দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানৰ মহিলাসকলৰ পুৰুষৰ সমান আইনী অধিকাৰ আছে বুলি স্বীকৃতি দিয়া হৈছিল যদিও তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাৰসাম্যহীন হৈয়ে আছিল।[5] মাতৃত্ব আৰু কৰ্মক্ষেত্ৰত অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে আধুনিক নীতিগত পদক্ষেপ লোৱা হৈছে যদিও ইয়াৰ ফলাফল মিশ্ৰিত।[6]

জাপানৰ নাৰী

"Japan And Japanese" (১৯০২) শীৰ্ষক গ্ৰন্থত জাপানী মহিলাৰ এখনি আলোকচিত্ৰ
সাধাৰণ পৰিসংখ্যা
জননীৰ মৃত্যুৰ হাৰ (প্ৰতি ১ লাখত) ৫ (২০১০)
সদনত নাৰী ১০.২% (২০১৮)[1]
দ্বিতীয় পৰ্যায়ৰ শিক্ষাৰ সৈতে ২৫ বছৰৰ উৰ্দ্ধৰ নাৰী ৮০% (২০১০)
কৰ্মক্ষেত্ৰত নাৰী ৬৪.৬% (নিযুক্তিৰ হাৰ, ২০১৫)[2]
লিংগ অসমতাৰ সূচক[3]
মান ০.০৮৩ (২০২১)
স্থান ২২ (১৯১ৰ ভিতৰত)
গোলকীয় লিংগ বৈষম্যৰ সূচক[4]
মান ০.৬৫০ (২০২২)
স্থান ১১৬ (১৪৬ৰ ভিতৰত)
কিমোনো পিন্ধা এগৰাকী জাপানী নাৰী

১৯৪৫ চনত জাপানৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে।[7] তাৰ পিছৰ দশকবোৰত জাপানী মহিলাৰ মৰ্যাদা ক্ৰমাগতভাৱে উন্নত হৈছে যদিও বিবাহিত মহিলা আৰু মাতৃৰ প্ৰতি পৰম্পৰাগত প্ৰত্যাশাক সম্পূৰ্ণ অৰ্থনৈতিক সমতাৰ বাধা হিচাপে উল্লেখ কৰা হৈছে।[8] ৰাজতন্ত্ৰ কেৱল পুৰুষৰ বাবে আৰু এগৰাকী ৰাজকুমাৰীয়ে যদি সাধাৰণ মানুহক বিয়া কৰায়, তেন্তে তেওঁ নিজৰ সাম্ৰাজ্যবাদী উপাধিৰ পৰা পদত্যাগ কৰিবলগীয়া হয়।

 
প্ৰাৰম্ভিক সময়ছোৱাত জাপানৰ ছোৱালী হাইস্কুল, ১৯৩৯ চনত

সামাজিক বিকাশৰ লগে লগে অধিক সংখ্যক জাপানী ছোৱালীয়ে উচ্চ শিক্ষা লাভ কৰিবলৈ কলেজলৈ গৈ আছে।[9] আজি জাপানৰ আধাতকৈ অধিক মহিলা কলেজ বা বিশ্ববিদ্যালয়ৰ স্নাতক।[10] জাপানত মহিলা গৱেষকৰ অনুপাত ১৪.৬%।[11]

মেইজি যুগৰ আধুনিকীকৰণ অভিযানৰ সময়ত নাৰীৰ আধুনিক শিক্ষা আন্তৰিকতাৰে আৰম্ভ হৈছিল। এই সময়ছোৱাতে মহিলাৰ বাবে প্ৰথম বিদ্যালয় আৰম্ভ হৈছিল যদিও শিক্ষাৰ বিষয়সমূহ অতি লিংগভিত্তিক আছিল৷ মহিলাসকলে চামুৰাই শ্ৰেণীৰ কলা, যেনে: চাহ অনুষ্ঠান আৰু ফুলৰ সজ্জা শিকিছিল। ১৮৭১ চনৰ শিক্ষা সংহিতাই ছাত্ৰ-ছাত্ৰীসকলক "শ্ৰেণী বা লিংগৰ কোনো পাৰ্থক্য নোহোৱাকৈ" শিক্ষিত কৰা উচিত বুলি প্ৰতিষ্ঠা কৰিছিল।[12] তথাপিও ১৮৯১ চনৰ পৰৱৰ্তী সময়ত তৃতীয় শ্ৰেণীৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণতে পৃথক কৰা হৈছিল আৰু বহু ছোৱালীয়ে মধ্যবিদ্যালয়ৰ পাছতো শিক্ষা বৃদ্ধি কৰা নাছিল।[13]

