জি শঙ্কৰ কুৰুপ

ভাৰতীয় মালয়ালী কবি আৰু সাহিত্য সমালোচক

গোবিন্দ শংকৰ কুৰুপ (ইংৰাজী: G. Sankara Kurup, ৩ জুন ১৯০১-২ ফেব্ৰুৱাৰী ১৯৭৮) জ্ঞানপীঠ বঁটা বিজেতা প্ৰথমগৰাকী ভাৰতীয় সাহিত্যিক। এই সন্মান পোৱা জি শংকৰ কুৰুপ মলায়লম ভাষাৰো প্ৰথমগৰাকী সাহিত্যিক। 'ওডাক্কুঝল' শীৰ্ষক কাব্য সংকলনৰ বাবে ১৯৬৫ চনত এই বঁটা লাভ কৰে। মালায়লম সাহিত্যত তেওঁক 'মহাকবি জি' অভিধাৰে বিভূষিত কৰা হৈছে। জি শংকৰ কুৰুপৰ জন্ম ১৯০১ চনৰ ৩ জুন তাৰিখে বৰ্তমানৰ কেৰালা ৰাজ্যৰ নাইয়াথডত হয়। তেখেতৰ পিতৃৰ নাম নিল্লিক্কাপিলি শংকৰ ৱাৰিয়েৰ আৰু মাতৃৰ নাম ভডাক্কানী লক্ষ্মীকুট্টি। ১৯৬৮ চনত তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে। ১৯৬৩ চনত 'বিশ্বদৰ্শনম' শীৰ্ষক কাব্য সংকলনৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৬৭ চনত পদ্মভূষণ বঁটাৰে বিভূষিত হয়। ২০০৩ চনত ভাৰতীয় ডাক বিভাগে জি. শংকৰ কুৰুপৰ স্মৃতিত ডাক টিকট প্ৰৱৰ্তন কৰে।

গোবিন্দ শংকৰ কুৰুপ
গোবিন্দ শংকৰ কুৰুপৰ এখন চিত্ৰ
জন্ম ৩ জুন, ১৯০১
নাইয়াথড
মৃত্যু ২ ফেব্ৰুৱাৰী, ১৯৭৮ (৭৬ বছৰ)
ত্ৰিবেন্দ্ৰম,কেৰালা,ভাৰত
পেচা
উল্লেখনীয় কৰ্মৰাজি অডাক্কুজাল (কবিতা) (১৯৫০)
উল্লেখযোগ্য বঁটা
দাম্পত্যসংগী সুভদ্ৰা আম্মা
পিতৃ-মাতৃ
  • নেল্লিকাপ্পিল্লী ৱৰিয়াথ শংকৰ ৱাৰিয়ৰ
  • বদক্কানি মাৰাৰ্থ লক্ষ্মীকুট্টী মৰাছ্যৰ

তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল —

  • 'পূজাপুষ্পম'
  • 'ওডাক্কুঝল'
  • 'বিশ্বদৰ্শনম'
  • 'সন্ধাৰাগম'
  • 'গদ্যপহৰম'
  • 'ৰাক্কুইলুকল' ইত্যাদি।

৯৭৮ চনৰ ০২ ফেব্ৰুৱাৰী তাৰিখে এইগৰাকী মহান সাধকৰ ৭৮ বছৰ ৮ মাহ বয়সত মৃত্যু হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক