জামাতিয়া সম্প্ৰদায় ত্ৰিপুৰা ৰাজ্যৰ উপ-জনজাতি সমুহৰ ভিতৰত তৃতীয় বৃহৎ উপ জনজাতি। জামাতিয়া শব্দৰ মুল জামাত শব্দৰ অৰ্থ হল সংগ্ৰহ। পিছত তেওঁলোকে জামাতক জামাতিয়া লৈ নামাকৰণ কৰে। জামাতিয়া সম্প্ৰদায়ৰ লোক এতিয়াও নিজৰ সম্প্ৰদায়ৰ নিয়ম অনুসৰি একত্ৰিত হৈ থাকে।[উদ্ধৃতিৰ প্ৰয়োজন] ইতিহাস হিচাপে জামাতিয়া সম্প্ৰদায়ৰ পুৰুষসকলে মানিক্য ৰাজবংশৰ শাষন কালত ৰাজবংশৰ নিৰাপত্তা ব্যৱস্থা নিজৰ হাতত ৰাখিছিল আৰু তাৰ বাবেই তেওঁলোকে কোনো ধৰণৰ কৰ-কাটল ৰাজবংশক দিব লগা হোৱা নাছিল। জামাতিয়া সম্প্ৰদায়ৰ লোকসকল সবল, শক্তিশালী আৰু সাহসী লোক আছিল। সেইবাবেই ৰাজবংশৰ সাহী সেনাৰ নেতৃত্ব জামাতিয়া সম্প্ৰদায়ে দিছিল। বিদ্ৰোহী নেতা পৰিক্ষিত জামাতিয়াই যেতিয়া ভ্ৰষ্ট ৰাজকীয় অধিকাৰী আৰু স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেতিয়া জামাতিয়া সম্প্ৰদায়ৰ লোকে তেওঁক সকলোতকৈ শক্তিশালী বিদ্ৰোহী নেতা হিচাপে গণ্য কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

অৰ্থনীতি আৰু অৰ্থব্যৱস্থাসম্পাদনা কৰক

অৰ্থনৈতিক ভাবে জামাতিয়া সম্প্ৰদায় ত্ৰিপুৰা ৰাজ্যখনৰ ওপৰতে নিৰ্ভৰশীল। বৰ্তমান শিক্ষিত যুৱক-যুৱতীয়ে অবশ্যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰাজ্যতো চাকৰি কৰে। অতি ভিতৰুৱা গাওঁৰ মানুহে বাঁহ-বেতৰ কাম কৰিও স্বাৱলম্বী হোৱা দেখা যায়।

জামাতিয়া সংস্কৃতিসম্পাদনা কৰক

ত্ৰিপুৰাৰ প্ৰায় সকলোবোৰ উৎসৱেই জামাতিয়া লোকসকলে পালন কৰে। জামাতিয়া সকলে বিশেষকৈ গৰিয়া মৌতাই উৎসৱ পালন কৰে। তাৰোপৰি জামাতিয়া জনগোষ্ঠীয়ে মৌতাই কটৰ, তিমা আৰু বাকি হিন্দু ধৰ্মৰ সকলো দেৱতাৰেই পুজা কৰে। পৰীক্ষিত জামাতিয়াৰ বিদ্ৰোহৰ পিছৰ পৰা তেওঁলোকে বৈষ্ণৱ ধৰ্ম গ্ৰহন কৰে আৰু ৰাগিয়াল বস্তু সেৱন তথা গাহৰি, ছাগলী, কুকুৰা আদিৰ মাংস ভক্ষণ বন্ধ কৰি দিয়ে।