ট্ৰাছিং বেজী হৈছে ২০ ছেমি দীঘল আৰু ৩ মিমি ব্যাসৰ এটা বেজী, যিটো পোহনীয়া চৰাইৰ মাংস যেনে হাঁহ, কুকুৰা আৰু টাৰ্কিৰ মাংস ৰান্ধিবলৈ মাংস চিলাবলৈ ব্যবহাৰ কৰা হয়৷[1] এইটো এইকাৰণেই কৰা হয়, যাতে মাংসখিনি ভালকৈ ধৰি সেকিব পৰা যায় আৰু ইয়াৰ আকাৰ ঠিকে থাকে৷[2] ট্ৰাছিং বেজীৰে পৰম্পৰাগত পোহনীয়া হাঁহ, কুকুৰা বা টাৰ্কিৰ মাংস চিলাই কৰাৰ উপৰি শেন আদি চিকাৰীৰ মাংসও চিলাবলৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি৷[3] বেজী নোহোৱাকৈয়ো চৰাইৰ মাংস চিলাব পাৰি৷ কিন্তু হাঁহ, কুকুৰা বা টাৰ্কিৰ মাংস ট্ৰাছিং কৰাৰ বহুত লাভ আছে৷ ট্ৰাছিং বেজী ব্যৱহাৰ নকৰিলে মাংসখিনি সমভাবে সেকিব পৰা নাযায়, কাৰণ চৌকাৰ তাপত চৰাইৰ বুকু অংশহে মেৰ খাই থাকে আৰু ভালকৈ সিজে, চৰাইটোৰ ফিছা আৰু ঠেং ভালদৰে মেৰ খাই নাথাকে৷[4] ট্ৰাছিং কৰাৰ বহুত পদ্ধতি আছে, ই নিৰ্ভৰ কৰে চৰাইৰ ধৰণ আৰু ব্যঞ্জনৰ ওপৰত৷ তেনে এটা ট্ৰাছিং পদ্ধতি হ’ল পৰম্পৰাগত ট্ৰাছিং পদ্ধতি, য’ত কিচ্ছেন ষ্ট্ৰীং ব্যৱহাৰ কৰা হয়৷ এই কৌশলত ঠেঙৰ ভাঁজটো সামৰি আনি গোটেই গাটো মেৰাই দিয়া হয় য’ত বহুত লম্বা বেজী এটাত সূতা ভৰাই সেই বেজীৰে সহজভাবে চৰাইৰ নেজ আৰু কাষবোৰ তিনিটা গাঁঠিৰে ভালকৈ বন্ধা হয়৷[5]

বাওঁফালে ট্ৰাছিং নকৰা কুকুৰা আৰু সোঁফালে সেকিবলৈ ট্ৰাছিং কৰা কুকুৰাৰ মাংস
ট্ৰাছিং বেজী

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. Cunningham, Marion (2008). The Fannie Farmer Cookbook. Alfred A. Knopf. পৃষ্ঠা. 30. ISBN 0679450815. https://archive.org/details/fanniefarmercook1996cunn/page/30. 
  2. Pepin, Jaques. La Technique: An Illustrated Guide to the Fundamental Techniques of Cooking. Pocket. পৃষ্ঠা. 218. ISBN 067179020X. 
  3. "Trussing Needle". AllMyChefs.com. Archived from the original on 12 April 2018. https://web.archive.org/web/20180412082021/https://www.allmychefs.com/utensils/trussing-needle_969। আহৰণ কৰা হৈছে: 26 February 2018. 
  4. "How To: Trussing". Perdue.com. https://www.perdue.com/how-to/trussing/। আহৰণ কৰা হৈছে: 26 February 2018. 
  5. "How To Truss A Turkey". D’Artagnan. http://www.dartagnan.com/how-to-truss-a-turkey.html/। আহৰণ কৰা হৈছে: 26 February 2018.