ঝুম নৃত্য (ইংৰাজী: Jhum Dance) বিভিন্ন পাহাৰীয়া জনগোষ্ঠীৰ মাজত প্ৰচলিত পৰম্পৰাগত নৃত্য৷ ত্ৰিপুৰা ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীৰ উপৰি বাংলাদেশৰ গাৰোসকলৰ মাজতো ঝুম নৃত্যৰ প্ৰচলন আছে৷ এই নৃত্যৰ কেইবাটিও ধাপ আছে৷ প্ৰত্যেকটি ধাপ বা পৰ্বৰ দ্বাৰা ঝুম খেতিৰ মাটি নিৰ্বাচনৰ পৰা শস্য চপোৱালৈ সকলো কাম নৃত্যৰ মাজেৰে পৰিৱেশন কৰি দেখুওৱা হয়৷[1] মুঠ ১৯টা জনগোষ্ঠী বাস কৰা ত্ৰিপুৰাৰ ত্ৰিপুৰী, হালাম, নোৱাতিয়া, মলসুম আৰু গাৰোসকলৰ মাজত ঝুম নৃত্যৰ প্ৰচলন বেছি৷ ই এবিধ কৃষিভিত্তিক নাচ৷ [2]

বিষয়বস্তু

সম্পাদনা কৰক

ত্ৰিপুৰাৰ যিকেইটা জনগোষ্ঠীৰ মাজত ঝুম নৃত্যৰ প্ৰচলন আছে; সেই আটাইকেইটাৰে বিষয়বস্তু একেই৷ ঝুম খেতিৰ বাবে মাটি নিৰ্বাচন কৰাৰ পৰা শস্য চপাই ঘৰলৈ অনালৈ আটাইকেইটা পৰ্ব নৃত্যৰ মাজেৰে তুলি ধৰা হয়৷ অৱশ্যে প্ৰত্যেক উপজাতিৰ প্ৰকাশভংগীৰ মাজত পাৰ্থক্য আছে৷ [2]

ত্ৰিপুৰী উপজাতি

সম্পাদনা কৰক

ত্ৰিপুৰী উপজাতিৰ ঝুম নৃত্যত মুঠ পাঁচটা পৰ্ব আছে৷ (১) হুগ ৰাইমানি (মাটি নিৰ্বাচন), (২) হুগ আংমানি (হাবি-বন পৰিষ্কাৰ কৰা), (৩) হৰ চগমানি (কটা হাবিত জুই দিয়া), (৪) মাইনিমানি (বীজ ৰোপন কৰা) আৰু (৫) মাইৰামানি (শস্য চপোৱা)৷[2]

হালাম উপজাতি

সম্পাদনা কৰক

হালামসকলে ঝুম নৃত্যক “লুইনিংওম’’ নৃত্যও বোলে৷ তেওঁলোকে মুঠ ৭টি পৰ্বৰে এই নৃত্য সামৰে৷ (১) ৰামেসু ওত্(ঝুম চোৱা), (২) পাম্-আবাত্( ঝুম কটা), (৩) চাং আতু (ধান ৰোৱা), (৪) লাইয়েচুন (শস্য ৰক্ষা কৰা), (৫) সাং আত্ (ধান কটা), (৬) আনচিল্ (মৰণা মৰা), (৭) ডু পেইল’ (ঘৰলৈ ধান বৈ অনা)৷[2]

নোৱাতিয়াসকল

সম্পাদনা কৰক

ত্ৰিপুৰাৰ নোৱাতিয়াসকলৰ মাজতো ঝুম নৃত্যৰ প্ৰচলন আছে৷ তেওঁলোকৰ পুৰুষসকলে হাতত দা লৈ চাৰি মাত্ৰাত পদ সঞ্চালন কৰি শাৰী পাতি নৃত্যস্থলীলৈ আহে আৰু এটা কাঠি পুতি মাটি নিৰ্বাচন কৰি একেই লয়তে নৃত্যস্থলী এৰি যায়৷ পিছত পুন একেই ছেঁৱতে আহি এটা আঁঠু মাটিত লগাই বহি দা ধাৰ দিয়ে আৰু শেষত মাটি চুই নমস্কাৰ কৰি আঁতৰি যায়৷ তাৰ পিছৰ পৰ্ববোৰত ছোৱালীয়েও অংশ গ্ৰহণ কৰে আৰু মুঠ আঠটি পৰ্বত ঝুম খেতিৰ সকলো কৰ্ম কৰি দেখুৱায়৷ [2]

মলসুম উপজাতি

সম্পাদনা কৰক

ঝুম নৃত্য মলসুম উপজাতিৰ একমাত্ৰ কৃষিভিত্তিক নাচ৷ ইয়াত মুঠ ১২টা পৰ্ব আছে৷ চেমতাং (দা ধাৰ দিয়া), লৌয়াত্ (হাবি কটা), লৌহল্ (জুই দিয়া), মাংৰুথম্ (ছাই পৰিষ্কাৰ কৰা), সংতু (দান ৰোৱা), লীচুনু (ধাননিৰ বন নিৰোৱা), সংঅত্ (ধান কটা), চংহিনচইয়াত্ (ধান বৈ অনা), আইহিংচৈতা ( ঘৰলৈ ধান অনা) আদি৷ মলসুম উপজাতিয়ে কপাহৰ খেতিৰ বাবেও নৃত্য পৰিৱেশন কৰে৷ কপাহৰ বীজ আনি তাৰপৰা সূতা কাটি কাপোৰ বোৱালৈ বিভিন্ন পৰ্ব নৃত্যৰ মাজেৰে দেখুওৱা হয়৷[2]

গাৰো উপজাতি

সম্পাদনা কৰক

গাৰো উপজাতিৰ মাজত মুঠ ৭টি পৰ্বত ঝুম নৃত্য সামৰা হয়৷ গাৰোসকল তিব্বতৰ পৰা অহা৷ নৃত্যত তাকো দেখুওৱা হয়৷ দা ধাৰ কৰা, জংগল কটা, ধান ৰোৱা, ধান কটাৰ পাছত “বিনি পূজা’’ৰ বাবে খৰি সংগ্ৰহ কৰা, তাৰ পিছত আনন্দোৎসৱ কৰা আদি নৃত্যৰ মাজেৰে দেখুওৱা হয়৷[2]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "আৰ্কাইভ কপি". Archived from the original on 2023-02-17. https://web.archive.org/web/20230217142628/https://thokbirim.com/। আহৰণ কৰা হৈছে: 2023-02-17. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 চক্ৰৱৰ্তী, শ্ৰীমতী (ড°) পদ্মিনী (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য : একটি সমীক্ষা. Directorate of Research, Government of Tripura.