জয়প্ৰকাশ নাৰায়ণ
জয়প্ৰকাশ নাৰায়ণ (ইংৰাজী: Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাৰাণাসীত থকা ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল।[1]
জয়প্ৰকাশ নাৰায়ণ | |
---|---|
জন্ম | ১১ অক্টোৱৰ, ১৯০২ সীতাৰদিয়াৰা, সাৰন সংমণ্ডল, চাপৰা বিহাৰ, বিহাৰ |
মৃত্যু | ৮ অক্টোবৰ, ১৯৭৯ (৭৬ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
জন্ম আৰু পৰিয়াল
সম্পাদনা কৰকজয়প্ৰকাশ নাৰায়ণৰ জন্ম হয় ১৯০২ চনত ১১ অক্টোবৰত বিহাৰৰ সীতাৰদিয়াৰা নামেৰে এখন সৰু গাঁৱত। তেওঁ এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতাকৰ নাম হৰ্য়ুদ আৰু মাকৰ নাম ফুলৰাণী। তেওঁ প্ৰভাৱতীৰ লগত বিবাহ পাশত আবদ্ধ হয়।[1]
শিক্ষা জীৱন
সম্পাদনা কৰকজয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ আমেৰিকালৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা ইস্পাত কাৰখানাত, কেতিয়াবা ৰেষ্টুৰাঁ আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।[1]