জয়ন্ত মল্ল বৰুৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈ আৰু ২০২১ চনৰ পৰা বৰ্তমানলৈকে অসম বিধানসভাৰ দুটা কাৰ্যকালৰ সদস্য।[1] মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। বৰ্তমান জয়ন্ত মল্ল বৰুৱাৰ হাতত জনস্বাস্থ্য,অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটনৰ দপ্তৰ আছে।[2] ইয়াৰ পূৰ্বে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সম্পাদক আছিল।[3] ২০১৭ চনত তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। এ টি ডি চিৰ অধ্যক্ষ হিচাপে থকা সময়ছোৱাত তেওঁ অসমত ফিল্মফেয়াৰ এৱাৰ্ড শ্ব’ অনুষ্ঠিত কৰি দৃষ্টি আকৰ্ষণ কৰিছিল, যিটো শ্ব’ ৬৫ বছৰীয়া ইতিহাসত মুম্বাইৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল।

জয়ন্ত মল্ল বৰুৱা
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২১ মে’ ২০২১
পূৰ্বসূৰী অশোক শৰ্মা
সমষ্টি নলবাৰী
অসম বিধানসভাৰ সদস্য
কাৰ্যকাল
২০১১ – ২০১৬
পূৰ্বসূৰী অলকা শৰ্মা
উত্তৰসূৰী অশোক শৰ্মা
সমষ্টি নলবাৰী
ব্যক্তিগত তথ্য
জন্ম ২৩-১০-১৯৭১
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
সন্তান
শিক্ষানুষ্ঠান বি বৰুৱা কলেজ
পেচা ৰাজনৈতিক

তথ্য সংগ্ৰহ সম্পাদনা কৰক