জন মিল্টন
জন মিল্টন (ইংৰাজীঃ John Milton; ৯ ডিচেম্বৰ ১৬০৮-৮ নৱেম্বৰ ১৬৭৪) এজন ইংৰাজ কবি, তৰ্কবিশাৰদ আৰু অসামৰিক বিষয়া আছিল। বাৰখন কিতাপকে ধৰি তেওঁৰ ১৬৬৭ চনত লিখিত মহাকাব্য পাৰাডাইজ লষ্ট ইংৰাজী সাহিত্যলৈ অনবদ্য অৱদান। পেৰাডেইজ লষ্টে মিল্টনক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা কৰে।[1][2] বিভিন্ন বিষয়ৰ গদ্যলেখক হিচাপেও তেওঁৰ সুকীয়া স্থান আছে। লেটিন ভাষাৰ বিদগ্ধ পণ্ডিত মিল্টনে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ সেই ভাষাতো ৰচনা কৰে।
জন মিল্টন | |
---|---|
জন্ম | ৯ ডিচেম্বৰ, ১৬০৮ ব্ৰেড ষ্ট্ৰীট, লণ্ডন, ইংলেণ্ড |
মৃত্যু | ৮ নৱেম্বৰ, ১৬৭৪ (৬৫ বছৰ) লণ্ডন, ইংলেণ্ড |
শিক্ষানুষ্ঠান | খ্ৰাইষ্ট কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয় |
পেচা | কবি, অসামৰিক বিষয়া |
স্বাক্ষৰ | |
চমু জীৱনী
সম্পাদনা কৰকজন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকজন মিল্টনৰ জন্ম হৈছিল লণ্ডনৰ ব্ৰেড ষ্ট্ৰীটত, ১৬০৮ চনৰ ৯ ডিচেম্বৰত। তেখেত সুৰকাৰজন মিল্টন আৰু ছাৰা জেফ্ৰীৰ পুত্ৰ।
শিক্ষা
সম্পাদনা কৰকমিল্টনৰ আঢ্যৱন্ত পিতৃয়ে তেখেতৰ ব্যক্তিগত শিক্ষক হিচোপ ছেইণ্ট এণ্ড্ৰিউছ বিশ্ববিদ্যালয় পৰা এম. এ. ডিগ্ৰীধাৰী থমাচ ইয়াঙক নিয়োগ কৰিছিল। ইয়াঙৰ প্ৰভাৱে কবিগৰাকীৰ ধৰ্মীয় দৃষ্টিভংগীৰ গঠন কৰিছিল।[3] পিছত মিল্টনে লণ্ডনৰ ছেইণ্ট পলছ স্কুলত পঢ়িছিল, য'ত তেওঁ লেটিন আৰু গ্ৰীক ভাষাৰ অধ্যয়ন আৰম্ভ কৰে।
১৬২৫ চনত মিল্টন কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ খ্ৰাইষ্ট কলেজত প্ৰৱেশ লাভ কৰে, য'ৰ পৰা তেওঁ ১৬২৯ চনত স্নাতক ডিগ্ৰী অৰ্জন কৰে। সেই বছৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ২৪ গৰাকী অনাৰ্ছ স্নাতকৰ ভিতৰত তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল।[4] ১৬৩২ চনৰ ৩ জুলাইত তেওঁ এম. এ. ডিগ্ৰী লাভ কৰে।
সাহিত্যিক অৱদান
সম্পাদনা কৰকআৰম্ভণিতে খ্ৰীষ্টীয় যাজক হোৱাৰ কথা ভবা মিল্টনে কেম্ব্ৰিজত পঢ়ি থাকোঁতে সাহিত্যৰ প্ৰতি আকৃষ্ট হয়। তেতিয়াই তেওঁ লেটিন, ইটালিয়ান আৰু ইংৰাজী ভাষাত কবিতা লিখিবলৈ লয়। কেম্ব্ৰিজৰ পৰা ওলাই ১৬৩২ চনৰ পৰা ১৬৩৮ চনলৈকে ছবছৰ কাল দেউতাকৰ গাঁও অঞ্চলৰ হৰ্টন বোলা ঠাইত থকা ঘৰতে লিখা-পঢ়া কৰি কটায়। তেওঁ গ্ৰীক আৰু লেটিন ধ্ৰুপদী সাহিত্যৰ লগতে ধৰ্ম, ৰাজনীতি আৰু বুৰঞ্জী সম্পৰ্কেও গভীৰভাবে অধ্যয়ন কৰে।
১৬২৯ কেম্ব্ৰিজত থাকোঁতে মিল্টনে কবি হিচাপে আত্মপ্ৰকাশ কৰে তেখেতৰ অন্যতম শ্ৰেষ্ঠ গীতিকবিতা 'Ode Upon the Morning of Christ's Nativity' ৰে। হৰ্টনত তেওঁ L'Allegro, Il Penseroso আৰু Lycidas-অৰ দৰে কবিতাৰ লগতে Comus নামেৰে এখন নাট ৰচনা কৰে। ১৬৩৮- ৩৯ চনত মিল্টনে ইটালী ভ্ৰমণ কৰে। ইটালীত তেওঁ বিখ্যাত বিজ্ঞানী গেলিলিওক লগ পায়। ইংলেণ্ডত গৃহযুদ্ধ চলি থকাৰ সময়ছোৱাত মিল্টন কবি হিচাপে প্ৰায় নীৰৱ হ'লেও ১৬৪০ চনৰ পৰা ১৬৬০ চনলৈকে এই কুৰিটা বছৰত তেওঁ অনেক প্ৰভাৱশালী আৰু প্ৰাসংগিক গদ্যৰ ৰচনা কৰে। ধৰ্মীয়ক্ষেত্ৰত সংস্কাৰ আন্দোলনৰ পোষকতা কৰা মিল্টনে গিৰ্জা ব্যৱস্থা সম্পৰ্কে The Reason of Church Government (১৬৪১) আৰু Of Reformation Touching Church