জ্যোতি (দেৱী)

হিন্দু দেৱী

জ্যোতি (ইংৰাজী: Jyoti) হৈছে এগৰাকী হিন্দু দেৱী। আধুনিক তামিল শৈৱ পৰম্পৰাত জ্যোতি দেৱীক কেতিয়াবা কেতিয়াবা নাৰী নীতিৰ ব্যক্তিত্ব বুলিও গণ্য কৰা হয়। এয়া মুৰুগানৰ ভেলৰ মূৰ্ত প্ৰতিনিধিত্ব।[1]

জ্যোতি বুলি চিনাক্ত কৰা মুৰুগানৰ হাতৰ ভেলৰ ভাস্কৰ্য্য

কিংবদন্তি সম্পাদনা কৰক

দেৱীৰ জন্মৰ ওপৰত ভিত্তি কৰি দুটা বেলেগ বেলেগ কিংবদন্তি প্ৰচলন হৈ আছে। প্ৰথম কিংবদন্তি অনুসৰি তেওঁ শিৱৰ প্ৰভাৰ পৰা জন্ম লাভ কৰিছে। তেওঁ পিতৃ শিৱৰ আশীৰ্বাদৰ শাৰীৰিক প্ৰকাশ।[2]

দ্বিতীয়টো কিংবদন্তি অনুসৰি শিৱৰ কপালৰ পৰা নিৰ্গতহোৱা ছটা স্ফুলিংগৰ পৰা মুৰুগাৰ জন্মৰ দৰেই দেৱী পাৰ্বতীৰ কপালৰ পৰা নিৰ্গত স্ফুলিংগৰ পৰা জ্যোতি দেৱীৰ জন্ম হয়। তেওঁৰ পৰাই দেৱীয়ে এপাট অস্ত্ৰ ধাৰণ কৰে আৰু এই অস্ত্ৰপাতকে তেওঁ তেওঁৰ পুত্ৰক ভেল হিচাপে উপহাৰ দিয়ে। এই অস্ত্ৰৰে মুৰুগাই অসুৰ সুৰপদ্মনক ধ্বংস কৰিছিল।[3]

ভাতৃ মুৰুগাৰ সকলো মন্দিৰতে নিৰাকাৰ বা ৰূপহীন অৱস্থাত দেৱী জ্যোতি উপস্থিত আছে বুলি বিশ্বাস কৰা হয়। তেখেতক পিতৃ নটৰাজে (শিৱৰ এটা ৰূপ) ধাৰণ কৰা শিখা বুলিও ভবা হয়।[3]

উপাসনা সম্পাদনা কৰক

অগস্ত্য ঋষিৰ প্ৰধান ভক্তিমূলক ৰচনা শোদাসমত ঋষিয়ে প্ৰতিদিনে কপালৰ অজ্ঞান চক্ৰত উপস্থিত থকা মাতৃ মনোমণি, তেওঁৰ স্বামী (শিৱ, সদাশিৱ ৰূপত) আৰু তেওঁলোকৰ কন্যা জ্যোতিৰ ভূমিকা আৱিষ্কাৰ আৰু বৰ্ণনা কৰিছে। গ্ৰন্থখনত অগস্ত্য ঋষিয়ে দেৱী জ্যোতিৰ জন্ম কেনেকৈ ‘ওঁ' প্ৰণৱ স্তম্ভৰ পৰা হৈছিল সেইকথাৰো উল্লেখ কৰিছে।

ভাতৃৰ লগত সঙ্গতিৰ বাবে দেৱীক সৰৱনাভৈ বুলি কোৱা হয়, আৰু বহু মুৰুগা মন্দিৰত তেওঁক ভেল ৰূপত পূজা কৰা হয়। ভাৰতৰ কোনো কোনো ঠাইত তেওঁক বৈদিক ৰাকৰ সৈতে জড়িত দেৱী ৰায়কিৰ ৰূপতো চিনাক্ত কৰা হয়। উত্তৰ ভাৰতত তেওঁক দেৱী জ্ৱালাইমুখী বুলি চিনাক্ত কৰা হৈছে।