 
ছেইফুকু পৰিধান কৰি থকা টকিঅ'ৰ জাপানী স্কুলীয়া ছাত্ৰী

মেইজি যুগৰ শেষলৈকে জাপানৰ প্ৰতিটো প্ৰদেশৰ একোখনকৈ মহিলা বিদ্যালয় আছিল; যিখন চৰকাৰী, মিছনেৰী আৰু ব্যক্তিগত ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হৈছিল।[14]১৯১০ চনলৈকে অতি কম সংখ্যক বিশ্ববিদ্যালয়েহে মহিলাক নামভৰ্তিৰ সুযোগ দিছিল।[15] স্নাতক হোৱাৰ নিশ্চয়তা নাছিল, কাৰণ প্ৰায়ে মহিলাসকলক বিয়া হ'বলৈ বা "ব্যৱহাৰিক বিষয়" অধ্যয়ন কৰিবলৈ স্কুলৰ পৰা আঁতৰাই দিয়া হৈছিল।[14]

উল্লেখযোগ্য যে জাপানৰ প্ৰথমগৰাকী ডক্তৰেটপ্ৰাপ্ত মহিলা আছিল চুৰুকো হাৰাগুচি৷ কিন্তু তেওঁ এই ডিগ্ৰী গ্ৰহণ কৰিছিল আমেৰিকাতহে৷ কিয়নো মেইজি যুগৰ কোনো প্ৰতিষ্ঠানে তেওঁক ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ অনুমতি নিদিলে।[14] তেওঁৰ লগতে বিদেশত অধ্যয়ন কৰি জাপানলৈ পুনৰ উভতি অহা আন মহিলাসকল, যেনে: যোছিঅ'কা ইয়ায়'ই আৰু চুডা উমেকোৱে জাপানী শিক্ষাবিদ্যাত মহিলাসকলক অন্তৰ্ভুক্ত কৰাৰ পথত দৃঢ় পদক্ষেপ লৈছিল।[14]

১৯৪৫ চনৰ পিছত মিত্ৰশক্তিৰ দখলৰ লক্ষ্য আছিল লিংগৰ মাজত সম শিক্ষা বলবৎ কৰা৷ ইয়াৰ ভিতৰত ১৯৪৬ চনত ১৬ বছৰ বয়সলৈকে বাধ্যতামূলক সহ-শিক্ষা প্ৰদানৰ পৰামৰ্শও আছিল।[13] ১৯৪৭ চনৰ শেষৰ ফালে প্ৰায় সকলো মধ্যবিদ্যালয় আৰু আধাতকৈ অধিক হাইস্কুল সহ-শিক্ষামূলক আছিল।[13]

২০১২ চনত ৯৮.১% মহিলা আৰু ৯৭.৮% পুৰুষ ছাত্ৰই ছিনিয়ৰ হাইস্কুলত পঢ়িবলৈ সক্ষম হয়।[16] ইয়াৰে ৫৫.৬% পুৰুষ আৰু ৪৫.৮% মহিলাই স্নাতক অধ্যয়ন অব্যাহত ৰাখিছিল যদিও এই মহিলা স্নাতকসকলৰ ১০% কনিষ্ঠ কলেজত পঢ়িছিল।[17]

