জাতীয়তাবাদ হৈছে একপ্ৰকাৰ ৰাজনৈতিক চিন্তাধাৰা। ই জাতি বুলি চিহ্নিত কৰা কোনো প্ৰতীক বা ধাৰণাৰ লগত কোনো ব্যক্তি বা সমূহৰ গভীৰ সম্পৰ্ক সূচিত কৰে। জাতিৰ 'আধুনিকতাবাদী' ধাৰণা অনুসৰি জাতীয়তাবাদে এক জাতীয় অস্তিত্বৰ সৃষ্টি কৰে।[1] জাতিৰ বিভিন্ন সংজ্ঞা অনুসৰি জাতিয়তাবাদৰো ভিন ভিন ৰূপ নিৰ্ণীত হয়। জাতিৰ কোনো সংজ্ঞামতে ৰাষ্ট্ৰৰ নাগৰিকত্ব কেৱল এক নিৰ্দিষ্ট গোষ্ঠীগত, ভাষাভিত্তিক বা কোনো বিশেষ পৰিচয়তে সীমাবদ্ধ থকা উচিত। অন্যহাতে কোনো ক্ষেত্ৰত এখন ৰাষ্ট্ৰৰ ভিতৰতে বিভিন্ন জাতিৰ মানুহৰ জাতিগত স্বকীয়তা বজাই ৰাখি সকলোৱে এক ৰাষ্ট্ৰীয় পৰিচয় বহন কৰিব পাৰে।[1]

ৰাষ্ট্ৰৰ প্ৰাধান্যতা বা অন্য ৰাষ্ট্ৰতকৈ উন্নত বুলি ভবা ধাৰণাও "জাতীয়তাবাদ" হ'ব পাৰে।[2][3] কোনো গোষ্ঠীয়ে নিজৰ 'গৃহভূমি' (সাধাৰণতে কোনো স্বায়ত্ত্ব শাসিত স্থান)-ৰ স্থাপনা বা প্ৰতিৰক্ষাৰ কাৰণে চলোৱা সংগ্ৰামকো 'জাতীয়তাবাদ' বুলিব পাৰি। কেতিয়াবা কোনো জাতিৰ নিজস্ব জাতীয় সত্তাৰ গৌৰৱৰ লগতে অন্য জাতি বা সংস্কৃতিৰ প্ৰতি থকা নীচাত্মক দৃষ্টিভংগীও সন্নিহিত হৈ পৰে।[4]


জাতীয়তাবাদ কোনো কাল্পনিক সত্তা (en:imagined communities)-ৰ লগত সংলগ্ন এক সামূহিক পৰিচয়ৰ ধাৰণাও হ'ব পাৰে। এনে সত্তা সাধাৰণভাবে ভাষা, জাতি বা ধৰ্মকেন্দ্ৰিক নহৈ সংশ্লিষ্ট জাতিটোৰ সদস্যসকলৰ দ্বাৰা সামাজিকভাৱে প্ৰৱৰ্তিতও হ'ব পাৰে। .[5] জাতিৰ এনে ধৰণৰ পৰিচায়ক বোৰ সাধাৰণতে স্বাভাৱিক তথা দীৰ্ঘস্থায়ী হয়। বুৰঞ্জীবিদ ই. জে. হব্‌চবান-এ ইয়াক সংকলিত ঐতিহ্য (en:invented traditions) আখ্যা দিছে। কোনো ক্ষেত্ৰত জাতীয়তাবাদ প্ৰতিক্ৰিয়াশীল হয়। এনে জাতীয়তাবাদে পুৰণি জাতীয় গৌৰবৰ পুনৰুদ্ধাৰ, কেতিয়াবা কোনো অবাঞ্ছিত জাতিৰ বিতাড়ন, আদি কৰিবলৈ আহ্বান জনায়। বৈপ্লৱিক জাতীয়তাবাদে কোনো উপেক্ষিত জনগোষ্ঠীৰ নিজস্ব স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ উদগণি দিয়ে।


জাতীয়তাবাদে এক সামূহিক পৰিচয় সূচায় - একীভূত আৰু একে জাতীয় সংস্কৃতিৰে পৰিচিত এক স্বতন্ত্ৰ 'জনতা'।[6] সংযুক্ট জাতীয়তাবাদত জাতীক সামাজিক গঠন, বিভিন্ন সামাজিক গোটৰ পৰস্পৰ সহযোগিতা আৰু উমৈহতীয়া ৰাজনৈতীক উদ্দেশ্যৰে সৈতে এক অংগৰ দৰে ভবা হয়। অন্যহাতে |মুক্ত জাতীয়তাবাদ মতে ব্যক্তি স্বতন্ত্ৰতাকো জাতীয় পৰিচয়ৰ এক গুৰুত্ত্বপূৰ্ণ অংগ বুলি ধৰা হয়।[7]

