টলষ্টয় ফাৰ্ম (ইংৰাজী: Tolstoy Farm) আছিল মহাত্মা গান্ধীয়ে তেওঁৰ দক্ষিণ আফ্ৰিকাৰ আন্দোলনৰ সময়ত আৰম্ভ আৰু আয়োজিত প্ৰথম আশ্ৰম। ১৯১০ চনত সৃষ্টি হোৱা এই আশ্ৰমে ট্ৰান্সৱালত, য'ত ই অৱস্থিত আছিল, ভাৰতীয়সকলৰ বিৰুদ্ধে বৈষম্যবিৰোধী সত্যাগ্ৰহ অভিযানৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰিছিল।[1]

১৯১০ চনত টলষ্টয় ফাৰ্মৰ কিছু সদস্য, মহাত্মা গান্ধী আছে,সোঁফালৰ পৰা পঞ্চম শাৰীৰ মাজভাগত

আশ্ৰমৰ নাম ৰাছিয়ান লেখক আৰু দাৰ্শনিক লীঅ' টলষ্টয়ৰ নামেৰে ৰাখিছিল, যাৰ ১৮৯৪ চনৰ কিতাপ 'দি কিংডম অব গড ইজ উইদিন ইউ'-য়ে গান্ধীৰ অহিংসা বিজ্ঞানক যথেষ্ট প্ৰভাৱিত কৰিছিল।

গান্ধী সমৰ্থক হাৰমান কালেনবাচে গান্ধী আৰু আন ৭০-৮০জন লোকক তেওঁলোকৰ স্থানীয় আন্দোলন কাৰ্যকৰী হোৱালৈকে তাত বাস কৰিবলৈ অনুমতি দিছিল। কালেনবাচে গোটৰ নামৰ বাবে পৰামৰ্শ দিছিল, যি অতি শীঘ্ৰে থকা আৱাসগৃহ, কৰ্মশালা আৰু এখন বিদ্যালয় ধৰি মুঠ তিনিটা নতুন ভৱন নিৰ্মাণ কৰিছিল। [2][3]

লগতে চাওক সম্পাদনা কৰক

তথ্যউৎস সম্পাদনা কৰক

  1. "Tolstoy Farm". South African Historical Journal, No. 7. November 1975. http://www.tolstoyfarm.com/the_past.htm. 
  2. For Kallenbach and the naming of Tolstoy Farm, see Vashi, Ashish (31 March 2011) "For Gandhi, Kallenbach was a Friend and Guide", The Times of India. Retrieved 1 January 2019.
    For Johannesburg, see "Gandhi – A Medium for Truth" (link to article in Philosophy Now magazine) Archived 24 March 2014 at the Wayback Machine. Retrieved March 2014.
  3. Corder, Catherine; Plaut, Martin (2014). "Gandhi's Decisive South African 1913 Campaign: A Personal Perspective from the Letters of Betty Molteno". South African Historical Journal খণ্ড 66 (1): 22–54. doi:10.1080/02582473.2013.862565.