জেহিৰুল হুছেইন
জেহিৰুল হুছেইন (ইংৰাজী: Jehirul Hussain, ১৯৪০-২০০৫) অসমৰ এগৰাকী সাহিত্যিক। গল্পকাৰৰূপে তেখেতৰ এক বিশেষ পৰিচিতি আছে। তেখেতে ভালেসংখ্যক কবিতাও লিখিছে। শুভাকাংক্ষীৰ মাজত জেহিৰুল হুছেইন নাইচ কা/ নাইচ ছাৰ নামে জনপ্ৰিয় আছিল। হুছেইন এগৰাকী প্ৰগতিশীল লেখক আছিল আৰু ১৯৭৯ চনত বিদেশী বহিষ্কাৰ আন্দোলনত বিপৰীত স্থিতি লোৱা বাবে এমাহ কাৰাগাৰত থাকিবলগা হৈছিল।[1] শিশু আলোচনী ৰ'দকাঁচিয়লিৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক। জেহিৰুল হুছেইনৰ বৰ ধেমালি সৰু ধেমালি, ভেটি আদি গল্প অসমীয়া গল্প জগতৰ মাইলৰ খুঁটি।
জেহিৰুল হুছেইন | |
---|---|
স্থানীয় নাম | নাইচ কা |
জন্ম | ১৯৪০ চন আমোলাপট্টি, গোলাঘাট |
মৃত্যু | ২ মে', ২০০৫ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | স্নাতক |
পেচা | শিক্ষক |
জনা যায় | গল্পকাৰ, প্ৰগতিশীল লেখক |
উল্লেখযোগ্য কৰ্ম | ৰাং কুকুৰৰ টুপী |
গৃহস্থান | গোলাঘাট |
ধৰ্ম | ইছলাম |
দাম্পত্যসঙ্গী | ছফিয়া হুছেইন |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰক১৯৪০ চনত গোলাঘাট টাউনত জন্ম হৈ হুছেইনে ডিব্ৰুগড়ৰ কানৈ কলেজৰপৰা বিজ্ঞান শাখাত ইণ্টাৰমেডিয়েট আৰু গোলাঘাটৰ ডি আৰ কলেজৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[2]
কৰ্মজীৱন
সম্পাদনা কৰকনাইচ ছাৰ আছিল বৃত্তিত এগৰাকী শিক্ষক। তেখেতে সাধাৰণ গণিত, উচ্চ গণিতৰ উপৰি বিজ্ঞান পঢ়ুৱাইছিল।[1]কাৰ্বি আংলং, নাগালেণ্ড আদি বহুঠাইত শিক্ষকতা কৰি উঠি শেষত জন্মস্থান গোলাঘাটৰ কছাৰীহাট স্কুলৰপৰা অৱসৰ গ্ৰহণ কৰে। তেখেত আছিল ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় শিক্ষক। শিক্ষকতাৰ সমান্তৰালকৈ তেখেতে লেখা-মেলাও কৰি গৈছিল। বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য সম্পাদিত নৱযুগ আলোচনীত তেখেতে প্ৰথম গল্পকাৰৰূপে আত্মপ্ৰকাশ কৰে।[2] ইয়াৰ পিছত ক্ৰমান্বয়ে শ্ৰী ময়ী, পদাতিক আদি আলোচনীত নিয়মীয়াকৈ হুছেইনৰ গল্প প্ৰকাশ পাবলৈ ধৰে। ৪৪ বছৰ বয়সত তেখেতে লিখিবলৈ আৰম্ভ কৰিছিল। সেয়ে প্ৰথমৰেপৰা তেখেতৰ লেখা পৰিপক্ক আছিল। ড° হীৰেন গোহাঁই-এ তেখেতৰ ৰাং কুকুৰৰ টুপী, বৰ ধেমালি সৰু ধেমালি আদি গল্পক উৎকৃষ্ট গল্প বুলি কৈছে।[3]কেৱল গল্প লেখাতে মন নিদি তেখেতে কবিতাৰ চৰ্চাও কৰিছিল। মাৰ্ক্সীয় আদৰ্শৰ প্ৰতি আস্থাশীল হোৱাৰ বাবে গল্পৰ দৰে তেখেতেৰ কবিতাতো শ্ৰমজীৱী মানুহৰ মুক্তিৰ সংগ্ৰাম দেখিবলৈ পোৱা যায়।[4] একে কাৰণতে তেখেতে বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত কাৰাবাসো খাটিছিল।