জাতকৰ্ম(সংস্কৃত: जातकर्मन्) (আক্ষৰিক অৰ্থত, জন্মৰ আচাৰ-অনুষ্ঠান) শিশুৰ জন্মৰ পিছত উদযাপন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান সংস্কাৰ।[1] সাধাৰণতে ই এক ব্যক্তিগত ৰীতি-নীতিৰে নতুনকৈ পিতৃ-মাতৃ হোৱা দম্পতী, কেঁচুৱাটোৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পালন কৰা অনুষ্ঠান।

ব্যুৎপত্তি সম্পাদনা কৰক

জাতকৰ্ম সংস্কৃতৰ এক সংমিশ্ৰিত শব্দ, আৰু ইয়াৰ মূল শব্দদুটা হৈছে 'জাত' আৰু 'কৰ্ম'। জাত শব্দৰ আক্ষৰিক অৰ্থ হৈছে "জন্ম, অস্তিত্বলৈ অনা, জন্ম দিয়া, উৎপত্তি হোৱা, কাৰণ হোৱা, আবিৰ্ভাৱ হোৱা।" [2] কৰ্ম শব্দৰ আক্ষৰিক অৰ্থ হৈছে "কাম, কৰ্তব্য, বাধ্যবাধকতা, যিকোনো ধৰ্মীয় কাৰ্য্যকলাপ বা ৰীতি, প্ৰাপ্তি।" [3] এইদৰে জাতকৰ্মৰ অৰ্থ হৈছে "জন্মৰ সময়ত কৰা এটা আচাৰ" বা "জন্ম অনুষ্ঠান।" [4][5]

এই ৰীতি-নীতি সমূহ মুখ্যতঃ নৱজাতকৰ সৈতে জড়িত।[5]

বিৱৰণ সম্পাদনা কৰক

হিন্দু ধৰ্মৰ প্ৰাচীন গ্ৰন্থসমূহত উল্লেখ থকা অনুসৰি নৱজাত শিশুৰ বাবে জন্মৰ পিছৰ প্ৰথমটো ৰীতি-নীতিৰ অনুষ্ঠানেই হৈছে জাতকৰ্ম। ইয়াত শিশুৰ জন্মৰ লগতে পিতৃৰ সৈতে গঢ়ি উঠা বান্ধোনক উদযাপন কৰা হয়।[6] পৰম্পৰাগত জাতকৰ্ম অনুষ্ঠানৰ সময়ত পিতৃয়ে শিশুটিৰ ওঁঠত মৌ আৰু ঘিঁউ স্পৰ্শ কৰি আদৰণি জনায়। কেতিয়াবা, এই অনুষ্ঠানত বৈদিক শ্লোক মতা হয়। এই অনুষ্ঠানৰ প্ৰথম তাৎপৰ্য গৃহসূত্ৰ গ্ৰন্থত মেধাজনন (সংস্কৃত: মেধান) বুলি ব্যাখ্যা কৰা হৈছে, বা মাতৃৰ গৰ্ভত শিশুৰ শৰীৰ গঠন সম্পূৰ্ণ হোৱাৰ পিছত জগতৰ গৰ্ভত শিশুৰ মন আৰু বুদ্ধিৰ আৰম্ভ কৰা। গীতসমূহৰ দ্বিতীয় খণ্ডত শিশুটিৰ দীৰ্ঘায়ু কামনা কৰা হৈছে।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Pandey, Rajbali (1992). Hindu samskaras: socio-religious study of the Hindu sacraments. Motilal Banarsidass. পৃষ্ঠা. 70–77. ISBN 978-81-208-0396-1. 
  2. jAta, Monier Williams Sanskrit–English Dictionary, (2008 revision), Cologne Digital Sanskrit Lexicon, Germany
  3. karman, Monier Williams Sanskrit–English Dictionary, (2008 revision), Cologne Digital Sanskrit Lexicon, Germany
  4. jAtakarman, Monier Williams Sanskrit–English Dictionary, (2008 revision), Cologne Digital Sanskrit Lexicon, Germany
  5. 5.0 5.1 jAtakarman Apte Sanskrit English Dictionary, University of Chicago
  6. 6.0 6.1 Kathy Jackson (2005), Rituals and Patterns in Children's Lives, University of Wisconsin Press, আই.এচ.বি.এন. 978-0299208301, page 46