টুপিনাম্বা কেপ, মেণ্টল বা ক্লক ১৭ শতিকাৰ এটা পাখিৰে তৈয়াৰী টুপি। আধুনিক ব্ৰাজিলত বাস কৰা টুপিনাম্বা জনগোষ্ঠীৰ থলুৱা টুপি লোকসকলে ইয়াক নিৰ্মাণ কৰিছিল। ইয়াক চৰাইৰ পাখি আৰু শাক-পাচলিৰ আঁহেৰে তৈয়াৰ কৰা হয়। টুপিটো ব্ৰাছেলছৰ Musées Royaux d'Art et d'Histoire ৰ সংগ্ৰহত এই কেপটো ৰখা হৈছে। ষোড়শ আৰু সোতৰ শতিকাৰ আন এঘাৰটা টুপিনাম্বা কেপ আজিও বিদ্যমান।[1] Musées Royaux d'Art et d'Histoire ৰ কেপটো সযতনে সংৰক্ষণ কৰা হৈছে।

টুপিনাম্বা পাখি টুপী

ইতিহাস সম্পাদনা কৰক

টুপিনাম্বাসকলে পৰ্তুগীজসকলৰ আগমনৰ পূৰ্বে এই অঞ্চলত বাস কৰিছিল। ঔপনিৱেশিক যুগত ইউৰোপীয়সকলে মেছ’আমেৰিকাৰ পাখিৰ কামবোৰ আগ্ৰহেৰে সংগ্ৰহ কৰিছিল আৰু প্ৰায়ে সেইবোৰক তেওঁলোকৰ কৌতুহলী সংগ্ৰহত অন্তৰ্ভুক্ত কৰি ইয়াৰ কাৰুকাৰ্য্যৰ কৌশলত স্তম্ভিত হৈ পৰিছিল। ইয়ে ঔপনিৱেশিক মেক্সিকোৰ কেথলিক আৰ্হিৰ পাখিৰ কামৰ উৎপাদনত প্ৰভাৱ বিস্তাৰ কৰিছিল৷[2]

ষোল্ল আৰু সোতৰ শতিকাৰ ইউৰোপীয় পৰ্যবেক্ষকসকলৰ বিৱৰণীত টুপিনাম্বাছৰ পাখিৰ কেপসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। ১৫৫০ চনৰ সময়ছোৱাত ব্ৰাজিলত বাস কৰা ফ্ৰান্স লেখক আন্দ্ৰে থেভেটএ উক্ত কেপবোৰৰ অভিজ্ঞতাৰ বিষয়ে লিখিছিল। যদিও ভাষাটো কিছু অংশত এতিয়া গ্ৰহণযোগ্য নহয়, ই নিৰ্মাণ আৰু ব্যৱহাৰৰ প্ৰক্ৰিয়াৰ বিষয়ে বহু কথা কৈ যায়:

বিভিন্ন ধৰণৰ অদ্ভূত চৰাই, বিচিত্ৰ পাখি, কিছুমান মিহি ৰঙাৰ দৰে ৰঙা, আন কিছুমান বগা, ছাই আৰু অন্যান্য ৰঙৰ,.... আৰু এই পাখিৰে বনৰীয়া মানুহ বা ভাৰতীয়সকলে টুপী আৰু কাপোৰ তৈয়াৰ কৰে; হয় নিজকে ঢাকিবলৈ নহয় সৌন্দৰ্য্যৰ বাবে। তেওঁলোকে যুদ্ধলৈ যোৱাৰ সময়ত বা শত্ৰুৰ সৈতে কোনো ধৰণৰ সংঘৰ্ষ হ'লে ইয়াক ব্যৱহাৰ কৰে৷[3]

