টোপোলা ভাত চাউলৰপৰা প্ৰস্তুত কৰা একপ্ৰকাৰ খাদ্য। অসমডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, জয়পুৰ আদিৰ উপৰি তিনিচুকীয়া জিলামাৰ্ঘেৰিটা, লিডু প্ৰভৃতি অঞ্চলত বসবাস কৰা শ্যামচীন গোষ্ঠীৰ টাইফাকেসকলে টোপোলা ভাত (তেওঁলোকৰ ভাষাত শাখাও) প্ৰস্তুত কৰে। বিভিন্ন উৎসৱ পৰৱত নিজে খোৱাৰ উপৰি আলহী অতিথিকো এই টোপোলা ভাতৰ জৰিয়তে আপ্যায়ন কৰা হয়। [2]

টোপোলা ভাত

কৌপাতত মেৰিয়াই তৈয়াৰ কৰা টোপোলা ভাত
অন্য নাম সিজোৱা চাউল, ভাত
প্ৰকাৰ দিবা-নৈশ্য আহাৰ
উৎপত্তিৰ স্থান ভাৰত
মুখ্য উপাদান চাউল, পানী, কলপাত
খাদ্য শক্তি
(প্ৰতি 1 পৰিবেশন)
85 কিলোকেলৰি (356 kJ)[1]
অনুৰূপ ব্যঞ্জন কোমল চাউল, বিৰিয়ানি, পঁইতা ভাত, চুঙা চাউল, পায়স, ক্ষীৰ, ভাত

ৰন্ধন শৈলী সম্পাদনা কৰক

টোপোলা ভাত প্ৰস্তুত কৰিবলৈ ভিন্ন আকাৰৰ ( এটা ডাঙৰ এটা সৰু ) দুটা মাটিৰ পাত্ৰৰ প্ৰয়োজন হয়। ডাঙৰ পাত্ৰটো চৌকাত বহাই লৈ তাৰ আধা অংশ পানীৰে ভৰাই কলহটোৰ মুখখন এখন তিতা কাপোৰেৰে ঢাকি তাৰ ওপৰত আকাৰত সৰু দ্বিতীয়টো কলহ বহাব লাগে। এই কলহটোৰ তলিখনত কিছুসংখ্যক সৰু সৰু ফুটা কৰা প্ৰয়োজন। কলহটোত পানীত তিওৱা লাহি চাউল জোখ মতে ভৰাই লৈ সেইটোৰ মুখখনত বতাহ সোমাব নোৱাৰাকৈ এখন ঢাকনি দিব লাগে। চৌকাত জুই দিলে তলৰ কলোহটোৰ পানী উতলি সৃষ্টি হোৱা ভাপ ওপৰত পাতি থোৱা বহুছিদ্ৰযুক্ত কলহটোৰ তলীৰে সৰকি গৈ পানীত তিওৱা চাউলসমূহ কিছু সময়ৰ মূৰত সিজাই পেলায়। সিজোৱা চাউলবোৰ ভাতৰ আকাৰ লোৱাত সিবোৰ গৰমে গৰমে কৌপাতত টোপোলাকৈ বান্ধি পেলোৱাৰ পিছতে শখাও আখ্যা পায়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "huinbap" (ko ভাষাত). Korean Food Foundation. http://www.hansik.org/kr/board.do?cmd=view&bbs_id=021&menu=PKR2010100&lang=kr&art_id=176। আহৰণ কৰা হৈছে: 16 May 2017. [সংযোগবিহীন উৎস]
  2. ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ১৫৪.