পেছাদাৰী জীৱন

সম্পাদনা কৰক

একবিংশ শতিকাৰ সময়ছোৱাত আমেৰিকাৰ শ্ৰমিক মহিলা জনসংখ্যাতকৈ জাপানী মহিলাসকলে অধিক অনুপাতত কাম কৰি আছে।[5] জাপানত পুৰুষ আৰু মহিলাৰ আয়ৰ মাত্ৰা সমান নহয়৷ গড় জাপানী মহিলাই গড় পুৰুষতকৈ ৪০ শতাংশ কম উপাৰ্জন কৰে আৰু পৰিচালনাৰ দশমাংশ পদ মহিলাই গ্ৰহণ কৰে।[5] মহিলাসকলক প্ৰায়ে অংশকালীন বা অস্থায়ী চাকৰিত দেখা পোৱা যায়। ইয়াৰে ৭৭% চাকৰি ২০১২ চনত মহিলাই পূৰণ কৰিছিল।[18] কাম কৰা মহিলাসকলৰ ভিতৰত কেৱল মহিলাৰ বাবে সংঘৰ আকাৰ আৰু সৰু আপেক্ষিক ক্ষমতা ।[19] যুৱতীসকলৰ এটা সাধাৰণ বৃত্তি হ’ল অফিচ লেডী, অৰ্থাৎ এগৰাকী মহিলা অফিচ কৰ্মী যিয়ে সাধাৰণতে গোলাপী কলাৰৰ কাম যেনে: চাহ পৰিবেশন আৰু সচিব বা কেৰাণীৰ কাম কৰে।

জাপানত বিবাহৰ পিছত মহিলাসকলে গৃহিণী হোৱাৰ এক শক্তিশালী পৰম্পৰা আছে।[20][21] যেতিয়া মাতৃসকলে কাম কৰে, তেতিয়া তেওঁলোকে প্ৰায়ে সন্তান বা স্বামীৰ সময়সূচীৰ ওপৰত ভিত্তি কৰি অংশকালীন, কম দৰমহাৰ চাকৰি লয়।[22] পৰিয়াল আৰু ঘৰৰ যত্ন লোৱাটো প্ৰধানকৈ মহিলাৰ ভূমিকা হিচাপে গণ্য কৰা হয় আৰু শ্ৰমিক মহিলাসকলে ইয়াক পালন কৰিব বুলি আশা কৰা হয়।[23] তথাপিও শেহতীয়া বছৰবোৰত কাম কৰা মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০১৪ চনত জাপানৰ শ্ৰমিক শক্তিৰ ৪২.৭% মহিলাই গঠন কৰিছিল।[24] জাপানত অংশকালীন কাম কৰা মহিলাৰ সংখ্যা বিশেষভাৱে বেছি আৰু সেই মহিলাসকলৰ অধিকাংশই মাতৃ।[25]

এটা সমীক্ষাত কৰ্মস্থলীলৈ উভতি অহা ৩০% মাতৃয়ে "প্ৰসূতিৰ হাৰাশাস্তি" বা "মতাহাৰা"ৰ বলি হোৱা বুলি কয়।[26] জাপানত অ'বেণ্টো বক্স পৰম্পৰা আছে, য'ত মাতৃসকলে নিজৰ স্কুলত থকা সন্তানৰ বাবে সুন্দৰকৈ দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰে, আৰু এইয়া হৈছে জাপানৰ ঘৰুৱা মহিলাৰ ভূমিকাৰ এক উদাহৰণ।[27]

যুদ্ধৰ পিছৰ কেইবাটাও চৰকাৰী আৰু ব্যক্তিগত নীতিয়ে লিংগভিত্তিক শ্ৰম বিভাজনত অৰিহণা যোগাইছে।[28] ইয়াৰ ভিতৰত স্বাস্থ্য আৰু গৃহ নিৰ্মাণৰ ৰাজসাহায্য, বিবাহ বোনাছ, প্ৰতিটো শিশুৰ বাবে অতিৰিক্ত বোনাছ ৰাজসাহায্য হিচাপে দিয়া নিগমসমূহে আগবঢ়োৱা পৰিয়ালৰ মজুৰি; আৰু কিছুমান আয়ৰ তলত উপাৰ্জন কৰা পত্নীৰ বাবে পেঞ্চন।[28]ইয়াৰ উপৰিও ১৯৬১ চনত শ্ৰমিক পুৰুষৰ পত্নীৰ আয়ৰ ওপৰত ১০,০০০ ডলাৰৰ তলত কৰ আৰোপ কৰা হৈছিল৷ সেই পৰিমাণতকৈ অধিক আয়ে পৰিয়ালৰ সামগ্ৰিক আয়ত অৰিহণা যোগাইছিল।[28] কৰ্পৰেট সংস্কৃতিয়েও জাপানত এক বিশিষ্ট ভূমিকা পালন কৰে৷ বহু পুৰুষে দীঘলীয়া কৰ্মদিনৰ পিছত নিজৰ পৰিচালকৰ সৈতে সামাজিকভাৱে মিলিত হোৱাৰ আশা কৰে যদিও মহিলাসকলে শিশু লালন-পালনৰ ভূমিকা আৰু কৰ্মৰ পিছৰ বাধ্যতামূলক সামাজিক অনুষ্ঠানৰ দাবীৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা পাব পাৰে।[5]

