জোনাকী পৰুৱা (চলচ্চিত্ৰ)

ফায়াৰফ্লাইছ-জোনাকী পৰুৱা হৈছে ২০২০ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। তৃতীয় লিংগৰ ওপৰত আধাৰিত এইখন উত্তৰপূৱ ভাৰতৰ প্ৰথমখন ছবি। বিশ্বৰ ২০ খনৰো অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হোৱা চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা প্ৰকাশ ডেকাৰ। মিলিন দত্তৰ প্ৰযোজনাত নিৰ্মিত চলচ্চিত্ৰখনৰ সংগীত তৰালী শৰ্মাৰ।[1]

ফায়াৰফ্লাইছ -জোনাকী পৰুৱা
পৰিচালক প্ৰকাশ ডেকা
ৰচনা প্ৰকাশ ডেকা
চিত্ৰনাট্য প্ৰকাশ ডেকা
প্ৰযোজক মিলিন দত্ত
অভিনয়ত বেঞ্জামিন দৈমাৰী
চিত্ৰগ্ৰহণকাৰী ৰতনশীল শৰ্মা
সম্পাদনা ৰতনশীল শৰ্মা
সংগীত পৰিচালক তৰালী শৰ্মা
মুক্তি
২৮ আগষ্ট ২০২০ (2020-08-28)
দৈৰ্ঘ্য
এক ঘণ্টা একত্ৰিশ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "আপুনি জানেনে কাৰ ভুলৰ বাবে কিয় গাঁৱৰ পৰা আঁতৰি গ'ল মাইনা?". News next one. https://www.newsnextone.com/jonaki-parua-a-movie-focusing-the-lgbt-community। আহৰণ কৰা হৈছে: 12 October 2020.