[1] গল্প আৰু কবিতাৰ উপৰিও তেখেতে চিত্ৰ সমালোচনাও লিখিছিল। তেখেত এগৰাকী শিশু সাহিত্যিকো আছিল। অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ দ্বাৰা প্ৰকাশিত তিনি মহীয়া শিশু আলোচনী ৰ'দকাঁচিয়লিৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। নাট্যকাৰ ৰূপেও হুছেইনৰ নাম আছিল। নিজৰ গল্পক নিজে নাট্যৰূপ দিবলৈ তেখেত আগ্ৰহী আছিল। সপোনজ্যোতি ঠাকুৰ, মুনীন ভূঞা আদি সফল নাট্যকাৰ সকলে তেখেতৰ এই আগ্ৰহক বঢ়াই তুলিছিল। সপোনজ্যোতি ঠাকুৰে তেখেতৰ সৰু ধেমালি বৰ ধেমালি গল্পক নাট্যৰূপ দিছিল।[5] জেহিৰুল হুছেইনে গোলাঘাট জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
পৰিয়াল
সম্পাদনা কৰক১৯৭৭ চনৰ ১২ জুনত ছফিয়া হুছেইনৰ সৈতে তেখেত বিবাহপাশত আৱদ্ধ হয় আৰু তেখেত সকলৰ ৰিণমিন আৰু ঋক নামেৰে দুটি ল'ৰা-ছোৱালী আছে।
গ্ৰন্থৰাজি
সম্পাদনা কৰক২০০৭ চনত নতুন সাহিত্য পৰিষদ গোলাঘাট শাখাই জেহিৰুল হুছেইন ৰচনাৱলী প্ৰকাশ কৰি উলিয়াইছে।[4]ইয়াৰ বাহিৰেও তেখেতৰ প্ৰকাশিত অন্যান্য কিতাপসমূহ হ'ল:
সম্পাদনা
সম্পাদনা কৰক- সপোনৰ সূৰ্যৰ মানুহ (গল্প গ্ৰন্থ)
- ৰ'দকাঁচিয়লি (শিশু আলোচনী)
মৃত্যু
সম্পাদনা কৰক২০০৫ চনৰ ২ মে' তাৰিখে কিডনী বিকল হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জেহিৰুল হুছেইনৰ মৃত্যু ঘটে।[7]তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰ'দকাঁচিয়লি আলোচনীয়ে প্ৰতিষ্ঠাপক সম্পাদক জেহিৰুল হুছেইন সোঁৱৰণী সংখ্যা প্ৰকাশ কৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 সুশান্ত কৃষ্ণ শৰ্মা (23/05/2017). "জেহিৰুল হুছেইনৰ পৰিবাৰ ছফিয়া হুছেইনৰ সাক্ষাৎকাৰ". সাক্ষাৎকাৰ. http://muktosinta.org. http://muktosinta.org/jehirul-husseinor-poribaror-xakhyatkar/। আহৰণ কৰা হৈছে: 1 June 2020.
- ↑ 2.0 2.1 2.2 2.3 2.4 শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬ চন). জেহিৰুল হুছেইন. কথা প্ৰকাশন. পৃষ্ঠা. ২৫৮-২৫৯. ISBN ৮১-৮৯১৪৮-১৪-১.
- ↑ হীৰেন গোহাঁই (২০০৯). জেহিৰুল হুছেইনৰ গল্পৰ বিষয়ে দুআষাৰ. কথা প্ৰকাশন. পৃষ্ঠা. ৬৭৬-৬৭৮. ISBN ৮১-৮৯১৪৮-১৮-৪.
- ↑ 4.0 4.1 নয়নমণি মেধি (১১।০৫।২০১৭). "জেহিৰুল হুছেইনৰ কবিতা". http://muktosinta.org. http://muktosinta.org/jehirul-husseinor-kobita/। আহৰণ কৰা হৈছে: 2 June 2020.
- ↑ সান্ত্বনা শৰ্মা (২৮ শাওন ১৯২৭ শক). "জেহিৰুল হুছেইনক মই যেনেদৰে লগ পাইছিলোঁ". ৰ'দকাঁচিয়লি খণ্ড পঞ্চম বছৰ (দ্বিতীয় সংখ্যা): ৩৬-৩৭.
- ↑ 6.0 6.1 গীতাশ্ৰী তামুলী (২০১৫). মুক্তিৰ সপোন আৰু জেহিৰুল হুছেইনৰ গল্প(মাৰ্ক্সবাদী সাহিত্যতত্ত্বত এভুমুকি). আখৰ প্ৰকাশ. পৃষ্ঠা. ২৩৩-২৪৪. ISBN ৯৭৮-৯৩-৮৫৮৩৭-০০-৫.
- ↑ ভোলানাথ সান্দিকৈ (২৮ শাওন ১৯২৭ শক). "শোক প্ৰস্তাৱ". ৰ'দকাঁচিয়লি খণ্ড পঞ্চম বছৰ (দ্বিতীয় সংখ্যা): ৪৪.