গঠন সম্পাদনা কৰক

পাখিৰ পৰা নিৰ্মিত মেছ’আমেৰিকান সামগ্ৰীত তিনিটা মূল কৌশল ব্যৱহাৰ কৰা হৈছিল: ইয়াৰ এফালে একেলগে বান্ধি ‘মূৰৰ পোছাক আৰু ফেনৰ দৰে দীঘলীয়াকৈ বৈ যোৱাৰ দৰে সামগ্ৰী’ তৈয়াৰ কৰিব পৰা গৈছিল; কোনো কঠিন পৃষ্ঠত আঠা লগাই ঢালৰ দৰে বস্তুত মোজাইক গঠন কৰা আৰু কাটি বস্ত্ৰ হিচাপে বোৱা৷[4] টুপিনাম্বা কেপত (কাষৰ ছবি চাওক) দৰে দেখাৰ দৰে একেলগে বান্ধিলে থুপটো গাঁঠি দিয়াৰ কেইবাটাও ভিন্ন কৌশল আছিল, যিয়ে ইহঁতৰ গতি আৰু পোহৰ প্ৰতিফলিত কৰাৰ ধৰণক ৰূপান্তৰিত কৰিছিল। যেতিয়া পাখিবোৰক এডাল ফিতাৰে গাঁঠি দিয়া হৈছিল তেতিয়া বস্তুটো অধিক তৰলভাৱে ঘূৰিছিল আৰু দ্বিতীয়ডাল ফিতাৰে সিহঁতক অধিক দৃঢ়ভাৱে ঠাইত স্থাপন কৰা হৈছিল৷ লেখক আৰু অভিযাত্ৰী জিন ডি লেৰীয়ে তেওঁৰ হিষ্ট্ৰী অৱ এ ভয়েজ টু দ্য লেণ্ড অৱ ব্ৰাজিল, অলচো কল্ড আমেৰিকা(১৫৭৮)ত টুপিনাম্বাসকলৰ মাজত বাস কৰা অভিজ্ঞতাৰ বৰ্ণনা প্ৰকাশ কৰিছিল, য'ত তেওঁ তেওঁলোকৰ পাখি ব্যৱহাৰৰ বিষয়ে তেওঁ মন্তব্য কৰিছিল:

যেতিয়া এই পাখিবোৰ মিহলাই একত্ৰিত কৰি, বেত আৰু কপাহৰ সূতাৰ অতি সৰু টুকুৰাৰে ইটোৱে সিটোৰ লগত পৰিপাটিকৈ বান্ধি থোৱা হয় (ফ্ৰান্সত এনে কোনো পাখিৰ কাম কৰা মানুহ নাই, যিয়ে ইয়াক ভালকৈ চম্ভালিব পাৰিব বা অধিক নিপুণভাৱে সাজিব পাৰিব), তেতিয়া আপুনি ভাবিবলৈ বাধ্য হ’ব যে, কাপোৰবোৰ আটোম-টোকাৰীকৈ ৰখা ভেলভেটৰ পৰা তৈয়াৰী৷[5]

ৰং কৰা পাখি সম্পাদনা কৰক

পাখিৰ ৰং পৰিৱৰ্তনৰ এক জনপ্ৰিয় কৌশল বিকশিত হয় যাক টেপিৰেজ বুলি জনা যায়। ইয়াৰ বাবে ভাটৌৰ সেউজীয়া পাখি ছিঙি চৰাইটোৰ কেঁচা মুকলি ছিদ্ৰত ভেঁকুলীৰ তেজ ঘঁহি তাৰ পিছত নতুন পাখি গজিবলৈ অপেক্ষা কৰা হয়, নতুন পাখিবোৰ হালধীয়া-সোণৰ যেন লাগিব, টুকুৰাটোক সূৰ্য্যৰ ঐশ্বৰিক শক্তিৰ সৈতে জড়িত কৰা হৈছে।[6]

ব্যৱহাৰ সম্পাদনা কৰক

পূৰ্বতে টুপিনাম্বা কেপক মেক্সিকোৰ নৱম সম্ৰাট দ্বিতীয় মটেকুহজোমাৰ বুলি ধাৰণা কৰা হৈছিল যদিও এই ধাৰণাক অস্বীকাৰ কৰা হৈছে।[7] ইয়াৰ সংগ্ৰহালয়ৰ তালিকাত কেপৰ উৎপত্তিৰ কোনো তথ্য দিয়া হোৱা নাই।

