ভাৰতীয় জনতা পাৰ্টি

সোঁপন্থী ৰাজনৈতিক দল


ভাৰতীয় জনতা পাৰ্টি বা বিজেপি ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি, আৰু শক্তিশালী জাতীয় নিৰাপত্তা ব্যৱস্থাৰ সমৰ্থক।[1] ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এই দল মধ্য-দক্ষিণপন্থী দল।[2]

ভাৰতীয় জনতা পাৰ্টি
সভাপতি জগত প্ৰকাশ নাড্ডা
সংসদীয় সভাপতি
লোকসভাত নেতা নৰেন্দ্ৰ মোদী (প্ৰধানমন্ত্ৰী)
ৰাজ্যসভাত নেতা পিয়ুষ গোৱেল
প্ৰতিষ্ঠা ৬ এপ্ৰিল ১৯৮০
মূখ্য কাৰ্যালয় ৬-এ, পণ্ডিত দীনদয়াল উপাধ্যায় মাৰ্গ,
নতুন দিল্লী - ১১০০০২
ৰাজনৈতিক মতাদৰ্শ ৰক্ষণশীলতা
সামাজিক ৰক্ষণশীলতা
ভাৰতীয় জাতীয়তাবাদী
একাত্ম মানবতাবাদ
হিন্দুত্ব
ৱেবছাইট www.bjp.org

বিভিন্ন সহযোগী দলৰ সৈতে লগ লাগি ১৯৯৮ ৰ পৰা ২০০৪ চনৰ মধ্যৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আৰু লালকৃষ্ণ আদৱানীৰ উপনেতৃত্বত বিজেপিয়ে ভাৰতত কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। পৰৱৰ্তী সময়ত ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪ চনত সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে পুনৰ ক্ষমতালৈ আহে। ৰাষ্ট্ৰীয় নেতৃত্বত অসমৰ দিলীপ শইকীয়াই সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক