ঝুলন যাত্ৰা

বৈষ্ণৱসকলৰ জনপ্ৰিয় উৎসৱ
(ঝুলন পূৰ্ণিমাৰ পৰা পুনঃনিৰ্দেশিত)

ঝুলন যাত্ৰা বা ঝুলন পূৰ্ণিমা ভাৰতৰ বৈষ্ণৱ সম্প্ৰদায় সকলে শ্ৰাৱনী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱ। হোলী আৰু জন্মাষ্টমীৰ পিছতেই কৃষ্ণপন্থী বৈষ্ণৱ সকলৰ ই অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু দিনপঞ্জী মতে ঝুলন যাত্ৰা শ্ৰাৱণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ শ্ৰাৱনী পূৰ্ণিমাত শেষ হয়। এই পাঁচদিন ভিন ভিন অঞ্চলত মেলা আদি অনুষ্ঠিত হয়। ঝুলন পূজাত ৰাধা কৃষ্ণৰ প্ৰতিমাক ঝুলনাত ঝুলোৱা হয়। ইয়াৰ লগতে নৃত্য-গীত ভোজৰ আয়োজন কৰা হয়। ৰাধা-কৃষ্ণৰ প্ৰেমক মূল বিষয় হিচাপে লৈ এই উৎসৱ উদযাপিত হয়। শ্ৰাৱনী পূৰ্ণিমাত অনুষ্ঠিত হোৱা ঝুলন যাত্ৰা সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ জুলাই/আগষ্ট মাহত পৰে।[1] ঝুলন পূৰ্ণিমাক ৰাখী পূৰ্ণিমা বুলিও কোৱা হয়। এইদিনা ভাৰতত ৰাখী বন্ধন পালন কৰা হয়।

ঝুলন যাত্ৰা
ঝুলন পূৰ্ণিমা
ঝুলন যাত্ৰা ঝুলন পূৰ্ণিমা
ঝুলনা বা দোলনাত ৰাধা-কৃষ্ণৰ মূৰ্তি
পালন কৰে বৈষ্ণৱ সকল
প্ৰকাৰ হিন্দু
আৰম্ভ হয় শ্ৰাৱণ মাহৰ শুক্লা দশমী
শেষ হয় শ্ৰাৱনী পূৰ্ণিমা
উদযাপন ৰাধা-কৃষ্ণৰ দোলনাত দোলন, উপহাৰ প্ৰদান, সাজ-সজ্জা, নৃত্য-গীত
সম্পৰ্কিত জন্মাষ্টমী
ৰাখী বন্ধন
অৱধি ৫ দিন
সংঘটন বাৰ্ষিক

তথ্য উৎস সম্পাদনা কৰক