জোনাকী পৰুৱা

পতঙ্গৰ পৰিয়াল

জোনাকী পৰুৱা (ইংৰাজী: Firefly) এবিধ সৰু পতংগ শ্ৰেণীৰ জীৱ। ইয়াৰ দেহত এযোৰ পাখি থাকে বাবে ই উৰিব পাৰে। ইয়াৰ দেহটো কোমল। ইহঁত সন্ধিপদী প্ৰাণী। জোনাকী পৰুৱাক বৈজ্ঞানিকসকলে দিয়া নাম- লামপাইৰিদ (Lampyride)। ই ক'লেওপ্টেৰা বৰ্গৰ অন্তৰ্ভুক্ত। জোনাকী পৰুৱাৰ আন আন শ্ৰেণী সমূহ হৈছে: Elateroidea, Cyphonocerinae, Photurinae, Luciolinae, Lampyrine।

জোনাকী পৰুৱা
Photuris lucicrescens[1]
দুটা জোনাকী পৰুৱাৰ যৌন মিলন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Coleoptera
মহাপৰিয়াল: Elateroidea
পৰিয়াল: Lampyridae
Latreille, 1817
উপপৰিয়াল

Amydetinae[2]
Cheguevariinae[3]
Cyphonocerinae
Lamprohizinae[2]
Lampyrinae
Luciolinae
Ototretinae
Photurinae
Psilocladinae[2]
Pterotinae[2]


Genera incertae sedis[2]:
Anadrilus Kirsch, 1875
Araucariocladus Silveira and Mermudes, 2017
Crassitarsus Martin, 2019
Lamprigera Motschulsky, 1853
Oculogryphus
Jeng, Engel, and Yang, 2007
Photoctus McDermott, 1961
Pollaclasis Newman, 1838

জীৱন প্ৰক্ৰিয়া সম্পাদনা কৰক

জোনাকী পৰুৱাৰ জীৱনকাল মাত্ৰ দুবছৰ। ইয়াৰ আকাৰ প্ৰায় ১.৫ ছেণ্টিমিটাৰৰ পৰা ২ ছেণ্টিমিটাৰ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে, বিশেষকৈ, উষ্ণ জলবায়ু অঞ্চলত জোনাকী পৰুৱা পোৱা যায়। পৃথিৱীত প্ৰায় ২০০০ প্ৰজাতিৰ জোনাকী পৰুৱা আছে; জোনাকী পৰুৱাৰ দেহত থকা উৎসেচকৰ বাবে ইয়াৰ উদৰ অংশৰ পৰা পোহৰৰ প্ৰতিফলিত হয়। বিভিন্ন প্ৰজাতিৰ জোনাকী পৰুৱাৰ পোহৰ ভিন ভিন ধৰণৰ হয় (যেনে: নীলা, সেউজীয়া, হালধীয়া, কমলা বা ৰঙা) আৰু এই পোহৰৰ তৰংগ প্ৰায় ৫১০ৰ পৰা ৬৭০ নেন'মিটাৰ।[4] জোনাকী পৰুৱাৰ উদৰ কেইবাটাও সৰু সৰু অংশত বিভক্ত। এই ভাগবোৰৰ ষষ্ঠ আৰু সপ্তম ভাগৰ মাজতে জোনাকীৰ পোহৰ দিয়া অংশটো আছে। এই অংশটো তলৰ ফালে থাকে। পোহৰ নিৰ্গত হোৱা অংশটোৰ ঠিক ওপৰৰ স্তৰটোৱে পোহৰ প্ৰতিফলন কৰাত সহায় কৰে। এই পোহৰ নিৰ্গত হোৱা অংশটোৰ কোষবোৰত ৰাসায়নিক বিক্ৰিয়াৰ ফলত যি পোহৰৰ সৃষ্টি হয় তাত কোনোধৰণৰ উত্তাপ সৃষ্টি নহয় আৰু এনেধৰণৰ পোহৰক শীতল-পোহৰ বোলা হয়।[5]

পোহৰ প্ৰতিফলনৰ কাৰণ সম্পাদনা কৰক

জোনাকী পৰুৱাৰ উদৰৰ তলৰ ফালে লিউচিফেৰাচ (luciferase)আৰু লিউছিফেৰিণ (luciferine) নামেৰে দুবিধ ৰাসায়নিক পদাৰ্থ থাকে।[6] লিউছিফেৰিণ তাপৰোধক আৰু ই পৰিস্থিতি সাপেক্ষে উজলি উঠে। লিউচিফেৰাচ এবিধ এনযাইম যি পোহৰ নিঃসৰণত সহায় কৰে। জোনাকী পৰুৱাৰ নেজত পোৱা লিউচিফেৰাচ আৰু লিউছিফেৰিণ ATP(Adenosine Triphosphate) ৰ উপস্থিতিত উজলি উঠে। সকলোবোৰ জন্তুৰ শৰীৰত কম বেছি পৰিমাণে ATP থাকে। ৰুগীয়া কোষবোৰত ATP মাত্ৰাত তাৰতম্য ঘটে। ইয়াৰ দ্বাৰা জোনাকী পৰুৱাই সংগী পৰুৱালৈ সংকেত প্ৰেৰণ কৰে,[7] যোগাযোগ তথা শত্ৰুৰ পৰা ৰক্ষা পোৱাৰ বাবে এই উৎসেচক বিধ ব্যৱহাৰ কৰে। ATP ৰ তাৰতম্যৰ বাবে পোহৰৰ উজ্জ্বলতাৰো তাৰতম্য ঘটে, ইয়াৰ দ্বাৰা জোনাকী পৰুৱাই সক্ৰিয় যৌন সংগীৰ অনুমান কৰে।[7] ই আত্মৰক্ষাৰ বাবে এক টেঙেচীয়া স্বাদৰ এবিধ ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে;এই পদাৰ্থবিধ জীৱ-জন্তুৰ বাবে হানিকাৰক।[8][9]