জাতিসত্তাৰ লগত জড়িত জাতীয় পতাকা, জাতীয় সংগীত আদি বিভিন্ন প্ৰতীকক ৰাজনৈতীক চিহ্নতকৈ ধাৰ্মিক প্ৰতীকৰ দৰে পৱিত্ৰ বুলি গণ্য কৰা হয়। এইবোৰৰ লগত গভীৰ আৱেগ জড়িত হৈ থাকে।[8][9][10][11]

  1. 1.0 1.1 Smith, Anthony D. (1993). National Identity. প্ৰকাশক Reno: University of Nevada Press. পৃষ্ঠা. 71. ISBN 0874172047. http://books.google.com/?id=bEAJbHBlXR8C. [সংযোগবিহীন উৎস]
  2. Smith, Anthony D. (1993). National Identity. প্ৰকাশক Reno: University of Nevada Press. পৃষ্ঠা. 72. ISBN 0874172047. http://books.google.com/?id=bEAJbHBlXR8C. [সংযোগবিহীন উৎস]
  3. Ernest Gellner and John Breuilly, Nations and Nationalism, "In brief, nationalism is a theory of political legitimacy, which requires that ethnic boundaries should not cut across political ones.", p. 1, Cornell University Press, 2009, ISBN 978-0-8014-7500-9
  4. Thomas Blank and Peter Schmidt, National Identity in a United Germany: Nationalism or Patriotism? An Empirical Test with Representative Data, in Political Psychology, Vol. 24, No. 2, (2003)
  5. Anderson, Benedict (1991). Imagined Communities: Reflections on the Origin and Spread of Nationalism. প্ৰকাশক New York: Verso. পৃষ্ঠা. 37–46. ISBN 978-0860915461. http://books.google.com/?id=4mmoZFtCpuoC&lpg=PP1&dq=imagined%20communities&pg=PP1#v=onepage&q. 
  6. Hutchinson, John and Smith, Anthony D., ed (1994). Nationalism. Oxford Readers. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 4–5. 
  7. Anthony D. Smith, Nationalism, p. 17-20, Polity, 2002, ISBN 978-0-7456-2659-8.
  8. Billig, Michael (1995). Banal Nationalism. প্ৰকাশক London: Sage. ISBN 0803975252. http://books.google.com/?id=VV18cdwqVf4C. 
  9. Gellner, Ernest (2005). Nations and Nationalism (Second সম্পাদনা). Blackwell. ISBN 1405134429. http://books.google.com/?id=jl7t2yMfxwIC. 
  10. Canovan, Margaret (1996). Nationhood and Political Theory. প্ৰকাশক Cheltenham: Edward Elgar. ISBN 1840640111. http://books.google.com/?id=kIW5GAAACAAJ. [সংযোগবিহীন উৎস]
  11. Miller, David (1995). On Nationality. প্ৰকাশক Oxford: Oxford University Press. ISBN 0198293569. http://books.google.com/?id=1GuaIAAACAAJ. [সংযোগবিহীন উৎস]

অধিক পঢ়ক

সম্পাদনা কৰক
  • Anderson, Benedict. 1983. Imagined Communities: Reflections on the Origin and Spread of Nationalism. New York: Verso.
  • Breuilly, John. 1994. Nationalism and the State. 2nd ed. Chicago: Chicago University Press. ISBN 0-226-07414-5 .
  • Brubaker, Rogers. 1996. Nationalism Reframed: Nationhood and the National Question in the New Europe. Cambridge University Press. ISBN 0-521-57224-X .
  • Greenfeld, Liah. 1992. Nationalism: Five Roads to Modernity Cambridge: Harvard University Press. ISBN 0-674-60319-2
  • Hobsbawm, Eric J. 1992. Nations and Nationalism Since 1780: Programme, Myth, Reality. 2nd ed. Cambridge University Press. ISBN 0-521-43961-2 .
  • Jusdanis, Gregory. 2001. The Necessary Nation. Princeton University Press.
  • Malesevic, Sinisa 2006. Identity as Ideology: Understanding Ethnicity and Nationalism. New York: Palgrave, ISBN 1-4039-8786-6.
  • Ozkirimli, Umut 2010. Theories of Nationalism: A Critical Introduction. New York: Palgrave.
  • Royce, Mathias O. 2010. The Rise and Propagation of Political Right-Wing Extremism: The Identification and Assessment of Common Sovereign Economic and Socio-Demographic Determinants SMC - Swiss Management Center, Working Paper Series, August 5, 2010, Available at SSRN [1]
  • Harvard Asia Pacific Review, 2010. "Nations and Nationalism." ISSN 1522-1113

বহিঃ সংযোগ

সম্পাদনা কৰক