ভেল সম্পাদনা কৰক

শৈৱ পৰম্পৰা অনুসৰি দেৱী পাৰ্বতীয়ে অসুৰ সুৰপদ্মনক পৰাস্ত কৰিবলৈ নিজৰ শক্তিৰ মূৰ্তি হিচাপে পুত্ৰ মুৰুগনক এপাত ভেল উপহাৰ দিছিল। স্কন্দ পুৰাণৰ মতে, মুৰুগান আৰু সুৰপদ্মনৰ মাজৰ যুদ্ধত মুৰুগানে সুৰপদ্মনৰ সকলো শক্তিক পৰাস্ত কৰিবলৈ এই ভেল ব্যৱহাৰ কৰিছিল।[4] ভেল, ঈশ্বৰত্বৰ প্ৰতীক হিচাপে, মুৰুগানৰ বাবে উৎসৰ্গিত মন্দিৰসমূহত পূজাৰ এক অন্যতম বস্তু। বাৰ্ষিক থাইপুছাম উৎসৱত মুৰুগানে মাকৰ পৰা ঐশ্বৰিক ভেল লাভ কৰা অনুষ্ঠানটো উদযাপন কৰা হয়।[5]এই উৎসৱৰ সময়ত কিছুমান ভক্তই মুৰুগান মন্দিৰলৈকে হোৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়ত ভেলৰ চোকা অংশৰে ছাল, জিভা বা গালত বিন্ধি লয়।

আদি-ভেল হৈছে শ্ৰীলংকাত তামিল হিন্দুসকলে জুলাই/আগষ্ট মাহত পালন কৰা এটা প্ৰধান উৎসৱ, আৰু এই উৎসৱক আদি নামেৰেও জনা যায়।[6]

ভেলৰ আন এক ব্যাখ্যা হ’ল ই প্ৰজ্ঞা/জ্ঞানৰ প্ৰতীক। ইয়াৰ দ্বাৰা প্ৰতীকীভাৱে দেখুওৱা হৈছে যে প্ৰজ্ঞা/জ্ঞান ভেলৰ অগ্ৰাংশৰ দৰে চোকা, দাণ্ডিডালৰ দৰে বহল আৰু ওখ হ’ব লাগে। এনে প্ৰজ্ঞাইহে অজ্ঞানৰ অন্ধকাৰক ধ্বংস কৰিব পাৰিব বুলি ধৰা হয়।[7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Waghorne, Joanne Punzo (2004-09-16) (en ভাষাত). Diaspora of the Gods: Modern Hindu Temples in an Urban Middle-Class World. Oxford University Press, USA. পৃষ্ঠা. 190. ISBN 978-0-19-515663-8. https://books.google.com/books?id=dHo8DwAAQBAJ&dq=goddess+jyoti+vel&pg=PA193. 
  2. "Daughters of Shiva". 9 December 2012. http://www.mid-day.com/articles/daughters-of-shiva/192003. 
  3. 3.0 3.1 "Skanda's Sister Jyoti". murugan.org. http://murugan.org/jyoti.htm. 
  4. Belle, Carl Vadivella (2018-02-14) (en ভাষাত). Thaipusam in Malaysia. Flipside Digital Content Company Inc.. ISBN 978-981-4786-66-9. https://books.google.com/books?id=kB1qDwAAQBAJ&dq=parvati+murugan+vel+surapadman&pg=PT178. 
  5. Abram, David; Edwards, Nick (February 2004) (en ভাষাত). The Rough Guide to South India. Rough Guides. পৃষ্ঠা. 517. ISBN 978-1-84353-103-6. https://books.google.com/books?id=sEhJBfbhTAAC&dq=parvati+murugan+vel&pg=PA517. 
  6. Elliott, C. Brooke (1938) (en ভাষাত). The Real Ceylon. H. W. Cave & Co. পৃষ্ঠা. 133. 
  7. Natarajan, Muni (2012-07-02). A Monk's Tale. ISBN 9780985701918. https://books.google.com/books?id=sG5VDQAAQBAJ&q=vel+wisdom+sharp+deep+wide&pg=PT216. [সংযোগবিহীন উৎস]