ড. জয়কান্তন (ইংৰাজী: Jayakanthan; জন্ম : ২৪ এপ্ৰিল, ১৯৩৪   – ৮ এপ্ৰিল, ২০১৫), জনপ্ৰিয় নাম : জেকে,[1] হ'ল এগৰাকী ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা, চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক আৰু সক্ৰিয় সমাজ-কৰ্মী। ৯ বছৰ বয়সতে, পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ পাছত তেওঁ বিদ্যালয়লৈ যোৱা বাদ দিছিল[2] আৰু মাদ্ৰাজলৈ গৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল।[3]চিপিআইৰ অফিচতে তেওঁ চিনাকী হৈছিল বিশ্ব সাহিত্যৰ সৈতে আৰু তেওঁৰ প্ৰথমটো লেখা ছপা হৈছিল পাৰ্টিৰ পুস্তিকাত। তাৰ পিছত আৰু তেওঁ থমকি ৰোৱা নাই। ছয় দশকজোৰা সাহিত্যিক জীৱনত জয়কান্তনে লিখি উলিয়াইছে, দুখনকৈ আত্মজীৱনীৰ উপৰিও ৪০খন উপন্যাস আৰু ২০০ গল্প। কেৱল সাহিত্যকাৰ হৈ নাথাকি তেওঁ দুখনকৈ চলচ্চিত্ৰও নিৰ্মাণ কৰিছিল। তেওঁৰ চাৰিখন উপন্যাসৰ আধাৰতো চলচ্চিত্ৰ নিৰ্মিত হৈছে।

জয়কান্তন

২০১২ চনত জয়কান্তন
জন্ম ২৪ এপ্ৰিল, ১৯৩৪
কুড্ডালুৰ, দক্ষিণ আৰকট জিলা, মাদ্ৰাজ প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত
মৃত্যু ০৮ এপ্ৰিল, ২০১৫ (৮০ বছৰ)
চেন্নাই, ভাৰত
পেচা ঔপন্যাসিক, গল্পকাৰ, চিত্ৰ নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা
ভাষা তামিল ভাষা
উল্লেখযোগ্য বঁটা পদ্মভূষণ,
জ্ঞানপীঠ বঁটা,
সাহিত্য অকাডেমি বঁটা,
অৰ্ডাৰ অৱ ফ্ৰেণ্ডশ্বিপ

তেওঁৰ অৱদানক স্বীকৃতি জনাই তেওঁক ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা (২০০২) আৰু সাহিত্য অকাডেমি বঁটা (১৯৭২) প্ৰদান কৰা হৈছে।[4] ভাৰত চৰকাৰে ২০০৯ চনত তেওঁ পদ্মভূষণেৰে বিভূষিত কৰিছে।[5] ১৯৭৮ চনত তেওঁ ছোভিয়েট দেশ নেহৰু বঁটা আৰু ২০১১ চনত ৰাছিয়ান চৰকাৰৰ অৰ্ডাৰ অৱ ফ্ৰেণ্ডশ্বিপ লাভ কৰিছে। শ্ৰেষ্ঠ কাহিনী লেখক হিচাপে ১৯৭৮ চনত তেওঁ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

৮ এপ্ৰিল, ২০১৫ চনত তেওঁ মৃত্যুবৰণ কৰে।[4]

তথ্যসূত্ৰ সম্পাদনা কৰক