কিছুমান অৰ্থনীতিবিদে কয় যে কৰ্মৰত মাতৃসকলৰ বাবে উন্নত সমৰ্থন ব্যৱস্থা, যেনে: দৈনিক কামৰ সময়সূচী কম হোৱাৰ ফলত অধিক মহিলাই কাম কৰিব পাৰিব, যাৰ ফলত জাপানৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি পাব।[8] সেই উদ্দেশ্যে ২০০৩ চনত জাপান চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছিল যে চৰকাৰী জ্যেষ্ঠ ভূমিকাৰ ৩০% মহিলাই পূৰণ কৰিব। পিছে ২০১৫ চনত মাত্ৰ ৩.৫%হে পদ পূৰণ হৈছিল৷ তাৰ পিছত চৰকাৰে ২০২০ চনৰ লক্ষ্য ৭% লৈ হ্ৰাস কৰিছে আৰু ব্যক্তিগত উদ্যোগৰ লক্ষ্য ১৫% লৈ নিৰ্ধাৰণ কৰিছে।[29]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Women in Parliaments: World Classification". www.ipu.org. http://www.ipu.org/wmn-e/classif.htm. 
  2. OECD. "LFS by sex and age - indicators". Stats.oecd.org. http://stats.oecd.org/Index.aspx?DatasetCode=LFS_SEXAGE_I_R#। আহৰণ কৰা হৈছে: 2019-08-04. 
  3. "Human Development Report 2021/2022". HUMAN DEVELOPMENT REPORTS. https://hdr.undp.org/system/files/documents/global-report-document/hdr2021-22pdf_1.pdf। আহৰণ কৰা হৈছে: 18 October 2022. 
  4. "Global Gender Gap Report 2022". World Economic Forum. https://www3.weforum.org/docs/WEF_GGGR_2022.pdf। আহৰণ কৰা হৈছে: 1 March 2023. 
  5. 5.0 5.1 5.2 5.3 Soble, Jonathan (1 January 2015). "To Rescue Economy, Japan Turns to Supermom". The New York Times. https://www.nytimes.com/2015/01/02/business/international/in-economic-revival-effort-japan-turns-to-its-women.html. 
  6. Borovoy, Amy (2005). The Too-Good Wife: Alcohol, codependency, and the politics of nurturance in postwar Japan. প্ৰকাশক Berkeley, CA: University of California Press. পৃষ্ঠা. 68. ISBN 0520244524. 
  7. "Birth of the Constitution of Japan - Chronological Table". National Diet Library, Japan. https://www.ndl.go.jp/constitution/e/etc/history02.html। আহৰণ কৰা হৈছে: 18 February 2020. 
  8. 8.0 8.1 Nohara, Yoshiaki (21 January 2014). "Goldman's Matsui Turns Abe to Womenomics for Japan Growth". Bloomberg. https://www.bloomberg.com/news/articles/2014-01-21/goldman-s-matsui-turns-abe-to-womenomics-for-japan-growth. 
  9. Huang, Placier, Haigen, Peggy (October 2015). "Four Generations of Women's Educational Experience in a Rural Chinese Community.". Gender and Education খণ্ড 27 (6): 599–617. doi:10.1080/09540253.2015.1069799. 
  10. Chanlett-Avery, Emma; Nelson, Rebecca M. (2014). ""Womenomics" in Japan: In Brief". Congressional Research Service. https://www.fas.org/sgp/crs/row/R43668.pdf. 
  11. Gender Equality Bureau, Cabinet Office. "Education and Research Fields". Japan Gender Equality Bureau Cabinet Officegender.go.jp. http://www.gender.go.jp/english_contents/pr_act/pub/pamphlet/women-and-men15/pdf/1-8.pdf। আহৰণ কৰা হৈছে: 17 December 2015. 
  12. Burton, Margaret Emerstine (1914). The Education of Women in Japan. প্ৰকাশক Cambridge, MA: Fleming H. Revell (Harvard University Preservation Program). https://archive.org/details/educationofwomen00burt. 
  13. 13.0 13.1 13.2 Koyama, Takashi (1961). The changing social position of women in Japan. প্ৰকাশক Paris: UNESCO. http://unesdoc.unesco.org/images/0000/000028/002807eo.pdf। আহৰণ কৰা হৈছে: 17 December 2015. 