Descipline in England (১৬৪৩) আদি পুস্তিকা ৰচনা কৰে। তিনিখন অসফল বিয়াৰ অভিজ্ঞতা থকা মিল্টনে মনে নিমিলাকৈ একেলগে থকাতকৈ বিবাহ বিচ্ছেদ বেছি ভাল বুলি The Doctrine and Discipline of Divorce (১৬৪৩)-অত যুক্তি প্ৰদৰ্শন কৰে। ১৬৪৪ চনত প্ৰকাশিত Of Education নামৰ গ্ৰন্থত তেওঁ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক আৰু শাৰীৰিক উভয় দিশতে বিকাশ লাভ কৰাৰ পোষকতা কৰে। Areopagitica (১৬৪৪)-ত মিল্টনে চেঞ্চৰশ্বিপৰ বিপক্ষে আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সপক্ষে মাত মাতে। The Tenure of Kings and Magistrates (১৬৪৯)-অত তেওঁ এই মত প্ৰকাশ কৰে যে জনসাধাৰণে ইচ্ছা কৰিলে অত্যাচাৰী শাসকক ক্ষমতাচ্যুত কৰি শাস্তি দিবও পাৰে। [5]
১৬৪৯ চনত চৰকাৰে মিল্টনক বৈদেশিক সচিবৰ বাব প্ৰদান কৰে। ইতিমধ্যে তেখেতৰ দৃষ্টিশক্তি কমি আহিছিল আৰু ১৬৫২ চনত তেওঁ সম্পূৰ্ণৰূপে অন্ধ হৈ পৰে। এগৰাকী সাহায্যকাৰীৰ সহায়েৰে অন্ধ অৱস্থাতে তেওঁ অমৰ মহাকাব্য Paradise Lost লিখি উলিয়ায়।
১৬৬৭ চনত Paradise Lost মহাকাব্যখনিৰ দহটা খণ্ড প্ৰকাশ পায়। ১৬৭৪ চনত প্ৰকশিত দ্বিতীয় সংস্কৰণত মুঠ বাৰটা খণ্ড আছে। বাইবেলৰ কাহিনীৰ আধাৰত ৰচিত মহাকাব্যখনিত মিল্টনৰ সময়ৰ সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় দ্বন্দ্ব-সংঘাতৰ প্ৰতিফলন লক্ষ্য কৰা যায়। চয়তানৰ চৰিত্ৰাংকন মিল্টনৰ পাৰদৰ্শিতা প্ৰশংসনীয়। মিল্টনৰ সহানুভূতি দৰাচলতে বিদ্ৰোহী চয়তানৰ প্ৰতিহে ব্যক্ত হৈছে বুলি কোৱা হয়। লেটিন আৰু ইংৰাজীৰ শব্দসম্ভাৰৰ সৃষ্টিশীল ব্যৱহাৰ, মহাকাব্যিক উপমা, ছন্দ আৰু লয়ৰ কৌশলী প্ৰয়োগ আৰু 'grand style' বা মহৎ কাব্যশৈলীৰ ব্যৱহাবে Paradise lost-অক এক বিশিষ্ট সৃষ্টিকৰ্ম কৰি তুলিছে। Paradise Regained-অক Paradise Lost-অৰ পৰৱৰ্তী খণ্ড বুলিব পাৰি।[5]
১৬৬০ চনত চাৰ্লছ দ্বিতীয়ৰ ৰাজসিংহাসন আৰোহণৰ পাছত কমনৰেল্থৰ সমৰ্থক বুলি আৰু ৰাজতন্ত্ৰবিৰোধী বুলি মিল্টনক গ্ৰেপ্তাৰ কৰা হয়। একচ্ছত্ৰী শাসনৰ বিৰোধিতা কৰা তেওঁৰ পুথি Eikonklastes (১৬৪৯) আৰু Pro populo angelicano defencio (১৬৫১)-ৰ প্ৰতিলিপি পুৰি পেলোৱা হৈছিল।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "John Milton". Poetry Foundation. 19 April 2018. Archived from the original on 30 March 2016. https://web.archive.org/web/20160330104058/http://www.poetryfoundation.org/bio/john-milton। আহৰণ কৰা হৈছে: 7 October 2022.
- ↑ Rogers, John (21 November 2008). "Paradise Lost, Book I". YouTube. Archived from the original on 2024-10-07. https://web.archive.org/web/20241007010227/https://www.youtube.com/watch?v=H62G9yIN5Wk। আহৰণ কৰা হৈছে: 2024-10-18.
- ↑ Skerpan-Wheeler, Elizabeth. "John Milton." British Rhetoricians and Logicians, 1500–1660: Second Series. Ed. Edward A. Malone. Detroit: Gale, 2003. Dictionary of Literary Biography Vol. 281. Literature Resource Center.
- ↑ Hunter 1980 p. 99.
- ↑ 5.0 5.1 মদন শৰ্মা, সম্পা. (২০০৩). বিশ্বকোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, পৃ.৪১৮ ক