জেনিছ পাৰিয়েট (ইংৰাজী: Janice Pariat) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ অসমৰ যোৰহাটত জন্মগ্ৰহণ কৰিছিল আৰু মেঘালয়ৰ শ্বিলঙত ডাঙৰ দীঘল হৈছিল।[1][2] ৰেণ্ডম হাউচ ইণ্ডিয়া প্ৰকাশনগোষ্ঠীৰ দ্বাৰা ২০১২ চনত প্ৰকাশিত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্‌ছ অন লেণ্ড'ৰ[3] বাবে তেওঁ ইংৰাজী ভাষাৰ বাবে ২০১৩ চনৰ সাহিত্য অকাডেমি যুৱ বঁটা[4] আৰু কল্পকাহিনীৰ বাবে ২০১৩ চনত ক্ৰছৱৰ্ড বুক এৱাৰ্ড লাভ কৰিছিল।[5] ইংৰাজী ভাষাত সাহিত্য অকাডেমীৰ পৰা বঁটা লাভ কৰা পাৰিয়েট মেঘালয়ৰ প্ৰথম গৰাকী ব্যক্তি।[2]

জেনিছ পাৰিয়েট

২০১৬ চনত চণ্ডীগড় সাহিত্য উৎসৱত জেনিছ পাৰিয়েট
জন্ম যোৰহাট, অসম
পেচা সাহিত্যিক, শিক্ষাবিদ
ভাষা ইংৰাজী ভাষা
মাতৃশিক্ষায়তন চেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী
উল্লেখনীয় কৰ্মৰাজি বট্‌ছ অন লেণ্ড, চিহৰ্ছ, দা নাইন চেম্বাৰ্‌দ হাৰ্ট
উল্লেখযোগ্য বঁটা ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা, ২০১৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

অসমৰ যোৰহাটত জেনিছ পাৰিয়েটৰ জন্ম হৈছিল। তেওঁ শ্বিলং আৰু অসমৰ কেইবাটাও চাহ বাগিচাৰ মাজত ডাঙৰ দীঘল হৈছিল।[1][2] তেওঁ শ্বিলঙত অৱস্থিত লৰেটো কনভেণ্ট আৰু দা অসম ভেলী স্কুলত শিক্ষা লাভ কৰিছিল।[1][6] তাৰ পিছত তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ পৰা কলা আৰু পুৰাতত্ত্বৰ ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1]

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ অনলাইন সাহিত্য আলোচনী পাইৰটাৰ সম্পাদক পদত অধিষ্ঠিত। এই আলোচনীখন তেওঁ ২০১০ চনত প্ৰতিষ্ঠা কৰিছিল।[7] তেওঁৰ লিখনি কেইবাখনো ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত হৈছে।[8] তেওঁ টাইম আউট দিল্লী, কাৰাভান[9] আৰু ইণ্টাৰনাজিওনেল আদিৰ দৰে আলোচনীত নিয়মীয়াকৈ লিখা-মেলা কৰে। [10] বৰ্তমান তেওঁ অশোকা বিশ্ববিদ্যালয়ত সৃষ্টিশীল লিখন আৰু কলাৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক পদত অধিষ্ঠিত।

শৈলী সম্পাদনা কৰক

'বট্‌ছ অন লেণ্ড' নামৰ চুটিগল্প সংকলনত তেওঁ শ্বিলং, চেৰাপুঞ্জি আৰু অসমৰ মাজত স্থাপিত পৰিত্যক্ত কাহিনীসমূহে ১৮৫০ৰ দশকৰ পৰা আৰম্ভ কৰি তিনি শতিকাৰ সময়ছোৱাত উত্তৰ-পূব ভাৰতৰ মাজেৰে পাৰ হৈ যোৱা পৰিৱৰ্তনৰ কাল্পনিক পুনৰ-কল্পনা কৰিছে।[11] স্থানীয় লোককাহিনী আৰু পৰম্পৰাক সামাজিক আৰু ৰাজনৈতিক ঘটনাৰ সৈতে একত্ৰিত কৰি জেনিছ পাৰিয়েটৰ শৈলীক যাদুকৰী বাস্তৱবাদৰ সৈতে তুলনা কৰা হৈছে।[12] জিত থাইলে তেওঁৰ কাহিনীবোৰ 'আনন্দদায়ক আৰু মৌলিক' বুলি মন্তব্য কৰিছিল।[12] তেওঁৰ গল্প সমূহত জাপানী সাহিত্যিক হাৰুকি মুৰাকামীৰ প্ৰভাৱ পৰিলক্ষিত হয়।[13]

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০১৩ চনত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্‌ছ অন লেণ্ড'ৰ বাবে তেওঁ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা[4] আৰু কল্পকাহিনী শিতানত ক্ৰছৱৰ্ড বুক এৱাৰ্ড লাভ কৰে।[14] একেখন গ্ৰন্থ ২০১৩ চনৰ শক্তি ভট্ট প্ৰথম গ্ৰন্থ পুৰস্কাৰৰ বাবেও তালিকাভুক্ত কৰা হৈছিল। [15] ২০১৩ চনৰ উদয় লাখপল আন্তৰ্জাতিক চুটি গল্প বঁটা[16][17] আৰু ২০১৩ টাটা লিটাৰেচাৰ লাইভ! প্ৰথম গ্ৰন্থ বঁটাৰ বাবে এই গ্ৰন্থখন দীঘলীয়া তালিকাভুক্ত কৰা হৈছিল।[18] দ্য হিন্দু লিটাৰেৰী প্ৰাইজ ২০১৫ চনৰ বাবে তেওঁৰ চিহৰ্ছক তালিকাভুক্ত কৰা হৈছিল।[19]

