জিন-পিয়েৰী চাওভেজ
জিন-পিয়েৰী চাওভেজ (Jean-Pierre Sauvage) (জন্ম: ২১ অক্টোবৰ, ১৯৪৪) এজন ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী। তেওঁ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এজন অতিআণৱিক ৰসায়ন বিশেষজ্ঞ। তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু বেৰনাৰ্ড লুকাছ ফেৰীনগাৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[1][2]
জিন-পিয়েৰী চাওভেজ | |
---|---|
Jean-Pierre Sauvage at Nobel press conference in Stockholm, Sweden, December 2016 | |
জন্ম | ২১ অক্টোবৰ, ১৯৪৪ (৮০ বছৰ) পেৰিচ, ফ্ৰান্স |
জাতীয়তা | ফৰাচী |
ক্ষেত্ৰ | coordination chemistry, supramolecular chemistry |
কৰ্মস্থান | Strasbourg University |
ডক্তৰেল পৰামৰ্শদাতা | Jean-Marie Lehn |
উল্লেখনীয় বঁটা |
|
জীৱনী
সম্পাদনা কৰকচাওভেজে ১৯৪৪ চনৰ ২১ অক্টোবৰত ফ্ৰান্সৰ পেৰিচত জন্ম গ্ৰহণ কৰে। পিছলৈ তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জিন মেৰী লেহ্নৰ তত্ত্ববধনাত পিএইছডি ডিগ্ৰী লাভ কৰে। পিএইছডিৰ গৱেষণাৰ সময়ত তেওঁ প্ৰথমে ক্ৰিপটেণ্ড লিগাণ্ডৰ সংশ্লেষণৰ দিশত অৱদান আগবঢ়ায়।[3] এম.এল.এইছ. গ্ৰীণৰ লগত পোষ্টডক্টৰেল গৱেষণাৰ পিছত তেওঁ ষ্ট্ৰাছবাৰ্গলৈ ঘূৰি আহে। বৰ্তমান তেওঁ ইয়াত এমিৰিটাছ অধ্যাপকৰ পদবীত অধিষ্ঠিত হৈ আছে।
এজন বিখ্যাত বিজ্ঞানী ৰূপে তেওঁ বহুতো দিশত গৱেষণা কৰে, যেনে CO2ৰ ইলেক্ট্ৰৰসায়ন বিজাৰণ মডেল আৰু সলোক সংশ্লেষণিক বিক্ৰিয়া কেন্দ্ৰ অধ্যয়ন।[4] তেওঁৰ গৱেষণাৰ মুখ্য বিষয় আছিল আণৱিক টপ'লজি আৰু বিশেষকৈ যান্ত্ৰীকভাৱে সংযোজিত আণৱিক সংৰচনা। তেওঁ কেটেনৰ সংশ্লেষণ আৰু আণৱিক গাঁঠিৰ বিষয়ে বিশদ অধ্যয়ন কৰি ব্যাখ্যা কৰিছে।[5]
১৯৯৭ চনৰ ২৬ মাৰ্চ তাৰিখে তেওঁ ফ্ৰেন্স একাডেমী অফ চাইন্সৰ সদস্য হিচাপে নিৰ্বাচিত হয়। তেওঁ বৰ্তমান ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ৰ এমিৰিটাছ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু বেৰনাৰ্ড লুকাছ ফেৰীনগাৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[1][2]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 Staff (5 October 2016). "The Nobel Prize in Chemistry 2016". Nobel Foundation. http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2016/press.html। আহৰণ কৰা হৈছে: 5 October 2016.
- ↑ 2.0 2.1 Chang, Kenneth; Chan, Sewell (5 October 2016). "3 Makers of ‘World’s Smallest Machines’ Awarded Nobel Prize in Chemistry". New York Times. http://www.nytimes.com/2016/10/06/science/nobel-prize-chemistry.html। আহৰণ কৰা হৈছে: 5 October 2016.
- ↑ Dietrich, B.; Lehn, J. M.; Sauvage, J. P. (1969). "Les Cryptates". Tetrahedron Letters খণ্ড 10 (34): 2889–2892. doi:10.1016/S0040-4039(01)88300-3.
- ↑ Collin, J. P.; Sauvage, J.-P. (1989). "Electrochemical reduction of carbon dioxide mediated by molecular catalysts". Coord. Chem. Rev. খণ্ড 93: 245–268. doi:10.1016/0010-8545(89)80018-9.
- ↑ Dietrich-Buchecker, C.; Jimenez-Molero, M. C.; Sartor, V.; Sauvage, J.-P. (2003). "Rotaxanes and catenanes as prototypes of molecular machines and motors". Pure and Applied Chemistry খণ্ড 75: 1383–1393. doi:10.1351/pac200375101383.
বহিঃসংযোগ
সম্পাদনা কৰক- A Chem Soc Rev themed issue dedicated to Professor Jean-Pierre Sauvage on the occasion of his 65th birthday. Includes The master of Chemical Topology, an editorial by Professor J Fraser Stoddart about the life and work of Professor Sauvage