জেটুলি পকা
জেটুলি পকা (বৈজ্ঞানিক নাম: Rubus moluccanus; ইংৰাজী: Molucca bramble বা broad-leaf bramble[2] ) এজোপা বনৰীয়া জোপোহা উদ্ভিদ৷ [3]
জেটুলি পকা (Molucca bramble) | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Rosaceae |
গণ: | Rubus |
প্ৰজাতি: | R. moluccanus |
বৈজ্ঞানিক নাম | |
R. moluccanus L.[1] |
বিস্তৃতি
সম্পাদনা কৰকজেটুলি পকা অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ পৰা ভিক্টোৰিয়ালৈ আৰু ভাৰতৰ উত্তৰ-পূবত অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত বিস্তৃত হৈ থকা এবিধ থলুৱা উদ্ভিদ৷
বিৱৰণ
সম্পাদনা কৰকজেটুলি পকাৰ গছজোপাই গুৰিৰ পৰা প্ৰসাৰতা লাভ কৰি জোপোহা আকৃতি লয়৷ ইয়াৰ গা-গছ আৰু ঠাল-ঠেঙুলিবোৰৰ উপৰিভাগ ছাই বৰণীয়া হয়৷ গাঠিয়ে গাঠিয়ে হাকুটিৰ দৰে কাঁইট ওলায়৷[3]
ইয়াৰ পাতবোৰ ২-১৫ ছেমি দীঘল আৰু ৩-১০ ছেমি বহল হয়৷[4] জেটুলি পকাৰ ফুলৰ বৰণ গুলপীয়া আৰু ফুলবোৰ থোাপাথোপে ওলায়৷ ফুলবোৰ পুৰঠ হ’লে মিঠা সোৱাদৰ ফল উৎপন্ন হয়৷[3]
ব্যৱহাৰ
সম্পাদনা কৰকজেটুলি পকাৰ ফল মানুহে খায়৷ লগতে ফলৰ পৰা জাম আৰু চচ আদিও তৈয়াৰ কৰা হয়৷ তাৰোপৰি ফলত পৰ্য্যাপ্ত পৰিমাণে ভিটামিন চি থকা বাবে জেটুলি পকাৰ পৰম্পৰাগত ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Rubus moluccanus". Australian Plant Name Index (APNI), IBIS database. Centre for Plant Biodiversity Research, Australian Government, Canberra. http://www.anbg.gov.au/cgi-bin/apni?TAXON_NAME=Rubus+moluccanus। আহৰণ কৰা হৈছে: 2009-07-12.[সংযোগবিহীন উৎস]
- ↑ "Rubus moluccanus". Australian Native Plants Society (Australia) - ANPSA. http://asgap.org.au/r-mol.html। আহৰণ কৰা হৈছে: 2009-07-12.
- ↑ 3.0 3.1 3.2 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ PlantNET, Rubus moluccanus plant profile
বাহ্যিক সংযোগ
সম্পাদনা কৰক- "Rubus moluccanus L.". Atlas of Living Australia. https://bie.ala.org.au/species/http://id.biodiversity.org.au/node/apni/2906780.
- ৱিকিমিডিয়া কমন্সত জেটুলি পকা সম্পৰ্কীয় মিডিয়া ফাইল।