জেফ্ৰি চ'ছাৰ (ইংৰাজী: Geoffrey Chaucer) (আনু. ১৩৪৩ – ১৪০০]) এজন ইংৰাজ লেখক, কবি, দাৰ্শনিক, আমোলা, ৰাজনৈতিক উপদেষ্টা আৰু কূটনীতিবিদ। তেখেত বহু কেইখন বিখ্যাত গ্ৰন্থৰ প্ৰণেতা। কিন্তু তেওঁক আটাইতকৈ বেছি স্মৰণ কৰা হয় দ্য কেণ্টাৰবেৰী টেলছ নামৰ অসমাপ্ত আখ্যান-সংকলনৰ বাবে। চ'ছাৰক বহুতে "ইংৰাজী সাহিত্যৰ পিতৃ" বুলি অভিহিত কৰিছে। সমসাময়িক ফৰাচী বা লেটিন ভাষাৰ প্ৰভাৱৰ বিপৰীতে ইংলেণ্ডৰ স্থানীয় মধ্য ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰা তেখেত প্ৰথমজন ইংৰাজ লেখক। ৱেষ্টমিনিষ্টাৰ এবেত সমাধিস্থ কৰা তেখেত হৈছে প্ৰথমজন লেখক। [1][2]

জেফ্ৰি চ'ছাৰ
জন্ম আনু. ১৩৪৩
লণ্ডন, ইংলেণ্ড
মৃত্যু ২৫ অক্টোবৰ, ১৪০০ (আনু. ৫৭ বছৰ বয়সত)
পেচা লেখককবিদাৰ্শনিক, আমোলাকূটনীতিক

চ'ছাৰৰ আন বিখ্যাত ৰচনাৰ ভিতৰত আছে The Book of the Duchess, The House of Fame, The Legend of Good Women, আৰু Troilus and Criseyde। যেতিয়া ইংলেণ্ডৰ প্ৰভাৱশালী সাহিত্যিক ভাষাসমূহ এংলো-নৰ্মান ফৰাচী আৰু লেটিন আছিল, তেতিয়া মধ্য ইংৰাজী ভাষাৰ সাহিত্যিক ব্যৱহাৰক বৈধতা প্ৰদান কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[3]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ৰবাৰ্ট ডিমাৰিয়া জুনিয়ৰ, হিসক চ্যাং, সামান্থা জ্যাচাৰ, সম্পাদনা, A Companion to British Literature, Volume 2: Early Modern Literature, 1450–1660,জন উইলি এণ্ড চন্স, ২০১৩, পৃ. ৪১।
  2. ৰবাৰ্ট ডিমাৰিয়া জুনিয়ৰ, হিসক চ্যাং, সামান্থা জ্যাচাৰ, সম্পাদনা, A Companion to British Literature, Volume 2: Early Modern Literature, 1450–1660,জন উইলি এণ্ড চন্স, ২০১৩, পৃ. ৪১।
  3. Butterfield, Ardis. "Chaucer and the idea of Englishness". History Extra. https://www.historyextra.com/period/medieval/chaucer-and-the-idea-of-englishness/. "The extraordinary dominance of English now as a world language has made it hard to appreciate that its status in the medieval period was very low. Not only was English just one of three languages used in England before the 15th century, it was not the major one. Although it was, of course, the most widely used spoken language, English fell far short of Latin and French as a written language. [Chaucer's] decision to write exclusively in English was indeed unusual [...] He made English successful because he made it urban and international."