জীৱিতপুত্ৰিকা

হিন্দু উৎসৱ

জীৱিতপুত্ৰিকা (ইংৰাজী: Jivitputrika, জীতিয়া বুলিও কোৱা হয়) হৈছে হিন্দুসকলৰ এটি তিনিদিনীয়া উৎসৱ। আহিন মাহৰ কৃষ্ণ পক্ষৰ সপ্তমীৰ পৰা নৱমীলৈকে এই উৎসৱটি পালন কৰা হয়। মৈথেলী, মাগধী, ভোজপুৰীভাষী অঞ্চলত এই উৎসৱটি সাধাৰণতে পালন কৰা হয়। বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ লগতে নেপালতো ইয়াক পালন কৰা দেখা যায়।[1] এই উৎসৱত মাতৃসকলে সন্তানৰ মংগলৰ কাৰণে উপবাসত থাকে। তেওঁলোকে পানীও সেৱন নকৰে।[2]

জীৱিতপুত্ৰিকা
জীৱিতপুত্ৰিকা
কলিকতাৰ গংগাৰ সমীপত জীৱিতপুত্ৰিকা পালন
পালন কৰে হিন্দু
প্ৰকাৰ ধৰ্মীয় উৎসৱ
আৰম্ভ হয় আহিন মাহৰ কৃষ্ণ পক্ষৰ সপ্তমী
শেষ হয় আহিন মাহৰ কৃষ্ণ পক্ষৰ নৱমী
তাৰিখ ছেপ্টেম্বৰ
অৱধি তিনিদিনীয়া
সংঘটন বাৰ্ষিক

জীৱিতপুত্ৰিকা হৈছে তিনিদিনীয়া উৎসৱ।[3]

  • নাহাই-খাই : উৎসৱৰ প্ৰথম দিন। মাতৃয়ে স্নান কৰাৰ পাছতহে নিৰামিস খাদ্য গ্ৰহণ কৰে। এই খাদ্য ঘি আৰু গুলপীয়া নিমখেৰে প্ৰস্তুত কৰা হ'ব লাগিব।
  • খুৰ-জীতিয়া নাইবা জীৱিতপুত্ৰিকা দিৱস: এইদিনা মাতৃসকলে কঠোৰ উপবাস পালন কৰে। তেওঁলোকে পানীও সেৱন নকৰে।
  • পাৰানা: উৎসৱৰ তৃতীয় দিনা মাতৃসকলে উপবাস ভাঙে। দালি ভাত, মাড়ুৱা ৰুটিকে ধৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা হয়।

জনশ্ৰুতি

সম্পাদনা কৰক

জনশ্ৰুতি অনুসৰি, জীমুতৱানহান আছিল গন্ধৰ্বসকলৰ ৰজা। তেওঁ সাম্ৰাজ্য নিজৰ ভ্ৰাতৃসকলৰ হাতত অৰ্পণ কৰি বনত থকা পিতৃৰ পৰিচৰ্যা কৰিবলৈ যায়। তাতেই তেখেতে এগৰাকী মহিলাক বিষাদগ্ৰস্ত অৱস্থাত দেখা পায়। তেখেতে কয় যে, তেখেত সৰ্প-পৰিয়াল নাগবানশাকীৰ পৰিয়ালৰ সদস্য। তেখেতে পিছদিনা নিজৰ পুত্ৰ গৰুড়াক প্ৰদান কৰিব লাগিব। জীমুতৱাহনে মহিলাগৰাকীক প্ৰতিৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে। পৰৱৰ্তী দিনাখন তেওঁ এখন শিলৰ শয্যাত শয়ন কৰি নিজকে গৰুড়ালৈ অৰ্পণ কৰে। গৰুড় যথাসময়ত উপস্থিত হয় আৰু জীমুতৱাহনক আক্ৰমণ কৰে। জীমুতৱাহন শান্ত হৈ থাকে আৰু গৰুড়া তাকে দেখি থমকি ৰয়। গৰুড়াই তেওঁৰ পৰিচয় বিচাৰে। জীমুতৱাহনৰ মুখেৰে সমস্ত আখ্যান শুনি গৰুড় প্ৰভাৱিত হয় আৰু ভৱিষ্যতে নাগবনশাকীৰ পৰা কোনো ত্যাগ স্বীকাৰ নকৰে বুলি কথা দিয়ে। এই আখ্যানটোকে স্মৰণ কৰি মাতৃসকলে নিজৰ সন্তানৰ মংগলৰ হেতু জীৱিতপুত্ৰিকা উৎসৱ পালন কৰি আহিছে।[4]

তথ্যসংগ্ৰহ

সম্পাদনা কৰক