সাহিত্য কৰ্ম সম্পাদনা কৰক

কল্পকাহিনী সম্পাদনা কৰক

  • 'দ্য নাইন-চেম্বাৰড হাৰ্ট, হাৰ্পাৰকলিন্স ইণ্ডিয়া, নতুন দিল্লী, ২০১৭ আই.এচ.বি.এন. 978-93-5277-379-4
  • 'চিহৰ্চ: এ উপন্যাস, ৰেণ্ডম হাউচ ইণ্ডিয়া, নতুন দিল্লী, ২০১৪ আই.এচ.বি.এন. 978-8-184-00668-1
  • 'বট্‌ছ অন লেণ্ড' চুটি গল্পৰ সংকলন, ৰেণ্ডম হাউচ ইণ্ডিয়া, নতুন দিল্লী, ২০১২

কবিতা সম্পাদনা কৰক

  • 'দা য়েল্লো নিব মডাৰ্ণ ইংলিছ পোয়েট্ৰি বাই ইণ্ডিয়ানছ' (সুদীপ সেন, সম্পাদিত), চিমুচ হেনি চেণ্টাৰ ফৰ পোয়েট্ৰি, কুইন্স ইউনিভাৰ্চিটি বেলফাষ্ট, ২০১১
  • 'কবি কলা: দ্য ভিজুৱেল পোয়েট্ৰি প্ৰজেক্ট' (মেডনেছ মানালী এড.), চিনামন টিল প্ৰিণ্ট এণ্ড পাব্লিচিং, গোৱা, ২০১০ আই.এচ.বি.এন. 978-93-80151-79-3

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 Rao Chaini, Sanjitha (15 October 2012). "A Tale Can Be Told In Many Ways" Archived 7 April 2014 at the Wayback Machine, Business World. Retrieved 30 August 2013.
  2. 2.0 2.1 2.2 Staff writer (31 August 2013). "Honoured, says State's 1st Sahitya awardee in English". Eastern Chronicle. Retrieved 31 August 2013.
  3. Narajan, Manjula (6 October 2012). "Review: Boats on Land" Archived 4 August 2013 at the Wayback Machine. Hindustan Times. Retrieved 30 August 2013.
  4. 4.0 4.1 Sahitya Akademi Press Release Archived 3 March 2016 at the Wayback Machine (23 August 2013). Retrieved 30 August 2013.
  5. "Crossword Book Award Winners 2013" Archived 19 December 2013 at the Wayback Machine (6 December 2013). Retrieved 29 December 2013.
  6. Singh Vasudev, Ruchi (19 March 2013). "Of Vignettes and Voices" Archived 2014-08-21 at the Wayback Machine. AVE Weekly Newsletter of The Assam Valley School. Retrieved 30 August 2013.
  7. Kaur, Karanjeet (26 October 2012). "Around Town" Archived 31 May 2013 at the Wayback Machine. TimeOut Delhi. Retrieved 30 August 2013.
  8. Shutapa, Paul (2 December 2012). "Fantastical stories from a faraway land" Archived 2016-03-15 at the Wayback Machine. The New Indian Express. Retrieved 30 August 2013.
  9. Pariat, Janice (1 September 2012). "Boats on Land". The Caravan. Retrieved 30 August 2013.
  10. Confortin, Emanuele (30 December 2012). "In edicola: Internazionale dedica un numero alla narrativa indiana". indika. Retrieved 30 August 2013.
  11. Staff writer (25 October 2012). "Janice talks about how the tales of Khasi and Jaitia tribes impacted her storytelling" "Boats on Land: Weaving Northeast's Real and Surreal" Archived 30 August 2013 at Archive.today. Outlook India. Retrieved on 30 August 2013.
  12. 12.0 12.1 Staff writer (2012). Book Review: Boats on Land Archived 2013-08-09 at the Wayback Machine. The Book Outline. Retrieved 30 August 2013.
  13. Staff writer (November 2012). "Boats on Land". First City. Retrieved 30 August 2013.
  14. "'Popular choice' ruled at book awards". Times of India. 7 December 2013. http://timesofindia.indiatimes.com/city/mumbai/Popular-choice-ruled-at-book-awards/articleshow/26984253.cms। আহৰণ কৰা হৈছে: 7 December 2013. 
  15. Shakti Bhatt First Book Prize 2013: short list (1 September 2013). Retrieved 1 September 2013.
  16. Staff writer (17 April 2013). "State storyteller in Frank O’Connor Award longlist" Archived 2013-12-12 at the Wayback Machine. The Shillong Times. Retrieved 30 August 2013
  17. 2013 Longlist, The Frank O'Connor International Short Story Award Archived 2016-06-18 at the Wayback Machine. Retrieved 31 August 2013
  18. Staff writer (9 November 2013). "Longlist for the Tata Literature Live! First Book Award announced". IBN Live. Retrieved 19 November 2013
  19. "The Hindu Prize 2015 Shortlist". The Hindu. 31 October 2015. http://www.thehindu.com/books/literary-review/the-hindu-prize-2015-shortlist/article7813562.ece.