জিহাদ
এই প্ৰবন্ধটো (বা অংশবিশেষ) সম্ভৱত ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি লিখা হোৱা নাই। এই প্ৰবন্ধৰ মান উন্নত কৰিবলৈ কিছু সম্পাদনা অথবা পুণৰাই লিখাৰ প্ৰয়োজন হৈছে, এই কামত ইচ্ছা কৰিলে আপুনিও সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত কিছু পৰামৰ্শ থাকিব পাৰে, অনুগ্ৰহ কৰি চাই লয় যেন। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জিহাদ (ইংৰাজী ভাষাউচ্চাৰণ: /dʒɪˈhɑːd/; আৰবী: جهاد jihād [dʒɪˈhaːd]) শব্দৰ উৎপত্তি হৈছে আৰবী ভাষাৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাপে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা। ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বুজায়।
অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুণ্ঠিত হৈছিল, যি সময়ত কণ্যা সন্তান জন্ম হ'লেই জীৱন্তে মাতৃ কণ্যাক দগ্ধ কৰি মাৰিছিল, সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মুহাম্মাদ (ছাল্লাহু আলাইহি ওয়াছাল্লাম)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল। উক্ত সময়ত সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল, ইয়াৰে ২৭খন যুদ্ধত মহম্মদ (ছাঃ)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯খন যুদ্ধত অস্ত্ৰ হিচাপে তৰোৱাল ব্যৱহাৰ কৰা হৈছিল। আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩জন।[উদ্ধৃতিৰ প্ৰয়োজন] উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য আছিল। উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধসমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা।
ভাষাবিদসকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলায়। কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই। ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে "হাৰবুল মুকাদ্দীচা"। পবিত্ৰ কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি লক্ষ্য কৰা হয় তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪বাৰ প্ৰয়োগ হৈছে, কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই।[উদ্ধৃতিৰ প্ৰয়োজন] এই তথ্যই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকৰ্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধৰ্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই!![উদ্ধৃতিৰ প্ৰয়োজন] ইছলাম ধৰ্মৰ এক অন্যতম আদৰ্শ হৈছে "লা ইকৰাহা ফি দ্বীন", অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধৰ্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ!!