চৰাইবোৰ মেছোআমেৰিকান সংস্কৃতিৰ ভিতৰত পৱিত্ৰ জীৱ আছিল আৰু এনে কেপ পিন্ধাজন ঐশ্বৰিক গুণেৰে ৰঞ্জিত আছিল। শ্বামানবাদীসকলে প্ৰায়ে পাখিৰ কেপ পিন্ধিছিল, কাৰণ ই তেওঁলোকক জীৱিত আৰু মৃতকৰ মাজত মধ্যস্থতা কৰাত সহায় কৰিছিল।[8] ব্যক্তিজনক চৰাইৰ দৰে জীৱলৈ ৰূপান্তৰিত কৰাটো কোনো ৰূপক মূৰ্তি নাছিল, বৰঞ্চ আক্ষৰিকহে আছিল।[9] যুদ্ধত বন্দী কৰাসকলক ঈগল হিচাপে গণ্য কৰা হৈছিল আৰু যোদ্ধাসকলে ঈগলৰ ছাল পিন্ধিছিল যাতে প্ৰাণীটোৰ "স্বতন্ত্ৰ শক্তি"ক অনুসৰণ কৰিব পাৰে।[10]

তথ্য সূ্ত্ৰ সম্পাদনা কৰক

  1. Bleichmar, Daniela (1 January 2017) (en ভাষাত). Visual Voyages: Images of Latin American Nature from Columbus to Darwin. Yale University Press. পৃষ্ঠা. 11. ISBN 978-0-300-22402-3. https://books.google.com/books?id=SYw-DwAAQBAJ&dq=Tupinamb%C3%A1+feather+cape,+Brazil,+17th+century,+feathers+and+vegetable+fibers,+Mus%C3%A9es+Royaux+d'Art+et+d'Histoire,+Brussels,+AAM+5783.&pg=PR11. 
  2. Hanß, Stefan (2021). "New World Feathers and the Matter of Early Modern Ingenuity: Digital Microscopes, Period Hands and Period Eyes". In Oosterhoff, Ramón Marcia, Marr, Richard, José, Alexander. Ingenuity in the Making: Matter and Technique in Early Modern Europe. পৃষ্ঠা. 194. 
  3. "A Stunning and Sacred Cape, The Huntington" (en ভাষাত). huntington.org. https://huntington.org/verso/stunning-and-sacred-cape। আহৰণ কৰা হৈছে: 2023-05-24. 
  4. Giuntini, C (2012). "Techniques and Conservation of Peruvian Feather Mosaics". In King, H. Peruvian Featherworks: Art of the Precolumbian Era. প্ৰকাশক New York: The Metropolitan Museum of Art. পৃষ্ঠা. 94. 
  5. de Léry, Jean (1992). History of a Voyage to the Land of Brazil. প্ৰকাশক Berkley: University of California Press. পৃষ্ঠা. 60. 
  6. Berdan, F (2016). "Featherworking in the Provinces: A dispersed luxury craft under Aztec hegemony". Ancient Mesoamerica খণ্ড 27 (1): 212. doi:10.1017/S0956536115000358. 
  7. Public, Doing History in (16 December 2022). "16. The Tupinumbá Sacred Mantle" (en ভাষাত). Doing History in Public. https://doinghistoryinpublic.org/2022/12/16/16-the-tupinumba-sacred-mantle/। আহৰণ কৰা হৈছে: 24 May 2023. 
  8. "A Stunning and Sacred Cape, The Huntington" (en ভাষাত). huntington.org. https://huntington.org/verso/stunning-and-sacred-cape। আহৰণ কৰা হৈছে: 24 May 2023. 
  9. Bleichmar, Daniela (2012). Visual Voyages: Images of Latin American Nature from Columbus to Darwin. Yale University Press. পৃষ্ঠা. 12. 
  10. Norton, Marcy (2013). "Going to the Birds: Animals as things and beings in early modernity". In Findlen, Paula. Early Modern Things. প্ৰকাশক Abingdon: Routledge. পৃষ্ঠা. 56.