গদ্যৰচনা Biathanatos অত ডানে কেনে ক্ষেত্ৰত আত্মহত্যা (খ্ৰীষ্টানধৰ্মী বিৰোধী হ'লেও) যুক্তিযুক্ত খ্ৰীষ্টানধৰ্ম হ'ব পাৰে, সেই কথা আলোচনা কৰিছে।[3] তেখেতৰ আধ্যাত্মিক সঙ্কটৰ কাল হিচাপে চিহ্নিত ১৬০৭ৰ পৰা ১৬১৩ চনৰ ভিতৰত Holy Sonnets নামৰ এলানি ধৰ্মীয়, ভক্তিমূলক কবিতা ৰচনা কৰে। তেওঁৰ ভালেমান Holy Sonnet-অত প্ৰেমৰ কবিতাত দেখা কেতবোৰ বৈশিষ্ট্য লক্ষ্য কৰা যায়। ডানে Satires নাম দি আন এলানি কবিতা ৰচনা কৰে। তেওঁৰ বিখ্যাত ইলিজিসমূহ পৰম্পৰাগত ইলিজি বা শোক কবিতাতকৈ ভাব, ভাষা, কাব্যিক প্ৰকাশৰ দিশৰ পৰা পৃথক আছিল।

১৬১৫ চনত ডান খ্ৰীষ্টীয় যাজক হয়। তেওঁৰ ধৰ্মীয় প্ৰবচন অতি প্ৰভাবশালী আৰু জনপ্ৰিয় আছিল॥ শেষ বয়সত ডানে অবিস্মৰণীয় ধৰ্ম আৰু আধ্যাত্মিকতা-কেন্দ্ৰিক গদ্যৰচনাত ব্যস্ত হয়। এনে ৰচনা Devotions upon Emergent Occasions (১৬২৪)-অত অন্তৰ্ভুক্ত হৈছে এনে বিখ্যাত উক্তি- 'No man is an island' আৰু '...and therefore never send to know for whom the bell tolls; it tolls for thee.'[3] কুৰি শতিকাত মেটাফিজিকেল কবিসকলৰ কবিতাৰ পুনৰ্মূল্যায়ন হয় আৰু ডান ইংৰাজী সাহিত্যৰ এগৰাকী শ্ৰেষ্ঠ কবি হিচাপে স্বীকৃত হয়।

সাহিত্য-কৰ্ম

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Colclough, David (19 May 2011). "Donne, John (1572–1631)". Oxford Dictionary of National Biography (online ed.). Oxford University Press. doi:10.1093/ref:odnb/7819.
  2. Grierson, Herbert J. C., ed. (1971). Donne Poetical Works. Oxford University Press. ISBN 0-19-281113-4.
  3. 3.0 3.1 3.2 3.3 মদন শৰ্মা, সম্পা.(২০০৩). বিশ্বকোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, পৃ.২৫৫-ক