  14. 14.0 14.1 14.2 14.3 Patessio, Mara (December 2013). "Women getting a 'university' education in Meiji Japan: discourses, realities, and individual lives". Japan Forum খণ্ড 25 (4): 556–581. doi:10.1080/09555803.2013.788053. 
  15. Koyama, Takashi (1961). The changing social position of women in Japan. প্ৰকাশক Paris: UNESCO. http://unesdoc.unesco.org/images/0000/000028/002807eo.pdf। আহৰণ কৰা হৈছে: 17 December 2015. 
  16. (MEXT), Ministry of Education, Culture, Sports and Technology. "Gakko kihon chosa - Heisei 24 nendo (sokuho) kekka no gaiyo". Japanese Ministry of Education, Culture, Sports and TechnologyMEXT. http://www.mext.go.jp/component/b_menu/houdou/__icsFiles/afieldfile/2012/08/30/1324976_02.pdf। আহৰণ কৰা হৈছে: 18 December 2015. 
  17. Cabinet Office, Gender Equality Bureau (April 2014). "White Paper on Gender Equality 2013". Statistical Topics (Japanese) খণ্ড 80. http://www.stat.go.jp/data/kagaku/kekka/topics/topics80.htm। আহৰণ কৰা হৈছে: 19 December 2015. 
  18. "Holding back half the nation". The Economist. https://www.economist.com/news/briefing/21599763-womens-lowly-status-japanese-workplace-has-barely-improved-decades-and-country. 
  19. Briskin, Linda (1999). "Autonomy, diversity and integration: Union women's separate organising in North America and Western Europe in the context of restructuring and globalization". Women's Studies International Forum খণ্ড 22 (5): 543–554. doi:10.1016/S0277-5395(99)00053-9. 
  20. Hendry, Joy (1986). Marriage in changing Japan: community and society (1st Tuttle সম্পাদনা). প্ৰকাশক Rutland, Vt.: C.E. Tuttle Co.. ISBN 0804815062. 
  21. Morsbach, Helmut (1978). Corbyn, Marie. ed. Aspects of Japanese Marriage. Penguin Books. পৃষ্ঠা. 98. 
  22. Hirata, Keiko; Warschauer, Mark (2014). Japan: the paradox of harmony. প্ৰকাশক New Haven: Yale University Press. পৃষ্ঠা. 49. ISBN 978-0300186079. 
  23. Nemoto, Kumiko (September 2013). "Long Working Hours and the Corporate Gender Divide in Japan". Gender, Work & Organization খণ্ড 20 (5): 512–527. doi:10.1111/j.1468-0432.2012.00599.x. 
  24. "Labor force, female (% of total labor force) | Data". http://data.worldbank.org/indicator/SL.TLF.TOTL.FE.ZS. 
  25. Yu, p. 494
  26. Beech, Hannah (30 September 2013). "'You Mean Women Deserve Careers?' Patriarchal Japan Has Breakthrough Moment". Time (Time Magazine). http://world.time.com/2013/09/30/you-mean-women-deserve-careers-patriarchal-japan-has-breakthrough-moment/। আহৰণ কৰা হৈছে: 15 December 2015. 
  27. Anne Allison. 2000. Japanese Mothers and Obentōs: The Lunch Box as Ideological State Apparatus. Permitted and Prohibited Desires: Mothers, Comics, and Censorship in Japan, pp. 81-104. Berkeley, CA: University of California Press. http://fds.duke.edu/db/attachment/1111
  28. 28.0 28.1 28.2 Borovoy, Amy (2005). The too-good wife: alcohol, codependency, and the politics of nurturance in postwar Japan. প্ৰকাশক Berkeley, CA: University of California Press. ISBN 0520244524. 
  29. Yan, Sophia; Ogura, Junko (7 December 2015). "Japan slashes target for women in senior positions". CNN. https://money.cnn.com/2015/12/07/news/economy/japan-women-senior-positions। আহৰণ কৰা হৈছে: 17 December 2015.