জেমছ পি. এলিচন (ইংৰাজী: James P. Allison; জন্ম: ৭ আগষ্ট ১৯৪৮) এজন আমেৰিকান ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বৰ্তমান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান আসনৰ অধ্যাপক আৰু ৰোগ প্ৰতিৰোধ থেৰাপি চিকিৎসাৰ সঞ্চালক। তেওঁৰ আবিষ্কাৰ সমূহে কৰ্কট ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ নতুন দিশ সূচনা কৰিছে। তেওঁ কেঞ্চাৰ ৰিচাৰ্ছ ইনষ্টিটিউটৰৰ বৈজ্ঞানিক উপদেশ পৰিষদৰ সঞ্চালক। তেওঁ টি-চেলৰ ওপৰত গৱেষণা কৰি ইয়াৰ গঠন, বিকাশ, সক্ৰিয়কৰণ আৰু ইয়াৰ দ্বাৰা কৰ্কট ৰোগৰ চিকিৎসাৰ পদ্ধতি উদ্ভাৱন কৰিছিল।[5] কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰা বিজ্ঞানী এলিচনে ২০১৮ চনত টাচুকু হঞ্জ'ৰ সৈতে যুটীয়ভাৱে "কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতি উদ্ভাৱন আৰু ঋণাত্মক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে" চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[6][7]

জেমছ পি. এলিচন

জন্ম ৭ আগষ্ট, ১৯৪৮ (৭৫ বছৰ)
এলিছ, টেক্সাছ
বাসস্থান হষ্টন, টেক্সাছ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান
কৰ্মস্থান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰ
কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
শিক্ষানুষ্ঠান টেক্সাছ বিশ্ববিদ্যালয়, অষ্টিন
ডক্তৰেল পৰামৰ্শদাতা জি. ব্ৰেৰী কিট'
জনা যায় কৰ্কট ৰোগ প্ৰতিৰোধী গৱেষণা
উল্লেখনীয় বঁটা জীৱ বিজ্ঞানৰ ব্ৰেকথ্ৰো' প্ৰাইজ (২০১৪)
টাং প্ৰাইজ (২০১৪)[1]
লুইছ গ্ৰছ হৰৱিটজ্ প্ৰাইজ (২০১৪)
হাৰভে প্ৰাইজ (২০১৪)
গ্ৰিণ্ডনাৰ ফাউণ্ডেচন আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৪)
লাস্কাৰ ডে-বাকে ক্লিনিকেল মেডিকেল গৱেষণা বঁটা (২০১৫)[2]
ব্লফ প্ৰাইজ (২০১৭)
বালজান প্ৰাইজ (২০১৭, ৰবাৰ্ট ডি. স্কৰেইবাৰৰ সৈতে যুটীয়া ভাবে)
দা জবাৰ্গ প্ৰাইজ (২০১৭, এন্থনি আৰ. হাণ্টাৰৰ সৈতে যুটীয়ভাৱে)
কিং ফেইজেল আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৮)
আলবাণী মেডিকেল চেণ্টাৰ প্ৰাইজ (২০১৮)
জৈৱৰসায়নৰ ড॰ পাল জানছেন বঁটা (২০১৮)[3]
চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা (২০১৮)
দাম্পত্যসঙ্গী পদ্মিনী শৰ্মা[4]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

তিনি ভায়েকৰ ভিতৰত আটাইতকৈ সৰু জেমছ পি. এলিচনে ১৯৪৮ চনৰ ৭ আগষ্ট তাৰিখে এলিচ, টেক্সাছত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এলবাৰ্ট মৰ্ফি এলিচন আৰু মাতৃ কনষ্টেন্স কালুলা। অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ তেওঁৰ গণিত শিক্ষকৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয়।[8] ১৯৬৯ চনত এলিচনে সূক্ষ্মজীৱবিজ্ঞান (Microbiology) বিষয়ত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাত তেওঁ ডেল্টা কাপ্পা এপচিলন সন্মানৰ সদস্য আছিল। ১৯৭৩ চনত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ জীৱবিজ্ঞানৰ পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁৰ পিএইচডিৰ উপদেষ্টা আছিল জি. ব্ৰেৰী কিটো। [উদ্ধৃতিৰ প্ৰয়োজন]

কৰ্ম-জীৱন সম্পাদনা কৰক

১৯৮৫ চনত তেওঁ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত কৰ্কট ৰোগৰ গৱেষণা পৰীক্ষাগাৰৰ সঞ্চালক তথা ৰোগ প্ৰতিৰোধ বিভাগৰ অধ্যাপক হিচাপে নিয়োজিত হয়। ২০০৪ চনত তেওঁ নিউৱৰ্ক চহৰৰ মেমৰীয়েল শ্লোন কেটাৰিং কেঞ্চাৰ চেণ্টাৰলৈ যায় আৰু লুইডগ চেণ্টাৰ ফৰ কেঞ্চাৰ ইমিউন'থেৰাপিৰ পৰিচালক আৰু ইমিউন'লজি প্ৰগামৰ সঞ্চালক পদত নিযুক্তি লাভ কৰে। তেওঁ ২০১২ চনলৈ হোৱাৰ্ড হুগেছ মেডিকেল ইনষ্টিটিউটত অনুসন্ধানকাৰী আছিল আৰু পিছলৈ এম.ডি এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰত যোগদান কৰে। বৰ্তমান তেওঁ এই প্ৰতিষ্ঠানৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান বিভাগৰ মুৰব্বী।[9]

তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ইনষ্টিটিউট অফ মেডিচিন,আমেৰিকান একাডেমী অফ মাইক্ৰবায়লজিৰ সদস্য আৰু আমেৰিকান এছচিয়েচন ফৰ দা এডভান্সমেণ্ট অফ চায়েন্সৰ সন্মানীয় ফেল'। তেওঁ পূৰ্বতে কেঞ্চাৰ গৱেষণা প্ৰতিষ্ঠানৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ পৰিচালক আছিল আৰু আমেৰিকান ৰোগ প্ৰতিৰোধবিদ সংস্থাৰ সভাপতি আছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • জীৱ বিজ্ঞানৰ ব্ৰেকথ্ৰো' প্ৰাইজ (২০১৪)
  • টাং প্ৰাইজ (২০১৪)[1]
  • লুইছ গ্ৰছ হৰৱিটজ্ প্ৰাইজ (২০১৪)
  • হাৰভে প্ৰাইজ (২০১৪)
  • গ্ৰিণ্ডনাৰ ফাউণ্ডেচন আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৪)
  • লাস্কাৰ ডে-বাকে ক্লিনিকেল মেডিকেল গৱেষণা বঁটা (২০১৫)[2]
  • ব্লফ প্ৰাইজ (২০১৭)
  • বালজান প্ৰাইজ (২০১৭, ৰবাৰ্ট ডি. স্কৰেইবাৰৰ সৈতে যুটীয়া ভাবে)
  • দা জবাৰ্গ প্ৰাইজ (২০১৭, এন্থনি আৰ. হাণ্টাৰৰ সৈতে যুটীয়ভাৱে)
  • কিং ফেইজেল আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৮)
  • আলবাণী মেডিকেল চেণ্টাৰ প্ৰাইজ (২০১৮)
  • জৈৱৰসায়নৰ ড॰ পাল জানছেন বঁটা (২০১৮)[10]
  • টাচুকু হঞ্জ'ৰ সৈতে চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা (২০১৮)

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "First Tang Prize for Biopharmaceutical Science Awarded to James P. Allison, PhD, and Tasuku Honjo, MD, PhD". www.tang-prize.org (ASCO Post). 10 July 2014. http://www.tang-prize.org/en/media_detail.php?cat=24&id=396। আহৰণ কৰা হৈছে: 4 August 2016. 
  2. 2.0 2.1 Foundation, Lasker. "Unleashing the immune system to combat cancer | The Lasker Foundation". The Lasker Foundation (Lasker Foundation). http://www.laskerfoundation.org/awards/show/unleashing-immune-system-combat-cancer/। আহৰণ কৰা হৈছে: 4 August 2016. 
  3. "James Allison wins 2018 Dr. Paul Janssen Award for Biomedical Research". https://www.janssen.com/belgium/james-allison-phd-wins-2018-dr-paul-janssen-award-biomedical-research। আহৰণ কৰা হৈছে: 11 September 2018. 
  4. Ackerman, Todd (30 December 2015). "For pioneering immunotherapy researcher, the work is far from over". Houston Chronicle. http://www.houstonchronicle.com/news/houston-texas/houston/article/For-pioneering-immunotherapy-researcher-the-work-6728734.php। আহৰণ কৰা হৈছে: 4 August 2016. 
  5. "James Allison". Cancer Research InstituteCancer Research Institute. http://www.cancerresearch.org/our-strategy-impact/people-behind-the-progress/scientists/james-allison। আহৰণ কৰা হৈছে: 4 August 2016. 
  6. "2014 Tang Prize in Biopharmaceutical Science". Archived from the original on 2017-10-20. https://web.archive.org/web/20171020051653/http://www.tang-prize.org/en/owner.php?cat=11&y=2। আহৰণ কৰা হৈছে: 2016-06-18. 
  7. Devlin, Hannah (2018-10-01). "James P Allison and Tasuku Honjo win Nobel prize for medicine". the Guardian. http://www.theguardian.com/science/2018/oct/01/james-p-allison-and-tasuku-honjo-win-nobel-prize-for-medicine। আহৰণ কৰা হৈছে: 2018-10-01. 
  8. Cavallo, Jo (15 September 2014). "Immunotherapy Research of James P. Allison, PhD, Has Led to a Paradigm Shift in the Treatment of Cancer - The ASCO Post". www.ascopost.com (ASCO Post). http://www.ascopost.com/issues/september-15-2014/immunotherapy-research-of-james-p-allison-phd-has-led-to-a-paradigm-shift-in-the-treatment-of-cancer/। আহৰণ কৰা হৈছে: 4 August 2016. 
  9. "James P. Allison, Ph.D. - Immunology - Faculty - MD Anderson Cancer Center". faculty.mdanderson.org. http://faculty.mdanderson.org/James_Allison/default.asp?SNID=0। আহৰণ কৰা হৈছে: 4 August 2016. 
  10. "James Allison wins 2018 Dr. Paul Janssen Award for Biomedical Research". https://www.janssen.com/belgium/james-allison-phd-wins-2018-dr-paul-janssen-award-biomedical-research। আহৰণ কৰা হৈছে: 11 September 2018. 

বাহ্যিক সংযোগ সম্পাদনা কৰক