খাদ্যাভ্যাস সম্পাদনা কৰক

জোনাকী পৰুৱাবোৰ সাধাৰণতে মাংসভোজী। পলুবোৰে মৃত শামুক আৰু আন কীট পতংগসমূহ খায়। আন কিছু প্ৰজাতিয়ে নিজৰ সংগিক ভক্ষণ কৰে। প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাবোৰে অন্য প্ৰজাতি ভক্ষণ নকৰে। অৱশ্যে বৈজ্ঞানিক সকল এতিয়াও প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাবোৰৰ খাদ্য প্ৰণালী সন্দৰ্ভত সন্তোষজনক স্থিতিত উপনীত হ'ব পৰা নাই, তেওঁলোকে ধাৰণা কৰিছে যে এই জোনাকী পৰুৱাবোৰে হয়তোবা ফুলৰ ৰেণু খাই নহ'লে একোৱে নাখায়।[10]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Cirrus Digital Firefly Photuris lucicrescens
  2. 2.0 2.1 2.2 2.3 2.4 Martin, Gavin J; Stanger-Hall, Kathrin F; Branham, Marc A; Da Silveira, Luiz F L; Lower, Sarah E; Hall, David W; Li, Xue-Yan; Lemmon, Alan R et al. (2019-11-01). Jordal, Bjarte. ed. "Higher-Level Phylogeny and Reclassification of Lampyridae (Coleoptera: Elateroidea)". Insect Systematics and Diversity (Oxford University Press (OUP)) খণ্ড 3 (6). doi:10.1093/isd/ixz024. ISSN 2399-3421. 
  3. Ferreira, Vinicius S; Keller, Oliver; Branham, Marc A; Ivie, Michael A (2019). "Molecular data support the placement of the enigmatic Cheguevaria as a subfamily of Lampyridae (Insecta: Coleoptera)". Zoological Journal of the Linnean Society (Oxford University Press (OUP)) খণ্ড 187 (4): 1253–1258. doi:10.1093/zoolinnean/zlz073. ISSN 0024-4082. 
  4. HowStuffWorks "How do fireflies light up?". Science.howstuffworks.com (19 January 2001). Retrieved on 22 June 2013.
  5. HowStuffWorks "How do fireflies light up?". Science.howstuffworks.com (19 January 2001). Retrieved on 22 June 2013.
  6. Day, John (2009). "Beetle bioluminescence: a genetic and enzymatic research review". In Meyer-Rochow, V.B.. Bioluminescence in Focus. Research Signpost: Kerala. পৃষ্ঠা. 325–355. 
  7. 7.0 7.1 Stanger-Hall, Kathrin F.; Lloyd, James E. (March 2015). "Flash signal evolution inPhotinusfireflies: Character displacement and signal exploitation in a visual communication system". Evolution খণ্ড 69 (3): 666–682. doi:10.1111/evo.12606. ISSN 0014-3820. PMID 25627920. 
  8. Lewis, Sara M.; Cratsley, Christopher K. (January 2008). "Flash Signal Evolution, Mate Choice, and Predation in Fireflies". Annual Review of Entomology খণ্ড 53 (1): 293–321. doi:10.1146/annurev.ento.53.103106.093346. ISSN 0066-4170. PMID 17877452. https://semanticscholar.org/paper/78a89aa200eefbf1220d6749231aa3b11b7abbea. 
  9. Branham, Marc A.; Wenzel, John W. (December 2001). "The Evolution of Bioluminescence in Cantharoids (Coleoptera: Elateroidea)". The Florida Entomologist খণ্ড 84 (4): 565. doi:10.2307/3496389. ISSN 0015-4040. http://journals.fcla.edu/flaent/article/view/75005. 
  10. বৰগোঁহাই, দেৱাশ্ৰী. জোনাকী পৰুৱাৰ কথাৰে. Xahitya.org. Archived from the original on 2016-06-16. https://web.archive.org/web/20160616235229/http://www.xahitya.org/2013/02/14/%e0%a6%9c%e0%a7%8b%e0%a6%a8%e0%a6%be%e0%a6%95%e0%a7%80-%e0%a6%aa%e0%a7%b0%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a7%b0-%e0%a6%95%e0%a6%a5%e0%a6%be%e0%a7%b0%e0%a7%87-%e0%a6%a6%e0%a7%87%e0%a7%b1%e0%a6%be/। আহৰণ কৰা হৈছে: 2020-04-22.